ETV Bharat / politics

গৌৰৱ গগৈৰ ওপৰত নহয়, এয়া প্ৰদেশ কংগ্ৰেছৰ ওপৰত আক্ৰমণ : ৰাজীৱ ভৱনৰ পৰা মুখ্যমন্ত্ৰীলৈ বাৰ্তা - ELIZABETH COLEBOURN CONTROVERSY

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছৰ প্ৰত্যুত্তৰ । ২০২৬ত উত্তৰ দিব লাগিব বুলি মুখ্যমন্ত্ৰীলৈ সকীয়নি ৷ ৰাজীৱ ভৱনত ভূপেন বৰা আৰু গৌৰৱ গগৈৰ যৌথ সংবাদমেল ।

ELIZABETH COLEBOURN CONTROVERSY
সংবাদমেলত গৌৰৱ গগৈ আৰু ভূপেন বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 17, 2025, 7:02 PM IST

গুৱাহাটী : “মুখ্যমন্ত্ৰীয়ে মোৰ সন্দৰ্ভত প্ৰতিদিনে স্থিতি সলনি কৰি আছে ৷ পূৰ্বে খলনায়ক সজাইছিল, এতিয়া সহানুভূতি দেখুৱাইছে... আত্মবিশ্বাস হেৰাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ ভয় আৰু শংকা হৈছে ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ৷” —মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে সোমবাৰে উভতি ধৰে গৌৰৱ গগৈয়ে ।

গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক লৈ পাকিস্তানী আই এছ আই লিংক থকাৰ অভিযোগেৰে মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে কৰা আক্ৰমণৰ ৰাজীৱ ভৱনৰ পৰা কঠোৰ প্ৰত্যুত্তৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ । সংবাদমেলযোগে গৌৰৱ গগৈ আৰু ভূপেন বৰাই উভতি ধৰে মুখ্যমন্ত্ৰীক ।

ৰাজীৱ ভৱনত গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ সংবাদমেল (ETV Bharat Assam)

দিনে সলনি হৈছে মুখ্যমন্ত্ৰীৰ স্থিতি

প্ৰত্যেক দিনে স্থিতি সলনি হৈছে মুখ্যমন্ত্ৰীৰ ৷ আত্মবিশ্বাস কমিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰীয়ে কৰা ধাৰাবাহিক মন্তব্যৰ পোষ্টমৰ্টেম কৰি মন্তব্য কৰি প্ৰতিদিনেই মুখ্যমন্ত্ৰীৰ স্থিতি সলনি হোৱাৰ অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈয়ে ৷ “কেবিনেটৰ পাছত সংবাদমেল চাই অসমৰ জনতাৰ মনত প্ৰশ্ন হৈছে— মুখ্যমন্ত্ৰীৰ চেহেৰা অলপ বেলেগ হৈছে, আগৰ সাহস আৰু বিশ্বাস নাই ৷ প্ৰত্যেক দিনে মুখ্যমন্ত্ৰীৰ স্থিতি সলনি হৈছে ৷ ছিংগাপুৰত এটা স্থিতি, অসমত আহি আকৌ বেলেগ কয় ৷ মুখ্যমন্ত্ৰীৰ মনৰ ভিতৰত এটা ডাঙৰ শংকা আৰু অস্থিৰতা বিৰাজ কৰিছে ৷ ভয় খাইছে মুখ্যমন্ত্ৰীয়ে ।” —মুখ্যমন্ত্ৰীক উদ্দেশ্যি মন্তব্য গৌৰৱ গগৈৰ ।

ৰাজ্য চৰকাৰে এছ আই টি গঠন কৰি গোচৰ তৰা প্ৰসংগতো মন্তব্য গৌৰৱ গগৈৰ । মুখ্যমন্ত্ৰীৰ থৰক-বৰক স্থিতিৰ বিপৰীতে নিজে একেই স্থিতিত থকা বুলি দাবী কৰি গৌৰৱ গগৈয়ে কয়, “কংগ্ৰেছৰ স্পষ্ট কথা তদন্ত কৰিব লাগিলে কৰক ৷ আমি নিকা মানুহ ৷ আগতেও অটল আজিও অটল আছোঁ একেই স্থিতিত । আত্মবিশ্বাস হেৰাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷”

বিধানসভা নিৰ্বাচনক লৈ ভয় আৰু শংকা বাঢ়িছে মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় গৌৰৱ গগৈক লক্ষ্য কৰি লৈছে তাৰো সংবাদমেলত ব্যাখ্যা আগবঢ়ালে গৌৰৱ গগৈয়ে । গৌৰৱ গগৈৰ মন্তব্য, “১২ মাহ কম সময়ত পাৰ হৈ যাব ৷ অহা ২০২৬ৰ নিৰ্বাচনত অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব ৷ সেয়ে ভৱিষ্যত কি হ'ব তাক লৈ ভয় খাইছে মুখ্যমন্ত্ৰীয়ে ৷”

গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি মন্তব্য, “১০ বছৰ ধৰি অসমৰ ৰাইজে বিজেপিক প্ৰশ্ন কৰি আহিছে । যোৱা ৪ বছৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰি আহিছে ৷ উত্তৰ দিয়া নাই তেওঁ । ১২ মাহৰ পিছত অসমত নিৰ্বাচন হ’ব ৷ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে ৷ ১২ মাহৰ পিছত অসমৰ মানুহৰ প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য হ’ব মুখমন্ত্ৰী ৷ এই ১২ মাহ আমি কংগ্ৰেছ দলে একত্ৰিত হৈ কাম কৰি যাম । অৱশেষত অসমৰ ৰাইজৰ জয় হ’ব। ৰাইজৰ প্ৰশ্ন সোধাৰ অধিকাৰ আছে, ইমান দিনে উত্তৰ নিদিলে ২০২৬ৰ পাছত উত্তৰ দিব লাগিব ৷”

লগতে গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কৰি উত্থাপন কৰে ডুবাই, ছিংগাপুৰ, বাংলাদেশ ভ্ৰমণৰ প্ৰসংগ । “মুখ্যমন্ত্ৰীয়ে মোৰ সন্দৰ্ভত সদায় স্থিতি সলনি কৰি আছে ৷ পূৰ্বে খলনায়ক সজাইছিল, এতিয়া সহানুভূতি দেখুৱাইছে ৷ মুখ্যমন্ত্ৰীয়ে আগে ডুবাই, ছিংগাপুৰৰ উত্তৰ দিয়ক ৷ কেতিয়া বাংলাদেশ কিয় গৈছিল তাৰ উত্তৰ দিয়ক । তাৰ পিছত মই উত্তৰ দিম ৷”

আনহাতে, পাকিস্তানী উচ্চায়ুক্তক সাক্ষাৎ কৰা প্ৰসংগত অসম আৰক্ষীয়ে তদন্ত কৰা প্ৰসংগত গৌৰৱ গগৈয়ে কয়, “তদন্ত কৰক, মই সহায় কৰিম ৷ আলি শ্বেইখ কোন চৰকাৰে তদন্ত কৰক । তদন্ত কৰি ৰাইজক জনাওক । সেয়া মোৰ কাম নহয় ৷”

গৌৰৱ গগৈ অকলশৰীয়া নহয়

“এই আক্ৰমণ গৌৰৱ গগৈৰ ওপৰত আক্ৰমণ নহয় । এয়া প্ৰদেশ কংগ্ৰেছৰ ওপৰত আক্ৰমণ ৷ এই প্ৰত্যাহ্বান ওফৰাবলৈ আমি একত্ৰিত ৷ গৌৰৱ গগৈ অকলশৰীয়া নহয় ।” —প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মুখ্যমন্ত্ৰীলৈ সমালোচনাৰ বাক্যবাণ । গৌৰৱ গগৈৰ সৈতে গুৱাহাটীৰ ৰাজীৱ ভৱনত যৌথ সংবাদমেলখনত মুখ্যমন্ত্ৰীৰ প্ৰতি এই সকীয়নি ভূপেন বৰাৰ ।

অসমৰ ইতিহাসত নিম্ন পৰ্যায়ত গৈ কেবিনেটৰ সিদ্ধান্ত

ৰাইজৰ প্ৰশ্নৰ উত্তৰ নিদি কংগ্ৰেছক জনমানসত হেয় কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বনিম্ন স্তৰলৈ যোৱাৰ অভিযোগ তুলি ভূপেন বৰাৰ মন্তব্য,"অসমত বেলেগ একো সমস্যা নাই, মুখ্যমন্ত্ৰীৰ হাতত কাম নাই ৷ সেয়ে শোৱনে-খাৱনে অকল কংগ্ৰেছক দেখি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে অপপ্ৰচাৰত জড়িত হৈছে মুখ্যমন্ত্ৰী ৷ ঋণ লৈ দৰমহা দিবলগা হৈছে চৰকাৰে । ছয় জনগোষ্ঠীয়ে জনজাতিকাণৰ বাবে পুনৰ আন্দোলন কৰিবলৈ সাজু হৈ আছে ৷”

লগতে ভূপেন বৰাৰ সমালোচনা, “কংগ্ৰেছৰ সন্মুখত যুঁজ দিয়া নেতাক লক্ষ্য কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাই । যোৰহাটত গৌৰৱ গগৈক পৰাজিত কৰিব নোৱৰাৰ প্ৰতিশোধস্বৰূপে ৱিজেপিয়ে এই নিম্ন পৰ্যায়ৰ অপপ্ৰচাৰৰ আশ্ৰয় লৈছে । অসমৰ ইতিহাসত নিম্ন পৰ্যায়ত গৈ কেবিনেটত সিদ্ধান্ত লৈছে ৷ গোচৰ তৰিছে । মুখ্যমন্ত্ৰী হিমন্ত কেবিনেটৰ সিদ্ধান্ত পোষ্টমৰ্টেম কৰিব কংগ্ৰেছে ৷”

গৌৰৱ গগৈ অকলশৰীয়া নহয়, কংগ্ৰেছৰ নেতা-কৰ্মী লগত আছে

গৌৰৱ গগৈক কাষত বহুৱাই এ পি চি চিৰ সভাপতি ভূপেন বৰাই এক প্ৰকাৰৰ সকীয়নি আগবঢ়ালে মুখ্যমন্ত্ৰীলৈ— ২০২৬ত ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য হ’ব হিমন্ত বিশ্ব শৰ্মা ৷ এ পি চি চিৰ সভাপতিগৰাকীৰ মন্তব্য, “মুখ্যমন্ত্ৰী হিমন্তক অসমৰ ৰাইজে প্ৰশ্ন সুধি আছে সেইবোৰৰ উত্তৰ দিয়া নাই তেওঁ । গৌৰৱ গগৈ অকলশৰীয়া নহয়, কংগ্ৰেছৰ নেতা-কৰ্মী লগত আছে ৷”

লগতে আৰক্ষী সঞ্চালকপ্ৰধান আৰু তদন্তকাৰী সন্থাক সকীয়নি দি ভূপেন বৰাই কয়— মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকীখন স্থায়ী নহয় মনত ৰাখিব ৷

স্বাভাৱিকতেই ৰাজীৱ ভৱনৰ পৰা এ পি চি চিৰ সভাপতি ভূপেন বৰা আৰু গৌৰৱ গগৈয়ে একেলগে মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিয়াৰ পিছত মুখ্যমন্ত্ৰী বা বিজেপিয়ে কি স্থিতি লয় সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক :কাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ ডিজিপিক নিৰ্দেশ দিলে কেবিনেটে - ELIZABETH COLEBOURN CONTROVERSY
লগতে পঢ়ক :বেলেগৰ ঘৈণীয়েকৰ পিছত লাগি আছে মুখ্যমন্ত্ৰী, আগতে মোৰ পত্নীৰ পিছতো লাগিছিল: ভূপেন বৰা - ELIZABETH COLEBOURN CONTROVERSY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.