অসম

assam

ETV Bharat / sports

অৱশেষত নীৰৱতা ভংগ বিনোদ কাম্বলীৰ; প্ৰকাশ কৰিলে শচীন তেণ্ডুলকাৰৰ বহু কথা - VINOD KAMBLI ON SACHIN TENDULKAR

Vinod Kambli Interview: নীৰৱতা ভংগ কৰি বন্ধু শচীন তেণ্ডুলকাৰৰ সন্দৰ্ভত পূৰ্বে নোকোৱা বহু কথাই প্ৰকাশ কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীয়ে ৷

VINOD KAMBLI ON SACHIN TENDULKAR
বিনোদ কাম্বলী আৰু শচীন তেণ্ডুলকাৰ (AFP Photo)

By ETV Bharat Sports Team

Published : Dec 13, 2024, 7:52 PM IST

স্প’ৰ্টছ ডেস্ক: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বাওঁহতীয়া বেটছমেন বিনোদ কাম্বলীয়ে এক ইউ টিউব চেনেলত দিয়া সাক্ষাৎকাৰৰ সময়ত তেওঁৰ বন্ধু তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ সন্দৰ্ভত বহু কথাই প্ৰকাশ কৰে ৷

বিশেষকৈ দুয়োগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ মাজৰ সম্পৰ্ক কেনেধৰণৰ, সেই সন্দৰ্ভত মুখ খুলিছিল কাম্বলীয়ে ৷ এই সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল বিখ্যাত ইউ টিউবাৰ তথা এংকৰ বিক্কী লালৱানীয়ে ৷

ৰোগ সন্দৰ্ভত বিনোদ কাম্বলী

সামাজিক মাধ্যমত প্ৰকাশিত কেইবাটাও ভিডিঅ’ত দেখা গৈছে যে, প্ৰাক্তন ক্ৰিকেটাৰজনে নিজ ভৰিৰ ওপৰত থিয় হ'বলৈ অক্ষম ৷ ইয়াকে দেখি বহুলোকে কাম্বলীয়ে সুৰাৰ নিচাত ডুবি থকা বুলি মন্তব্য কৰিছিল ৷ কিন্তু প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে সাক্ষাৎকাৰটোত স্পষ্ট কৰি দিছিল যে, তেওঁ বিগত কিছুদিনৰে পৰা স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ আহিছে ।

শেহতীয়াকৈ ইণ্টাৰনেটত এটা ভিডিঅ' পোহৰলৈ আহিছে, য'ত বিনোদ কাম্বলীক এটা অনুষ্ঠানত শচীন তেণ্ডুলকাৰৰ সৈতে দেখা গৈছিল ৷ এই অনুষ্ঠানটোত বিনোদ কাম্বলী কোনোমতে থিয় হ'বলৈ সক্ষম হৈছিল আৰু কথা কোৱাৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছিল ।

নিজৰ স্বাস্থ্যৰ স্থিতি সন্দৰ্ভত বিনোদ কাম্বলীয়ে কয় যে, ক্ৰিকেটাৰগৰাকীৰ প্ৰস্ৰাৱ সম্পৰ্কীয় কিছুমান সমস্যা আছে । প্ৰায় এমাহ পূৰ্বে ক্ৰিকেটাৰগৰাকীৰ এই সমস্যাই অধিক গুৰুতৰ ৰূপ ধাৰণ কৰে আৰু তেওঁ আকস্মিকভাৱে মাটিত বাগৰি পৰে ৷ পিতৃ তথা স্বামীক বাগৰি পৰা দেখি সহায়ৰ বাবে পুত্ৰ-কন্যা আৰু পত্নী এণ্ড্ৰিয়া কাম্বলী আগুৱাই আহে আৰু তেওঁক ধৰি মাটিৰ পৰা উঠাই দিয়ে ৷

শচীন তেণ্ডুলকাৰৰ সৈতে বিনোদ কাম্বলীৰ সম্পৰ্ক

শৈশৱৰ বন্ধু শচীন তেণ্ডুলকাৰৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে সাক্ষাৎকাৰটোত সোধাত বিনোদ কাম্বলীয়ে কয়, "আমি সৰুৰে পৰা বন্ধু হৈ আছো । মই শচীন তেণ্ডুলকাৰক সফলতাৰ শিখৰত উপনীত হোৱা দেখিছো ৷ শচীনে 2009 চনত ক্ৰিকেটাৰগৰাকীৰ কঠিন সময়ত সহায়ৰ হাত আগবঢ়াইছিল ৷ বিশেষকৈ 2013 চনত লীলাৱতী চিকিৎসালয়ত প্ৰাক্তন ক্ৰিকেটাৰগৰাকী অস্ত্ৰোপচাৰৰ সময়তো আৰ্থিকভাৱে যথেষ্ট সহায় কৰিছিল শচীনে ।

কাম্বলীয়ে কৈছিল, "শচীন তেণ্ডুলকাৰে 2013 চনত মোৰ অস্ত্ৰোপচাৰৰ বিল পৰিশোধ কৰাকে ধৰি মোৰ বাবে সকলো কৰিছিল । শচীন আৰু আন বহুতৰ দৰে মোৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সমৰ্থনৰ বাবে মই চিৰকৃতজ্ঞ"।

সুৰাৰ আসক্তিৰ সন্দৰ্ভত কাম্বলী

সুৰাৰ প্ৰতি থকা প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ আসক্তিৰ বিষয়ে সোধোতে বিনোদ কাম্বলীয়ে কৈছিল যে, তেওঁ বিগত 6 মাহ ধৰি ধূমপান আৰু সুৰাপানৰ পৰা বিৰত আছে ৷ প্ৰকৃততে সন্তানৰ বাবে কিবা এটা কৰিব বিচাৰি কাম্বলীয়ে সুৰাপান আৰু ধূমপানৰ অভ্যাস ত্যাগ কৰিছিল ।

বিনোদ কাম্বলীৰ ক্ৰিকেট কেৰিয়াৰ

বিনোদ কাম্বলীয়ে ভাৰতৰ হৈ 17 খন টেষ্ট মেচ খেলি দুটা দ্বি-শতকৰ সৈতে সংগ্ৰহ কৰিছে মুঠ 1,084 ৰাণ ৷ তেওঁ 1991 চনত উইলছ শ্বাৰজাহ ট্ৰফীৰ সময়ত পাকিস্তানৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ হৈ এদিনীয়া খেলত আত্মপ্ৰকাশ কৰিছিল । এদিনীয়া ফৰ্মেটত খেলুৱৈগৰাকীয়ে দুটা শতক আৰু 14 টা অৰ্ধশতকৰ সৈতে 104 খন মেচত অংশগ্ৰহণ কৰি মুঠ 2,477 ৰাণ সংগ্ৰহ কৰিছিল ।

লগতে পঢ়ক:গাব্বা টেষ্টত ধাৰাসাৰ বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details