স্প’ৰ্টছ ডেস্ক, 1 ছেপ্টেম্বৰ:প্ৰবীণ ভাৰতীয় টেনিছ তাৰকা ৰোহন বোপান্নাই ইণ্ডোনেছিয়াৰ আলদিলা চুটজাদীৰ সৈতে যুটী বান্ধি দেওবাৰে প্ৰৱেশ কৰিছে ইউ এছ অপেন 2024 ৰ মিক্সড ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত ৷ যুটীটোৱে জন পিয়ৰ্চ আৰু কেটৰিনা চিনিয়াকোভাক 0-6, 7-6(5), 10-7 ছেটত পৰাস্ত কৰে ৷
বোপান্না আৰু চুটজাদীয়ে প্ৰথমটো ৰাউণ্ডত বিপক্ষৰ হাতত 0-6 ছেটত পৰাজিত হৈছিল । অৱশ্যে, দ্বিতীয় ছেটত ভাৰত-ইণ্ডোনেছিয়াৰ যুটীটোৱে শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাই খেলখন নিজৰ হাতলৈ আনে ৷ বোপান্না আৰু চুটজাদীয়ে টাই-ব্ৰেকাৰত জয় লাভ কৰি দ্বিতীয় ছেটটো দখল কৰে । দুয়োটা যুটীয়ে এটাকৈ ছেট জয় কৰাৰ পিছত তৃতীয় তথা নিৰ্ণায়ক ছেটটো বোপান্না-চুটজাদীয়ে 10-7 ব্যৱধানত দখল কৰি মেচখনত জয়লাভ কৰে ৷
বোপান্নাই জয়ৰ ধাৰা অব্যাহত ৰাখি মেথিউ এবডেনৰ সৈতে পুৰুষৰ দ্বৈত মেচখনত স্থান নিশ্চিত কৰে । অষ্ট্ৰেলিয়াৰ টেনিছ খেলুৱৈগৰাকীয়ে 3 ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া মেচখনত চেক গণৰাজ্যৰ বাৰবোৰা ক্ৰেজিকোভাৰ সৈতে যুটী বান্ধিব ৷ বোপান্নাই এবডেনৰ সৈতে পুৰুষৰ ডাবলছত প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ।