স্প’ৰ্টছ ডেস্ক: আজৱ দুনীয়া, আজৱ খবৰ ৷ অৱশ্যে এই ঘটনা সমগ্ৰ বিশ্বত পোনপ্ৰথমবাৰৰ বাবে সংঘটিত হোৱা নাই ৷ ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনা বহুবাৰ সংঘটিত হোৱা দেখা গৈছে ৷
এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ পুত্ৰই লিংগ সলনি কৰি যুৱতীলৈ ৰূপান্তৰিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ পিতৃৰ সমান্তৰালকৈ পুত্ৰয়ো দীৰ্ঘদিনৰে পৰা ক্ৰিকেট খেলি আহিছে ৷ পিছে ক্ৰিকেটাৰগৰাকীৰ পুত্ৰৰ কাণ্ডই সমগ্ৰ ইণ্টাৰনেটতে সৃষ্টি কৰিছে ধুমুহা ৷
ক’ব বিচাৰিছো প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সঞ্জয় বাংগাৰৰ পুত্ৰ আৰিয়ানৰ কথা ৷ বাংগাৰৰ পুত্ৰই শেহতীয়াকৈ হৰম’ন সলনি কৰিবলৈ সম্পন্ন কৰিছে অস্ত্ৰোপচাৰ ৷ এই অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ 10 মাহ পিছত তেওঁ নাম সলনি কৰি আনায়ালৈ ৰূপান্তৰিত হৈছে ৷ তদুপৰি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এটা ৰীলছ ৷
সঞ্জয় বাংগাৰৰ পুত্ৰ যুৱতীলৈ ৰূপান্তৰ
ইনষ্টাগ্ৰাম পোষ্টটোৰ কেপচনত লিখা হৈছে এনেদৰে, "পেছাদাৰীভাৱে ক্ৰিকেট খেলাৰ মোৰ সপোন পূৰণ কৰাটো ত্যাগ, অধ্যৱসায় আৰু অটল নিষ্ঠাৰে ভৰা এক যাত্ৰা । পুৱা খেলপথাৰলৈ ওলাই যোৱাৰ পৰা আনৰ সন্দেহ আৰু সিদ্ধান্তৰ সন্মুখীন হোৱালৈকে, প্ৰতিটো পদক্ষেপতে শক্তিৰ প্ৰয়োজন আছিল" ৷
"কিন্তু খেলৰ বাহিৰেও, মোৰ আন এক যাত্ৰা আছিল । নিজক বিচৰাৰ এক পথ আৰু বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা । মোৰ প্ৰকৃত আত্মাক আঁকোৱালি লোৱাৰ অৰ্থ হৈছে কঠিন সংগ্ৰামক বাছনি কৰা, ফিট হোৱাৰ আৰাম এৰি দিয়া আৰু মই কোন সেইটো পক্ষত থিয় দিয়া, আনকি ই সহজ নহ'লেও" ৷
লিংগ সলনিৰে আৰিয়ান হ’ল আনায়া