স্প’ৰ্টছ ডেস্ক:তিনিখন এদিনীয়া মেচৰ শৃংখলাৰে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিবলৈ সাজু হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দল ৷ আগন্তুক ভ্ৰমণসূচীৰ বাবে ইতিমধ্যে বি চি চি আইয়ে 19 নৱেম্বৰত ঘোষণা কৰিছিল ভাৰতীয় দলটো ৷
ক্ৰিকেটপ্ৰেমীসকলৰ লগতে অসমবাসীৰ বাবে আছে এক সুখবৰ ৷ এই দলটোত স্থান লাভ কৰিছে অসমৰ সন্তান উমা ছেত্ৰীয়ে ৷
অধিনায়ক হৰমনপ্ৰীত কৌৰৰ সৈতে অসমৰ উমা ছেত্ৰী (IANS Photo) 22 বছৰীয়া উইকেটৰক্ষক ছেত্ৰীয়ে চলিত বৰ্ষৰ জুলাইত ভাৰতৰ ৰাষ্ট্ৰীয় দলত অভিষেক ঘটাইছিল ৷ বৰ্তমানলৈকে খেলুৱৈগৰাকীয়ে দেশৰ হৈ চাৰিখন টি-20 খেলত অংশগ্ৰহণ কৰিছে ৷ তদুপৰি অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিবলগীয়া মহিলা ক্ৰিকেটৰ দলটোত স্থান লাভ কৰিছে ৷
ছেত্ৰীক বাওঁহতীয়া বেটছমেন যষ্টিকা ভাটিয়াৰ পৰিৱৰ্তে দলত স্থান দিয়া হৈছে ৷ কান্ধৰ আঘাতৰ বাবে ভাটিয়াক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া আগন্তুক তিনিখন এদিনীয়া মেচৰ শৃংখলাটোৰ পৰা বাদ দিয়া হ’ব ৷
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ এক বিবৃতিত সদৰী কৰা অনুসৰি, বি চি চি আইৰ চিকিৎসা দলে যষ্টিকাক সুস্থ কৰি তোলাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে ৷
আনহাতে, এক গুৰুত্বপূৰ্ণ কথা এয়ে যে অষ্ট্ৰেলিয়ালৈ যাবলগীয়া ভাৰতীয় দলটোৰ পৰা বাদ দিয়া হৈছে শ্বেফালী বাৰ্মাক ৷ ইয়াৰ লগতে শ্ৰেয়ংকা পাটিল, স্পিন বলিং অলৰাউণ্ডাৰ হেমলতা আৰু আনকেপড ছিমাৰ ছায়ালী সাতঘাৰেও দলৰ পৰা বাদ পৰিছে ।
যোৱা বছৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলটোৱে অংশগ্ৰহণ কৰিছিল এদিনীয়া শৃংখলাত ৷ যিটো শৃংখলা দখল কৰিছিল অষ্ট্ৰেলিয়াই ৷
তিনিখন মেচৰে অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী এদিনীয়া শৃংখলাটো 5 ডিচেম্বৰৰ পৰা ব্ৰীছবেনৰ এলান বৰ্ডাৰ ফিল্ডত অনুষ্ঠিত হ'ব ৷ শৃংখলাৰ বাকী দুখন খেল ক্ৰমে 8 আৰু 11 ডিচেম্বৰত অনুষ্ঠিত হ’ব ৷ এই শৃংখলাটো আই চি চি মহিলা চেম্পিয়নশ্বিপৰে এটা অংশ ।
লগতে পঢ়ক:নিউজিলেণ্ডৰ বিৰুদ্ধে ঘোষণা কৰা এদিনীয়া দলত স্থান লাভ উমা ছেত্ৰীৰ