স্প’ৰ্টছ ডেস্ক, 27 আগষ্ট: ভাৰতৰ টেনিছ তাৰকা সুমিত নাগালে প্ৰথম ৰাউণ্ডত নেদাৰলেণ্ডৰ টালন গ্ৰিক্সপুৰৰ হাতত পৰাস্ত হোৱাৰ পিছত চলিত ইউ এছ অপেনৰ পৰা বাহিৰ হয় । বৰ্তমান এ টি পি ৰেংকিঙত 73 তম স্থানত থকা নাগালে 6-1, 6-3, 7-6 ৰ পোনপটীয়া ছেটত 40 তম স্থানপ্ৰাপ্ত খেলুৱৈগৰাকীৰ বিৰুদ্ধে পৰাস্ত হয় ।
ইউ এছ অপেনৰ পৰা বাহিৰ সুমিত নাগাল
খেলখনৰআৰম্ভণিৰ পৰাই ডাচ্চ খেলুৱৈগৰাকীয়ে উন্নত প্ৰদৰ্শনৰে সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰে ৷ নাগালৰ চাৰ্ভ কেইবাবাৰো ধ্বংস কৰি টালনে প্ৰথমটো ছেটত 6-1 ত জয়ী হয় ৷
নাগালে তৃতীয় ছেটত প্ৰত্যাৱৰ্তন ঘটাই আৰু সাত পইণ্টৰ টাই-ব্ৰেকাৰত দুটা ছেট পইণ্ট দখল কৰে, যাৰ ফলত দ্বিতীয়টো ছেটত ভাৰতীয় খেলুৱৈগৰাকী জয়ী হয় আৰু প্ৰতিযোগিতাত বৰ্তি থাকে । অৱশ্যে, তৃতীয়টো তথা নিৰ্ণায়ক ছেটটোত ডাচ্চ খেলুৱৈগৰাকীয়ে কৌশলগতভাৱে খেলখন নিজৰ হাতলৈ আনি প্ৰতিযোগিতাত জয় লাভ কৰে ৷