স্পৰ্টছ ডেস্ক,২৬ ফেব্ৰুৱাৰী :বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত দেওবাৰে ৱমেনছ প্ৰিমিয়াৰ লীগ (ডব্লিউপিএল) ২০২৪ৰ তৃতীয় খন খেল অনুষ্ঠিত হয় । খেলখনত গুজৰাট জায়েন্টছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছে ৫ উইকেটত জয়লাভ কৰে । মুম্বাই ইণ্ডিয়ানছৰ হৈ এমেলিয়া কেৰে ১৭ ৰাণত ৪ টা উইকেট আৰু বেটিঙেৰেও ৩১ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ লগতে বলাৰ শ্ববনিম ইছমাইলৰ (৩-১৮) আকৰ্ষণীয় বলিঙৰ বাবে মুম্বাই ইণ্ডিয়ানছে গুজৰাট জায়েন্টছক পৰাস্ত কৰিবলৈ সক্ষম হয় ।
টছত জয়ী হৈ প্ৰথমে বলিং কৰি মুম্বাই দলটোৱে প্ৰথম অভাৰতে সফলতা লাভ কৰে, শ্ববনিম ইছমাইলে অভিজ্ঞ বেদা কৃষ্ণমূৰ্তিক আৰম্ভণি অভাৰৰ চতুৰ্থ বলতে আউট কৰি পেভিলিয়নলৈ পঠিয়ায় । গুজৰাট জায়েন্টছ দলটোৱে এটাৰ পিচত এটা উইকেট হেৰুৱাই থাকিল । যাৰ বাবে ২০ অভাৰত মাত্ৰ ১২৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । গুজৰাটৰ হৈ তনুজা কানৱাৰে ২৮, কেথৰিন ব্ৰাইছে ২৫ নট আউট আৰু অধিনায়ক বেথ মুনিয়ে ২৪ ৰাণ সংগ্ৰহ কৰে । মুম্বাইৰ বলাৰ কেৰে এশ্লে গাৰ্ডেনাৰৰ উইকেট লয় যিয়ে ১৯ ৰাণ সংগ্ৰহ কৰিছিল ।