সমগ্ৰ বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে পেৰিছ অলিম্পিকলৈ । ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া অলিম্পিকৰ বাবে লাখ লাখ লোক ফ্ৰান্সলৈ ৰাওনা হ’ব । কিন্তু এই উৎসাহত স্বাস্থ্যক আওকাণ নকৰিব । বিশ্ব স্বাস্থ্য সংস্থা (WHO), ফ্ৰান্সৰ স্বাস্থ্য মন্ত্ৰণালয় আৰু অন্যান্য স্বাস্থ্য সংস্থাই অলিম্পিকত অংশগ্ৰহণ কৰা দৰ্শকৰ বাবে এক গুৰুত্বপূৰ্ণ স্বাস্থ্য পৰামৰ্শ জাৰি কৰিছে ।
ফ্ৰান্সৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে, অলিম্পিক গেমছত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে ক্ৰীড়াৰ মূল্যবোধৰ ভাগ-বতৰা আৰু একেলগে ইয়াক উদযাপন কৰিবলৈ আহে । আমি বিচাৰো সকলোৱে সুৰক্ষিত আৰু সুস্থ হৈ থাকক । WHO আৰু ECDCৰ সৈতে মিলি আমি কিছুমান সহজ নিয়ম মানি চলিবলৈ পৰামৰ্শ দিছো । এই পৰামৰ্শত টীকাকৰণৰ পৰা আৰম্ভ কৰি মহৰ দ্বাৰা সংক্ৰমিত ৰোগলৈকে বহু বিষয় সামৰি লোৱা হৈছে ।
প্ৰয়োজনীয় ভেকচিন গ্ৰহণ কৰক
পৰামৰ্শ অনুসৰি ভ্ৰমণৰ পূৰ্বে আপোনাৰ মিজিলছ ভেকচিন গ্ৰহণ কৰক । মিজিলছ ভেকচিনৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক । ইউৰোপকে ধৰি বিশ্বৰ বহু ঠাইত মিজিলছ ৰোগী বৃদ্ধি পাইছে । যদি আপোনাৰ মিজিলছ হোৱা নাই বা সম্পূৰ্ণ টীকা লোৱা নাই তেন্তে ভ্ৰমণৰ কমেও দুসপ্তাহ আগতে এম এম আৰ ভেকচিন গ্ৰহণ কৰক ।
শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ পৰা সাৱধান
Coronaৰ পিছত শ্বাস-প্ৰশ্বাসজনিত ৰোগ তেনেই সাধাৰণ হৈ পৰিছে । বৃহৎ জনসমাগমত এই সংক্ৰমণৰ আশংকা বৃদ্ধি পায় । কাহ, জ্বৰ বা ডিঙিৰ বিষ হ’লে ঘৰতে থাকক । বাহিৰলৈ ওলাই যাওঁতে মাস্ক পৰিধান কৰাটো প্ৰয়োজনীয় ।