অসম

assam

ETV Bharat / sports

টেষ্ট শৃংখলাত পৰাস্ত; পইণ্ট তালিকাত শীৰ্ষস্থান হেৰুৱালে ভাৰতে - INDIA WTC RANKINGS

India wtc stadings after nz series: নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত পৰাজিত হোৱাৰ ফল ৷ পইণ্ট তালিকাত অৱনমিত ভাৰত ৷

INDIA WTC RANKINGS
টীম ইণ্ডিয়াৰ সদস্যসকল (ANI Photo)

By ETV Bharat Sports Team

Published : Nov 4, 2024, 2:02 PM IST

স্প’ৰ্টছ ডেস্ক: তিনিখন মেচৰ টেষ্ট শৃংখলাত নিউজিলেণ্ডৰ হাতত ক্লীন ছুইপ ভাৰত ৷ 3-0 ব্যৱধানত কিৱি বাহিনীয়ে পৰাজিত কৰে ভাৰতক ৷ ইয়াৰ লগে লগে ভাৰতৰ এই পৰাজয়ৰ প্ৰভাৱ পৰে অনুৰাগীসকলৰ লগতে ডব্লিউ টি চি পইণ্ট তালিকাত ৷

টীম ইণ্ডিয়াই 2023-25 বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) ত সন্মুখীন হৈছে এক বৃহৎ বিফলতাৰ । পূৰ্বে এই তালিকাৰ শীৰ্ষস্থানত থকা ভাৰতে টেষ্ট শৃংখলাত পৰাজয়ৰ পিছতে হেৰুৱাবলগীয়া হৈছে নিজৰ স্থান ৷

ডব্লিউ টি চি পইণ্ট তালিকাত ভাৰতে হেৰুৱালে শীৰ্ষস্থান

পূৰ্বে ডব্লিউ টি চি পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছিল টীম ইণ্ডিয়া । কিন্তু মুম্বাই টেষ্টত 25 ৰাণত দলটোৱে কিৱি বাহিনীৰ হাতত পৰাজয়বৰণ কৰাৰ পিছত হেৰুৱাই এই স্থান ৷ সম্প্ৰতি তালিকাৰ দ্বিতীয় স্থানলৈ অৱনমিত হৈছে ভাৰত ৷ ভাৰতীয় দলৰ হাতত আছে 98 পইণ্ট আৰু ইয়াৰ পি টি চি হৈছে 58.33 ।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ পইণ্ট তালিকা (Screenshot of ICC website)

আনহাতে, বৰ্তমান সময়ত তালিকাৰ শীৰ্ষস্থান দখল কৰিছে অষ্ট্ৰেলিয়াই ৷ অষ্ট্ৰেলিয়াই 90 পইণ্ট আৰু 62.50 পি টি চিৰ সৈতে তালিকাৰ শীৰ্ষস্থান দখল কৰিছে ৷

নিউজিলেণ্ডৰ স্থান উন্নীত

ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত লাভ কৰা বিজয়ৰ পিছত ডব্লিউ টি চি পইণ্ট তালিকাত কেইবাটাও স্থান উন্নীত হৈছে নিউজিলেণ্ডৰ ৷ তালিকাৰ চতুৰ্থ স্থানত উপনীত হোৱা দলটোৱে লাভ কৰিছে 42 পইণ্ট আৰু তেওঁলোকৰ পি টি চি হৈছে 54.55 ।

উল্লেখ্যযোগ্য যে, শ্ৰীলংকা আছে তালিকাৰ তিনি নম্বৰ স্থানত ৷ তদুপৰি দক্ষিণ আফ্ৰিকা এই তালিকাৰ পঞ্চম স্থানত, ষষ্ঠ স্থানত ইংলেণ্ড আৰু পাকিস্তান আছে সপ্তম স্থানত ৷ পইণ্ট তালিকাৰ অন্তিম দুটা দল হৈছে বাংলাদেশ আৰু ৱেষ্ট ইণ্ডিজ ।

লগতে পঢ়ক:নিউজিলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়ৰ পিছতে অৱসৰ ঘোষণা ভাৰতীয় ক্ৰিকেটাৰৰ

ABOUT THE AUTHOR

...view details