যোৰহাট : পানীৰ পাছত মানুহে সুষম আহাৰ হিচাপে ব্যৱহাৰ কৰা চাউলত ওলাইছে ভয়ংকৰ আৰ্ছেনিক 3 । অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ সমীৰণ দত্তৰ পৃষ্ঠপোষকতাত চলোৱা গৱেষণাত ওলাইছে এই ভয়াৱহ তথ্য ।
মানৱ শৰীৰৰ বাবে অতিকৈ ক্ষতিকাৰক হৈছে আৰ্ছেনিক । যোৰহাটৰ তিতাবৰত উৎপাদিত চাউলত ধৰা পৰিছে এই আৰ্ছেনিক । তিতাবৰৰ ভূগৰ্ভস্থ পানীত ভয়াৱহ ৰূপত আৰ্ছেনিক থকাৰ সমান্তৰালভাৱে চাউলতো কম-বেছি পৰিমাণে আৰ্ছেনিকৰ উপস্থিতিৰ তথ্য অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণাত ধৰা পৰাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
ধানত ওলাইছে আৰ্ছেনিক
অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ সমীৰণ দত্তৰ পৃষ্ঠপোষকতাত বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীৰ এটা গোটে এই গৱেষণা চলাইছিল । অধ্যাপক সমীৰণ দত্তই জানিবলৈ দিয়া মতে, "তিতাবৰ বছাগাঁও, নাঙল গাঁও, লেহেং, বেবেজিয়াৰ বিভিন্ন অঞ্চলত চলোৱা গৱেষণাত এই তথ্য ওলাইছে । প্ৰতি কেজি চাউলত 0.৫ ৰ পৰা 0 .৮ মিলিগ্ৰাম আৰ্ছেনিক ধৰা পৰিছে । অৱশ্যে বৰ্তমান এই আৰ্ছেনিকৰ মাত্ৰাৰ বাবে ভয়ৰ কোনো কাৰণ নাই । কাৰণ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া মাত্ৰা অনুযায়ী প্ৰতিকেজি চাউলত ১ মিলিগ্ৰামৰ ওপৰত আৰ্ছেনিক ধৰা পৰিলে সেয়া বিপজ্জনক । সেয়ে এতিয়াও ইয়াৰ বাবে চিন্তাৰ কোনো কাৰণ নাই । অৱশ্যে ইয়াৰ মাত্ৰা বৃদ্ধি পাই যাব পাৰে । কিন্তু বৰ্তমান ইয়াক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই ।"
শৰীৰত আৰ্ছেনিকৰ প্ৰভাৱ কি
এই সন্দৰ্ভত ডঃ সমীৰণ দত্তই কয়, "ভাত আৰু পানী জৰিয়তে এই বিষাক্ত আৰ্ছেনিক শৰীৰত প্ৰৱেশ কৰা ফলত দেহৰ বিভিন্ন অংগ যেনে কিডনী, লিভাৰৰ ক্ষতিসাধন কৰা লগতে মাৰাত্মক কেন্সাৰতো আক্ৰান্ত হ'ব পাৰে ।"
উল্লেখ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ এম এছ চি পাঠ্যক্ৰমৰ দুবছৰীয়া গৱেষণাৰ অন্তত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ।

অধ্যাপক সমীৰণ দত্তই লগতে কয়, "পশ্চিমবংগৰ ধানতো আৰ্ছেনিক পোৱা গৈছিল আৰু বিভিন্ন সজাগতা, বিশেষ পদ্ধতিৰ জৰিয়তে ইয়াক নিৰাময় কৰা হৈছে । একে পন্থা গ্ৰহণ কৰি আমি ধানৰ পৰা আৰ্ছেনিক মুক্ত কৰিব পাৰোঁ । কাৰণ তিতাবৰৰ ধানত কম পৰিমাণৰ আৰ্ছেনিক পোৱা গৈছে আৰু ইয়াক নিৰাময় কৰিব পৰা যাব । সময় থাকোতে ধানৰ পৰা আৰ্ছেনিক মুক্ত কৰিব লাগিব । নতুবা অনাগত দিনত ই ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে ।"
উল্লেখ্য যে অসমৰ কেইবাখনো জিলাৰ ভূগৰ্ভস্থ পানীৰ পিছত এতিয়া চাউলত আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰা ঘটনাই উদ্বিগ্ন কৰি তুলিছে বিজ্ঞানী মহলকো ।