অসম

assam

By ETV Bharat Sports Team

Published : 6 hours ago

ETV Bharat / sports

একবিংশ শতিকাত ভাৰতীয় প্ৰেক্ষাপটত ক্ৰীড়াৰ উত্থান; এক বিশ্লেষণ - DEVELOPMENT IN SPORTS

Rise of sports in India: একবিংশ শতিকাত এক ব্যাপক উত্তৰণৰ মাজেৰে আগবাঢ়িছে ভাৰতীয় ক্ৰীড়াজগতত ৷ প্ৰাৰম্ভিক পৰ্যায়ত এই অৱস্থা যথেষ্ঠ শোচনীয় হ’লেও পিছলৈ ক্ৰিকেট, হকী, বেডমিণ্টন, কাবাডী আদিকে ধৰি প্ৰতিটো ক্ষেত্ৰত এই উত্তৰণ দৃশ্যমান ৷ একবিংশ শতিকাত ভাৰতীয় ক্ৰীড়াৰ এই তাৎপৰ্যপূৰ্ণ উত্তৰণ সন্দৰ্ভত যুগুত কৰা হৈছে এই বিশেষ প্ৰতিবেদন ৷

DEVELOPMENT IN SPORTS
ভাৰতীয় প্ৰেক্ষাপটত ক্ৰীড়াৰ উত্থান (Getty Images)

স্প’ৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰ: এই কথা আমি স্বীকাৰ কৰিব লাগিব যেআমি একবিংশ শতিকাত উপনীত হোৱাৰ সময়ত ভাৰতীয় ক্ৰীড়াৰ মান আছিল সৰ্বনিম্ন ৷ সেই সময়ত ছিডনী অলিম্পিকত অংশগ্ৰহণ কৰি ভাৰতে মাথো এটাহে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ ক্ৰিকেটৰ ক্ষেত্ৰখনলৈ উভতি চালে দেখা পাওঁ যে, ক্ৰিকেট শতিকাৰ আটাইতকৈ পুৰণি খেল ৷ পিছে ভাৰতীয় ক্ৰিকেট দলে 1999 চনৰ বিশ্বকাপৰ ছেমি ফাইনেলৰ যোগ্যতা অৰ্জনৰ দৌৰৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল ৷

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আজহাৰউদ্দিন আৰু অজয় জাদেজাৰ মেচ ফিক্সিঙৰ খবৰে জোকাৰি গৈছিল দেশৰ ক্ৰিকেটজগতক ৷ আনকি অলিম্পিকৰ দৰে মেগা ক্ৰীড়া ইভেণ্টত অংশগ্ৰহণ কৰিও বিশেষভাৱে সফল হ’ব পৰা নাছিল ভাৰত ৷ সেই সময়ত ভাৰতৰ হকী দলৰো প্ৰদৰ্শন আছিল পুতৌলগা, যাৰ বাবে পদক অৰ্জন কৰাতো একপ্ৰকাৰ সপোন আছিল দলটোৰ বাবে ৷ সামগ্ৰিকভাৱে একবিংশ শতিকাৰ প্ৰাৰম্ভিক পৰ্যায়ত অতিকৈ শোচনীয় আছিল ভাৰতৰ ক্ৰীড়াৰ পৰিৱেশ ৷

কিন্তু ক্ৰমাগতভাৱে ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ সাফল্য লাভ কৰিবলৈ ধৰিলে ভাৰতে ৷ বৰ্তমান সময়ত অৰ্থাৎ 2024 চনত ক্ৰিকেটক্ষেত্ৰত ভাৰত হৈছে টি 20 বিশ্বকাপ চেম্পিয়ন দল ৷ 2024 চনৰ পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভাৰতৰ পুৰুষ হকী দলটোৱে আকৌ লাভ কৰিছে এছিয়ানছ চেম্পিয়নছ হকী ট্ৰফীৰ চূড়ান্ত খিতাপ ৷ অৱশ্যে অলিম্পিকত বহু বেছি সাফল্য লাভ কৰিব নোৱাৰিলেও, ভাৰতৰ এথলীটসকলে অব্যাহত ৰাখিছে তেওঁলোকৰ প্ৰদৰ্শনৰ ধাৰা ৷ স্বৰাজোত্তৰ কালত অৰ্থাৎ 2000 চনৰ পিছত ভাৰতে অলিম্পিকত অৰ্জন কৰিছে মুঠ 25 টা পদক ৷ অন্যান্য খেলসমূহতো পুৰুষ-মহিলা উভয়ে কৰিছে উন্নত প্ৰদৰ্শন ৷

শেহতীয়াকৈ দবা অলিম্পিয়াড 2024 তো পুৰুষ-মহিলা উভয় দলেই স্বৰ্ণপদকঅৰ্জন কৰি খিতাপ দখল কৰিছে ৷ দেশৰ বেডমিণ্টন তাৰকাসকলে জয় কৰিবলৈ সক্ষম হৈছে থমাছ কাপ ৷ মুঠৰ ওপৰত একবিংশ শতিকাৰ প্ৰাৰম্ভিক পৰ্যায়ত থকা ক্ৰীড়াৰ অধোগামী অৱস্থা পূৰ্বৰ তুলনাত উন্নত হৈছে ৷

ভাৰতত ক্ৰীড়াৰ পৰিৱেশ উন্নত কৰিবলৈ আৰু সমগ্ৰ বিশ্বত ক্ৰীড়াৰ মানদণ্ড বৃদ্ধি কৰিবলৈ সাম্প্ৰতিক সময়ত চৰকাৰেও গ্ৰহণ কৰিছে ভিন্ন প্ৰকাৰৰ ব্যৱস্থা ৷ এই প্ৰতিবেদনত আমি ভাৰতৰ ক্ৰীড়াৰ পৰিৱেশৰ ক্ষেত্ৰত কি পৰিৱৰ্তন ঘটিল আৰু যাৰ বাবে ভাৰতে ক্ৰীড়াক্ষেত্ৰত কিছু অগ্ৰগতি লাভ কৰিলে, সেই সন্দৰ্ভত তথ্য দাঙি ধৰিম ৷ পূৰ্বৰ তুলনাত সাম্প্ৰতিক সময়ত দেশত অগ্ৰগতি লাভ কৰা তেনে কেইবিধমান খেল হৈছে এনেধৰণৰ-

হকী:2021 চনত টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি ভাৰতীয় হকী দলটোৱে প্ৰায় 40 বছৰীয়া অপেক্ষাৰ অন্ত পেলায় ৷ প্ৰায় 4 টাকৈ দশক ধৰি অলিম্পিকত পদক অৰ্জনৰ দৌৰৰ পৰা বাদ পৰিছিল ভাৰতীয় হকী দল ৷ টকিঅ’ অলিম্পিকৰ পিছত ভাৰতে 2024 চনৰ পেৰিছ অলিম্পিকত অৰ্জন কৰে ব্ৰঞ্জৰ পদক ৷ প্ৰায় তিনিটা বছৰৰ ব্যৱধানত অলিম্পিকৰ দৰে মেগা ইভেণ্টত পদক লাভ কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতীয় হকী দলটোৰ উত্থানৰ ইংগিত বহন কৰে ৷ এয়া পিছে এদিনতে হৈ উঠা নাছিল ৷

হকী (Getty Images)

2022 বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে পুৰুষৰ খেলত ৰূপ আৰু ব্ৰঞ্জৰ পদক জিকিছিল ৷ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ 2023 ত ভাৰতীয় পুৰুষ হকী দলে সোণৰ পদক আৰু মহিলা হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰিছিল । শেহতীয়াকৈ দলটোৱে চীনত অনুষ্ঠিত এছিয়ান হকী চেম্পিয়নছ ট্ৰফী 2024 তো অংশগ্ৰহণ কৰি ফাইনেলত আয়োজক দেশ চীনক হৰুৱাই চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷

ক্ৰিকেট:2000 চনত এক অস্থিৰ পৰিৱেশৰ মাজতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কৰ ভাৰ দিয়া হৈছিল সৌৰভ গাংগুলীৰ ওপৰত ৷ যি সময়ত প্ৰদৰ্শনৰ লগতে দলটোৰ বিৰুদ্ধে উত্থাপিত হৈছিল মেচ ফিক্সিঙৰ অভিযোগ ৷ দলৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিয়েই নিজস্ব শৈলীৰে আক্ৰমণাত্মক প্ৰদৰ্শনৰ জৰিয়তে ভাৰতীয় ক্ৰিকেটৰ ৰূপৰেখা সলনি কৰে গাংগুলীয়ে ৷ যাৰ ফলত ভাৰতে 2003 চনৰ বিশ্বকাপ ফাইনেলত উপনীত হয় ৷

তাৰোপৰি 2001 চনত আই চি চি নক আউট টুৰ্ণামেণ্টত (পিছলৈ চেম্পিয়ন হিচাপে নামাকৰণ কৰা হৈছিল) ভাৰতে ৰাণাৰ আপৰ সন্মান লাভ কৰে ৷ পৰৱৰ্তী সময়ত ভাৰতে 2004 চনত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ বিৰুদ্ধে টেষ্ট আৰু এদিনীয়া দুয়োটা শৃংখলাতে খিতাপ দখল কৰে ৷ সৌৰভ গাংগুলীৰ অধিনায়কত্বত ভাৰতে 2002 চনৰ শৃংখলাত লিডছত অনুষ্ঠিত এখন টেষ্ট মেচত ইংলেণ্ডৰ বিৰুদ্ধে জয় লাভ কৰে ৷ তদুপৰি দলটোৱে 2003 চনত এডিলেড টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেও জয় লাভ কৰে ৷

ক্ৰিকেট (Getty Images)

গাংগুলীৰ উত্তৰাধিকাৰী হিচাপে মহেন্দ্ৰ সিং ধোনীয়ে ভাৰতীয় ক্ৰিকেটক প্ৰদান কৰে এক নতুন গতি ৷ যাৰ বাবে ভাৰতে 2011 চনত এদিনীয়া খিতাপ দখলৰ লগতে 2007 চনৰ উদ্বোধনী টি-20 শৃংখলাত বিজয়ীৰ মুকুট পৰিধান কৰিবলৈ সক্ষম হয় ৷ আনহাতে, বিৰাট কোহলীৰ নেতৃত্বত ভাৰতীয় দলটো বিশ্ব ক্ৰিকেটত আগশাৰীৰ দল হিচাপে পৰিচিত হৈছিল ৷ 2018-19 চনত ভাৰতে প্ৰথমবাৰৰ বাবে ঘৰুৱা খেলপথাৰত অষ্ট্ৰেলিয়াক 2-1 ব্যৱধানত পৰাস্ত কৰি স্মৰণীয় বিজয় সাব্যস্ত কৰিছিল ৷

অৱশ্যে 2007 চনত এদিনীয়া বিশ্বকাপত হতাশাজনক পৰাজয়ৰ পিছত পৰৱৰ্তী সময়ত ভাৰতীয় দলটোৱে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে ৷ তদুপৰি 2011 চনত ভাৰতে বিশ্বকাপৰ খিতাপ দখল কৰাৰ বিপৰীতে 2023 চনত একেখন প্ৰতিযোগিতাৰ ফাইনেলত পৰাস্ত হৈছিল ৷ তদুপৰি ভাৰতীয় দলৰ এই উত্থানৰ আঁৰত আছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ উপৰিও ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ অভূতপূৰ্ব সমৰ্থন ৷

আনহাতে, ভাৰতৰ অনুৰ্ধ-19 ক্ৰিকেট দলেও কৰিছে উৎকৃষ্ট প্ৰদৰ্শন ৷ যোৱা 15 বছৰত কেইবাটাও খিতাপ দখল কৰিছে দলটোৱে ৷ যুৱ ক্ৰিকেটাৰসকলক এইক্ষেত্ৰত সহায় আগবঢ়াই আহিছে সৌৰভ গাংগুলী, ৰাহুল দ্ৰাবিড় আৰু ভি ভি এছ লক্ষ্মণৰ দৰে প্ৰাক্তন শীৰ্ষ ক্ৰিকেটাৰসকলে ৷

বেডমিণ্টন:প্ৰকাশপাডুকনৰ পিছত দ্বিতীয়গৰাকী ভাৰতীয় বেডমিণ্টন তাৰকা আছিল পুল্লেলা গোপীচান্দ, যিয়ে 2001 চনত বেডমিণ্টন চেম্পিয়নশ্বিপত ইংলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰিছিল ৷ দেশৰ বেডমিণ্টনৰ ক্ষেত্ৰত ভাৰতীয় মহিলা খেলুৱৈসকলৰো আছিল অনবদ্য অৱদান ৷ "গ’ল্ডেন গাৰ্ল" খ্যাত ছাইনা নেহৱালে একপ্ৰকাৰ ধুমুহা সৃষ্টি কৰিছিল এইজগতত ৷ 2000 দশকৰ শেষৰফালে অলিম্পিকত পদক জয় কৰা প্ৰথম ভাৰতীয় শ্বাটলাৰ হিচাপে পৰিগণিত ছাইনা নেহৱালে বিশ্বৰ বেডমিণ্টন ক্ষেত্ৰত দখল কৰে শীৰ্ষস্থান ৷

পৰৱৰ্তী সময়ত ছাইনাৰ পদাংক অনুসৰণ কৰি পি ভি সিন্ধুৱে 2016 চনত বেডমিণ্টনত দেশৰ হৈ অলিম্পিকত অৰ্জন কৰে ৰূপৰ পদক ৷ 2020 চনৰ টকিঅ’ অলিম্পিকতো শ্বাটলাৰগৰাকীয়ে লাভ কৰে ব্ৰঞ্জৰ পদক ৷ তাৰপিছত সিন্ধুৱে বি ডব্লিউ এফ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ খিতাপ জিকিছিল ৷ এই কৃতিত্ব অৰ্জন কৰা একমাত্ৰ ভাৰতীয় হৈছে পি ভি সিন্ধু ।

বেডমিণ্টন (Getty Images)

বেডমিণ্টনৰ ডাবলছতো ভাৰতৰ হৈ গৌৰৱ অৰ্জন কৰিছে জ্বালা গুট্টা আৰু অশ্বিনী পোনাপ্পাৰ যুটিয়ে ৷ এই যুটিয়ে 2011 চনত চেম্পিয়নশ্বিপ পদক জয় কৰে ৷ সম্প্ৰতি বিশ্বৰ বেডমিণ্টন ক্ষেত্ৰত এই ধাৰা অব্যাহত ৰাখিছে সাতৱিক সাইৰাজ ৰংকিৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে ৷ বিশ্বৰ এক নং স্থানত উপনীত হৈছে এই যুটি । বি ডব্লিউ এফ বিশ্ব ৰেংকিঙত আৰু অসংখ্য সন্মানীয় টুৰ্ণামেণ্টত পদক অৰ্জন কৰে এই দুইগৰাকী খেলুৱৈয়ে, যাৰ ভিতৰত আছে এটা বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক ।

লক্ষ্য সেন, এইচ এছ প্ৰণয় আদিকে ধৰি শীৰ্ষ প্ৰতিভাশালী ভাৰতীয় বেডমিণ্টন খেলুৱৈসকলে ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন দাঙি ধৰি আহিছে । 2022 চনত ঐতিহাসিক থমাছ কাপ জয় হৈছে ভাৰতৰ বেডমিণ্টন তাৰকাসকলৰ দক্ষতাৰ প্ৰমাণ । যুৱ শ্বাটলাৰসকলেও সমগ্ৰ বিশ্বৰ জুনিয়ৰ পৰ্যায়ৰ টুৰ্ণামেণ্টবোৰত ভংগ কৰা অভিলেখে এনে ধৰণৰ সাফল্যকে সূচাইছে ৷

কাবাডী:10 বছৰ সম্পূৰ্ণ কৰি 11 তম ছিজনৰ বাবে সাজু হৈছে প্ৰ’ কাবাডী লীগ(পি কে এল) ৷ এই খেলবিধে খেলুৱৈসকলৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিছে বুলি লীগৰ এগৰাকী শীৰ্ষ কাৰ্যবাহীয়ে সদৰী কৰে । প্ৰ’ কাবাডী লীগে 90 তম মেচত অৰ্থাৎ চলিত বৰ্ষৰ 1 ফেব্ৰুৱাৰীত অনুষ্ঠিত মেচৰ জৰিয়তে ইয়াক উপভোগ কৰা দৰ্শকৰ সংখ্যা 200 নিযুত অতিক্ৰম কৰা বুলি জানিবলৈ দিয়ে ৷ সাম্প্ৰতিক সময়ত ক্ৰিকেটৰ পিছতে সৰ্বাধিক জনপ্ৰিয় খেল হিচাপে কাবাডীয়ে লাভ কৰিছে দ্বিতীয় স্থান ৷

কাবাডী (Getty Images)

ষ্টাৰ স্প’ৰ্টছ, দ্য লীগৰ দৰে অফিচিয়েল ব্ৰডকাষ্টাৰসকলে জনাইছিল যে, তেওঁলোকে প্ৰায় 226 নিযুত দৰ্শকৰ পঞ্জীয়নভুক্ত কৰিছিল ৷ অৰ্থাৎ পি কে এল 2023 ৰ তুলনাত 2024 চনত 17 শতাংশলৈ বৃদ্ধি পাইছে এই ক্ৰীড়া উপভোগ কৰা দৰ্শকৰ সংখ্যা ৷

লগতে পঢ়ক:এছ জিৰ পৰা কুকাবুৰালৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কিহৰ বাবে ব্যৱহাৰ কৰে ভিন্ন প্ৰকাৰৰ বল - INTERNATIONAL CRICKET BALLS

ABOUT THE AUTHOR

...view details