স্পৰ্টছ ডেস্ক, 23 জানুৱাৰী : 23 ফেব্ৰুৱাৰীৰ পৰা মহিলা প্ৰিমিয়াৰ লীগ চমুকৈ ডব্লিউ পি এলৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হ’ব ৷ বি চি চি আয়ে মহিলা প্ৰিমিয়াৰ লীগ 2024 ৰ সময়সূচী প্ৰকাশ কৰিছে । এইবাৰ ডব্লিউ পি এল 23 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চলৈ খেলা অনুষ্ঠিত হ'ব । 2023 চনৰ দৰে এইবাৰো পাঁচটা দলে মহিলা প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰিব আৰু মুঠ 22 খন মেচ অনুষ্ঠিত হ'ব ।
প্ৰথম 11 খন মেচ বেংগালুৰুত খেলাৰ পিছত, বাকী সকলো মেচ দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । এই 24 দিনীয়া টুৰ্ণামেণ্টত এটাও ডাবলহেডাৰ মেচ নাই, প্ৰতিদিনে মাত্ৰ এখনকৈ মেচ অনুষ্ঠিত হ'ব । ছেমি ফাইনেলখন 15 মাৰ্চত আৰু ফাইনেল খন 17 মাৰ্চত অনুষ্ঠিত হ'ব। ইফালে প্ৰথমটো চিজনত মুম্বাই ইণ্ডিয়ানছে খিতাপ দখল কৰিছিল ৷
উল্লেখ্য যে, পূৰ্বৰ দৰে ৰয়েল চেলেঞ্জাৰ বেংগালুৰু, ইউ পি ৱাৰিয়াৰ্জ, দিল্লী কেপিটেল, গুজৰাট জায়ান্টচ আৰু মুম্বাই ইণ্ডিয়ানছে অংশগ্ৰহণ কৰিব ৷ বি চি চি আইৰ সূচী অনুসৰি, প্ৰথমখন মেচ 23 ফেব্ৰুৱাৰীত মুম্বাই ইণ্ডিয়ানছ বনাম দিল্লী কেপিটেল, 24 ফেব্ৰুৱাৰীত দ্বিতীয়খন মেচ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বনাম ইউ পি ৱাৰিয়াৰ্জ, 25 ফেব্ৰুৱাৰীত তৃতীয়খন গুজৰাট জায়ান্টছ বনাম মুম্বাই ইণ্ডিয়ানছ, 26 ফেব্ৰুৱাৰীত চতুৰ্থখন মেচ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বনাম গুজৰাট জায়ান্টছৰ মাজত অনুষ্ঠিত হ’ব ৷
আনহাতে, মহিলা প্ৰিমিয়াৰ লীগ 2024 নিলামত মুঠ 165 জন খেলুৱৈ অন্তৰ্ভুক্ত কৰা হৈছিল ৷ যাৰ ভিতৰত আছিল 104 গৰাকী ভাৰতীয় মহিলা খেলুৱৈ আৰু প্ৰায় 61 জন বিদেশী খেলুৱৈ ৷ কিন্তু তেওঁলোকৰ পৰা মাত্ৰ 30 জন খেলুৱৈ বাছনি কৰা হৈছিল।
লগতে পঢ়ক :22 মাৰ্চৰ পৰা আইপিএল আৰম্ভৰ সম্ভাৱনা; চলিব 26 মে'লৈ