স্প’ৰ্টছ ডেস্ক: এতিয়াৰে পৰা মহিলাসকলে গ্ৰহণ কৰিব নোৱাৰিব চিকিৎসা বিজ্ঞানৰ শিক্ষা ৷ এই কঠোৰ সিদ্ধান্ত তালিবানৰ ৷ পিছে এই হঠকাৰী সিদ্ধান্তৰ মুকলিকৈ বিৰোধিতা কৰিছে আফগানিস্তানৰ ক্ৰিকেটাৰসকলে ৷ দেশখনৰ মহিলাসকলৰ সমৰ্থনত মুকলিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেইবাগৰাকীও শীৰ্ষ আফগান ক্ৰিকেটাৰে ৷
প্ৰাপ্ত তথ্য অনুসৰি, চিকিৎসা বিজ্ঞানৰ মহিলা শিক্ষাৰ্থীসকলক আফগানিস্তানৰ ৰাজধানী কাবুলৰ প্ৰতিষ্ঠানসমূহত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা হৈছে ৷
যাৰ বাবে আফগানিস্তানৰ স্পিন বলাৰ ৰছিদ খান আৰু প্ৰাক্তন অধিনায়ক মহম্মদ নবীয়ে তালিবান চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ক্ৰিকেটাৰ দুগৰাকীয়ে মহিলাসকলক চিকিৎসা প্ৰতিষ্ঠানত অধ্যয়নৰ ওপৰত কৰা নিষেধাজ্ঞা আৰোপৰ সিদ্ধান্তক সমালোচনা কৰি ই ইছলামিক শিক্ষাৰ বিৰোধী বুলি অভিহিত কৰিছে ।
ইছলামত শিক্ষাৰ এক সুকীয়া স্থান আছে: ৰছিদ খান
ৰছিদ খানে সামাজিক মাধ্যমত তালিবানৰ সিদ্ধান্তত দুখ আৰু হতাশা ব্যক্ত কৰিছে । তেওঁ কৈছে যে, ইছলামত শিক্ষাৰ এক সুকীয়া স্থান আছে ৷ ইছলামে পুৰুষ আৰু মহিলা দুয়োৰে বাবে জ্ঞান আহৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ কোৰাণ শিকাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ৷
"শেহতীয়াকৈ সমগ্ৰ আফগানিস্তানত ভগ্নী আৰু মাতৃসকলৰ বাবে শৈক্ষিক আৰু চিকিৎসা প্ৰতিষ্ঠানসমূহ বন্ধ হোৱাৰ বাবে মই মোৰ হতাশা আৰু দুখ প্ৰকাশ কৰিছো ৷ এই সিদ্ধান্তই কেৱল মহিলাৰ ভৱিষ্যতক প্ৰভাৱিত কৰাই নহয়, আমাৰ সমাজকো প্ৰভাৱিত কৰিছে" বুলি ৰছিদ খানে বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
তালিবানক সিদ্ধান্ত পুনৰীক্ষণ কৰিবলৈ আবেদন
আফগান ক্ৰিকেটাৰগৰাকী সিদ্ধান্তটোৰ পুনৰীক্ষণৰ বাবে চৰকাৰক আবেদন জনাই কয় যে, আফগানিস্তান এক সংকটজনক সন্ধিক্ষণত আছে ৷ সকলোকে শিক্ষা প্ৰদান কৰাটো কেৱল সামাজিক দায়বদ্ধতাই নহয়, এক নৈতিক দায়বদ্ধতাও ।
খানে কয়, "আফগানিস্তানক প্ৰতিটো ক্ষেত্ৰতে পেছাদাৰীসকলৰ অতি প্ৰয়োজন ৷ বিশেষকৈ চিকিৎসা ক্ষেত্ৰত মহিলা চিকিৎসক আৰু নাৰ্ছৰ তীব্ৰ অভাৱ উদ্বেগজনক ৷ কিয়নো ই স্বাস্থ্য সুবিধা আৰু মহিলাসকলক পোনপটীয়াকৈ প্ৰভাৱিত কৰে" ৷
তেওঁ লগতে কয়, "মই এই ৰায়ৰ পুনৰীক্ষণৰ বাবে আহ্বান জনাইছো ৷ যাতে আফগান মহিলাসকলে তেওঁলোকৰ শিক্ষাৰ অধিকাৰ পুনৰ লাভ কৰিব পাৰে আৰু দেশৰ উন্নয়নত অৰিহণা যোগাব পাৰে" ৷
তালিবানৰ সিদ্ধান্ত হৃদয়বিদাৰক আৰু অন্যায়: মহম্মদ নবী
তালিবানৰ সিদ্ধান্তক গৰিহণা দি আফগানিস্তানৰ প্ৰাক্তন অধিনায়ক মহম্মদ নবীয়ে কয়, "মহিলাৰ চিকিৎসা শিক্ষা নিষিদ্ধ কৰাৰ তালিবানৰ সিদ্ধান্ত কেৱল হৃদয়বিদাৰকে নহয়, অত্যন্ত অন্যায়ো । ইছলামে সদায়ে সকলোৰে বাবে শিক্ষাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে ৷ ইছলামৰ ইতিহাস মুছলমান মহিলাসকলৰ প্ৰেৰণাদায়ক উদাহৰণেৰে পৰিপূৰ্ণ, যিসকলে বহু প্ৰজন্ম ধৰি জ্ঞানৰ জৰিয়তে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে" ৷
এই সিদ্ধান্ত দেশৰ ভৱিষ্যতৰ প্ৰতি বিশ্বাসঘাতকতা: মহম্মদ নবী
নবীয়ে তালিবানসকলক তেওঁলোকৰ স্থিতি পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই এইদৰে কয়, "মই তালিবানসকলক এই মূল্যবোধবোৰৰ ওপৰত চিন্তা কৰিবলৈ অনুৰোধ জনাইছো । মহিলাসকলক শিকিবলৈ আৰু তেওঁলোকৰ দেশখনৰ লোকসকলক সেৱা কৰাৰ সুযোগ নিদিয়াটো তেওঁলোকৰ সপোন আৰু আমাৰ দেশৰ ভৱিষ্যত, দুয়োৰে প্ৰতি কৰা বিশ্বাসঘাতকতা" ।
তেওঁ লগতে কয়, "আমাৰ মহিলাসকলক সকলোৰে বাবে এক উন্নত আফগানিস্তান গঢ়াৰ অৰ্থে শিকিবলৈ, আগুৱাই যাবলৈ আৰু নিজকে গঢ়ি তুলিবলৈ সুযোগ দিয়ক । এয়া তেওঁলোকৰ অধিকাৰ আৰু ইয়াক সুৰক্ষিত কৰাটো আমাৰ কৰ্তব্য" ।
উল্লেখ্য যে, তালিবান চৰকাৰে আফগানিস্তানত মহিলাসকলক চিকিৎসা শিক্ষা গ্ৰহণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি এক নতুন নিৰ্দেশনা জাৰি কৰিছে । ইয়াৰ পিছৰে পৰা তালিবানৰ সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অৱশ্যে এয়া প্ৰথমবাৰৰ সংঘটিত হোৱা ঘটনা নহয় ৷ পূৰ্বেও তালিবানে মহিলাসকলৰ অধিকাৰ কাঢ়ি লোৱা দেখা গৈছিল ৷
লগতে পঢ়ক:জুনিয়ৰ হকী এছিয়া কাপ; পাকিস্তানক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে খিতাপ দখল ভাৰতৰ