অসম

assam

এদিনীয়া ক্ৰিকেটত কেতিয়াও আউট নোহোৱা তিনিগৰাকী ভাৰতীয় বেটছমেনৰ কথাৰে... - INDIAN BATTER NEVER GET OUT

Never got out in odi cricket: ক্ৰিকেট খেলপথাৰত কেতিয়াও আউট নোহোৱা খেলুৱৈ খুব কমেই আছে ৷ ভাৰতৰ এনে তিনিগৰাকী বেটছমেনৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছো, যাক বিপক্ষৰ বলাৰসকলে কেতিয়াও আউট কৰিব নোৱাৰিলে ৷ এদিনীয়া ক্ৰিকেটতো তেওঁলোক কেতিয়াও আউট নহ’ল । পঢ়ক ইটিভি ভাৰতৰ এই বিশেষ প্ৰতিবেদন...

By ETV Bharat Sports Team

Published : 4 hours ago

Published : 4 hours ago

INDIAN BATTER NEVER GET OUT
ক্ৰিকেট বেট আৰু ষ্টাম্প (প্ৰতিনিধিত্বমূলক ফটো) (Getty Images)

স্প’ৰ্টছ ডেস্ক, 3 অক্টোবৰ: শচীন তেণ্ডুলকাৰ, এম এছ ধোনী, বিৰাট কোহলীৰ দৰে তাৰকা ক্ৰিকেটাৰসকলক বহুলোকে হয়তো পোনপটীয়াকৈ খেলপথাৰত ক্ৰিকেট খেলা দেখিছে ৷ এই খেলুৱৈসকলে বহু সময়ত নিজৰ বেটিং যাদুৰে সংগ্ৰহ কৰিছে বহু ৰাণ । বহুকেইগৰাকী শীৰ্ষ ক্ৰিকেটাৰে ক্ৰিকেটৰ ইতিহাসত অভিলেখ স্থাপন কৰি গৈছে ৷

পিছে ক্ৰিকেটৰ ইতিহাসত এনে একাংশ ক্ৰিকেটাৰ আছে, যিয়ে কেতিয়াও আউট হৈ নাপালে ৷ এই বিশেষ প্ৰতিবেদন তেনে কেইগৰাকীমান ক্ৰিকেটাৰৰ কাহিনীৰে সজোৱা হৈছে, যিসকলে এদিনীয়া ক্ৰিকেটত কেতিয়াও আউট হোৱা নাছিল ৷

  • ভৰত ৰেড্ডী: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ভৰত ৰেড্ডীয়ে 1978 চনৰ পৰা 1981 চনলৈ 80 ৰ দশকত ভাৰতৰ হৈ মাত্ৰ 3 খন এদিনীয়া খেলত অংশগ্ৰহণ কৰিছিল । এই সময়ছোৱাত ভৰত ৰেড্ডীয়ে নিজৰ নামত স্থাপন কৰিছিল এক সুকীয়া অভিলেখ ৷ ভাৰতীয় ক্ৰিকেট দলৰ হৈ অংশগ্ৰহণ কৰা তিনিখন মেচত মাত্ৰ দুবাৰহে বেটিং কৰাৰ সুবিধা লাভ কৰিছিল ক্ৰিকেটাৰগৰাকীয়ে । অৱশ্যে এই দুখন মেচৰ এখনতো নিজৰ উইকেট হেৰুওৱা নাছিল ভৰত ৰেড্ডীয়ে ৷
  • সৌৰভ তিৱাৰী: ভাৰতীয় ক্ৰিকেট দলৰ বাওঁহতীয়া বেটছমেন সৌৰভ তিৱাৰীক এম এছ ধোনীৰ উত্তৰাধিকাৰী বুলিও জনা যায় ৷ 2010 চনত ভাৰতৰ হৈ অভিষেক ঘটোৱা সৌৰভে দলৰ হৈ মাত্ৰ 3 খন এদিনীয়া মেচ খেলি সংগ্ৰহ কৰিছিল 49 ৰাণ । এই সময়ছোৱাত সৌৰভ তিৱাৰীয়েও এদিনীয়া ক্ৰিকেটত কেতিয়াও আউট নোহোৱা বেটছমেনসকলৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰে ৷
  • ফৈজ ফজল: টীম ইণ্ডিয়াত বিস্ফোৰক অভিষেক ঘটোৱা ফৈজ ফজলৰ নামো এদিনীয়া ক্ৰিকেটত কেতিয়াও আউট নোহোৱা বেটছমেনসকলৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । আচলতে 2016 চনৰ 15 জুনত ভাৰতীয় ক্ৰিকেট দলৰ হৈ অভিষেক ঘটোৱা ফজলে মাত্ৰ এখন এদিনীয়া মেচ খেলিবলৈ সুযোগ লাভ কৰিছিল ৷ এই মেচখনত 55 ৰাণৰ অপৰাজিত ইনিংছ খেলে ক্ৰিকেটাৰগৰাকীয়ে ৷

লগতে পঢ়ক:20 কোটি টকাৰ বিত্তীয় কেলেংকাৰী; ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কলৈ ইডিৰ চমন - ED SUMMONS FORMER INDIAN CRICKETER

ABOUT THE AUTHOR

...view details