স্পৰ্টছ ডেস্ক,২১ জুলাই :মহিলা এছিয়া কাপ ২০২৪ৰ পঞ্চম খন খেলত ২১ জুলাইত অৰ্থাৎ দেওবাৰে ভাৰতীয় মহিলা ক্ৰিকেট দল আৰু সংযুক্ত আৰব আমিৰশ্বাহী (ইউএই)ৰ মাজত সংঘৰ্ষ হ'ব । ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২ বজাৰ পৰা শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত এই খেলখন অনুষ্ঠিত হ'ব । এই খেলখনত ভাৰতীয় দলক হৰমনপ্ৰীত কৌৰ আৰু ঈশা ওঝাই ইউএই দলক নেতৃত্ব দিব । খেলখন ষ্টাৰ স্পৰ্টছ নেটৱৰ্কত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব আৰু জিঅ' চিনেমাত লাইভ ষ্ট্ৰীমিং কৰা হ'ব ।
শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ পিটছ বেটছমেনসকলৰ বাবে সহায়ক । কিন্তু এই পিটছত নতুন বলৰ সৈতে ফাষ্ট বলাৰসকলেও সুবিধা ল'ব পাৰে । পিটছত অসমান বাউন্সৰ বাবে বলাৰসকলৰ সহায়ক হ’ব । ইয়াৰ উপৰিও বলটো পুৰণি হোৱাৰ পিচত স্পিনাৰসকলৰ সুবিধা হয় । যদি ভাৰতে প্ৰথমে বেটিং কৰে তেন্তে ১৪০-১৫০ স্ক'ৰ কৰিব পাৰিব ।
এতিয়ালৈকে ভাৰতৰ মহিলা ক্ৰিকেট দল আৰু ইউএই মহিলা ক্ৰিকেট দলৰ মাজত মাত্ৰ এখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছে । য'ত ভাৰতে ইউএইক পৰাজিত কৰিছে । এনে পৰিস্থিতিত ভাৰত শক্তিশালী স্থিতিত আছে ।
স্মৃতি মন্ধানাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব । মন্ধানাই পাকিস্তানৰ বিৰুদ্ধে ৪৫ ৰাণ সংগ্ৰহ কৰিছিল । তেওঁ যোৱা ১০ খন টি-২০ খেলত ২৯০ ৰাণ সংগ্ৰহ কৰিছে । তেওঁৰ উপৰিও হৰমনপ্ৰীত কৌৰ, শ্বেফালী বাৰ্মায়ো দলটোৰ হৈ বেটেৰে অৱদান আগবঢ়াব পাৰে । একেদৰে পূজা বস্ত্ৰকাৰ আৰু দীপ্তি শৰ্মাই বলিং গোটক নেতৃত্ব দিব । শ্ৰেয়াংকা পাটিলেও বিপক্ষক সমস্যাত পেলাব পাৰে ।