অসম

assam

ETV Bharat / sports

ষ্টিভ স্মিথৰ পৰা ভিভ ৰিচাৰ্ডছলৈকে ভাৰতৰ বিৰুদ্ধে টেষ্টত সৰ্বাধিক শতক অৰ্জন কৰা শীৰ্ষ ১০ বেটছমেন - MOST TEST HUNDREDS AGAINST INDIA

টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক শতক অৰ্জন কৰা শীৰ্ষ ১০ বেটছমেনৰ বিষয়ে জানো আহক...

Most Hundreds against India in Test History
শীৰ্ষ ১০ বেটছমেন (AFP)

By ETV Bharat Assamese Team

Published : Dec 31, 2024, 2:27 PM IST

নতুন দিল্লী :সীমান্ত-গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছে ৫খন খেলৰ টেষ্ট শৃংখলা । শেহতীয়াকৈ মেলবৰ্ণত সমাপ্ত হোৱা চতুৰ্থ টেষ্টত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ভাৰতে । এই মেচখনৰ প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ অভিজ্ঞ বেটছমেন ষ্টিভ স্মিথে নিজৰ কেৰিয়াৰৰ ৩৪ সংখ্যক টেষ্ট শতক অৰ্জন কৰে । ইয়াৰ লগে লগে তেওঁ নিজৰ নামত এটা ডাঙৰ অভিলেখ গঢ়িলে, ভাৰতৰ বিৰুদ্ধে ৰেডবল ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন হৈ পৰিল ।

এম চি জিত তেওঁ যি শতক অৰ্জন কৰিছিল ভাৰতৰ বিৰুদ্ধে তেওঁৰ একাদশ শতক, যিটো নিজৰ বাবে এক অভিলেখ । ভাৰতীয় দলৰ বিৰুদ্ধে ইমান টেষ্টত শতক অৰ্জন কৰা নাই আন কোনো খেলুৱৈয়ে । ভাৰতৰ বিৰুদ্ধে তেওঁৰ ১১টা শতক টেষ্ট ক্ৰিকেটৰ যিকোনো খেলুৱৈৰ সৰ্বাধিক । টিম ইণ্ডিয়াৰ বিৰুদ্ধে ১০টা টেষ্ট শতক অৰ্জন কৰা ইংলেণ্ডৰ জো ৰুটক এৰি থৈ যায় ।

  • টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক শতক অৰ্জন কৰা শীৰ্ষ ১০ খেলুৱৈৰ বিষয়ে জনাওক :

১/ ষ্টিভ স্মিথ

অষ্ট্ৰেলিয়াৰ সোঁহাতৰ অভিজ্ঞ বেটছমেন ষ্টিভ স্মিথে ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক শতক অৰ্জন কৰিছে । ২৩খন মেচৰ ৪৪ ইনিংছত তেওঁৰ নামত ১১টা শতক আছে ।

২/ জো ৰুট

এই তালিকাৰ দ্বিতীয় স্থানত আছে ইংলেণ্ডৰ টেষ্ট বিশেষজ্ঞ বেটছমেন জো ৰুট, যিয়ে ভাৰতৰ বিৰুদ্ধে ৩০খন টেষ্ট মেচৰ ৫৫ ইনিংছত ১০টা শতক অৰ্জন কৰিছে ।

৩/ ছাৰ গেৰী ছ’বাৰ্ছ

গ্ৰেট ৱেষ্ট ইণ্ডিজৰ বেটছমেন ছাৰ গেৰী ছ’বাৰ্ছে ভাৰতৰ বিৰুদ্ধে ১৮ খন টেষ্ট মেচৰ ৩০ ইনিংছত ৮টা শতক অৰ্জন কৰিছে ।

৪/ ভিভিয়ান ৰিচাৰ্ডছ

ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ভিভ ৰিচাৰ্ডছে ভাৰতৰ বিৰুদ্ধে ২৮খন টেষ্ট মেচৰ ৪১ ইনিংছত ৮টা শতক অৰ্জন কৰিছে আৰু এই তালিকাত চতুৰ্থ স্থানত আছে ।

৫/ ৰিকি পণ্টিং

এই তালিকাত ৫ম স্থানত আছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিং । ভাৰতৰ বিৰুদ্ধে ২৯খন টেষ্ট মেচৰ ৪১ ইনিংছত ৮টা শতক অৰ্জন কৰিছে পণ্টিঙে ।

৬/ এভাৰটন উইকছ

ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ এভাৰটন উইকছে ভাৰতৰ বিৰুদ্ধে ১০খন টেষ্ট মেচৰ ১৫ ইনিংছত ৭টা শতক অৰ্জন কৰিছে ।

৭/ জেক কালিছ

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অল ৰাউণ্ডাৰ জেক কালিছে ভাৰতৰ বিৰুদ্ধে ১৮ খন খেলৰ ৩১ ইনিংছত নিজৰ নামত ৭ শতক অৰ্জন কৰিছে ।

৮/ মাইকেল ক্লাৰ্ক

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক মাইকেল ক্লাৰ্কে ভাৰতৰ বিৰুদ্ধে ২২খন খেলৰ ৪০টা ইনিংছত ৭টা শতক অৰ্জন কৰিছে ।

৯/ শিৱনাৰীণ চন্দ্ৰপৌল

ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বাওঁহাতৰ ক্ৰিকেটাৰ শিৱনাৰিন চন্দ্ৰপলে ভাৰতৰ বিৰুদ্ধে ২৫খন খেলৰ ৪৪ ইনিংছত ৭টা শতক অৰ্জন কৰিছে ।

১০/ ক্লাইভ লয়ড

ৱেষ্ট ইণ্ডিজৰ অন্যতম মহান অধিনায়ক ক্লাইভ লয়ডে ভাৰতৰ বিৰুদ্ধে ২৮খন খেলৰ ৪৪ ইনিংছত ৭টা টেষ্ট শতক অৰ্জন কৰিছে ।

লগতে পঢ়ক :মেলবৰ্ণত আত্মসমৰ্পণ ! বক্সিং ডে টেষ্টত শোচনীয় পৰাজয় টীম ইণ্ডিয়াৰ

লগতে পঢ়ক :আমি জিকাৰ যোগ্য আছিলোঁ: মুম্বাইৰ বিৰুদ্ধে জয়ৰ পিছত নৰ্থ-ইষ্ট ইউনাইটেডৰ প্ৰশিক্ষক বেনালী

ABOUT THE AUTHOR

...view details