গুৱাহাটী : “পাকিস্তানী ৰাষ্ট্ৰদূতৰ সৈতে হোৱা আমাৰ সাক্ষাৎকাৰত কোন দেশৰ কাবাব বেছি সুস্বাদু সেই বিষয়েও বাদ-বিবাদ কৰিছিলো !” —মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি তথা আন সমালোচকসকলক শেহতীয়া বিতৰ্ক প্ৰসংগত সামাজিক মাধ্যমযোগে শ্লেষাত্মক প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ । মুখ্যমন্ত্ৰীয়ে পাৰমাণৱিক তথ্যৰ সৈতে জড়িত অভিযোগ উত্থাপন কৰাৰ বিপৰীতে এই অভিযোগক যেন মুঠেই গুৰুত্ব দিব খোজা নাই গৌৰৱ গগৈয়ে ।
কোন দেশৰ কাবাব বেছি সুস্বাদু ?
হিমন্ত বিশ্ব শৰ্মা আৰু আন সমালোচকসকলৰ প্ৰতি গৌৰৱ গগৈৰ বক্ৰোক্তি— “পাকিস্তানী ৰাষ্ট্ৰদূতৰ সৈতে হোৱা আমাৰ সাক্ষাৎকাৰত এটা হাস্যকৰ ঘটনা আছিল যে আমি কেৱল ক্ৰিকেটৰ বিষয়েই আলোচনা কৰা নাছিলো, বৰঞ্চ কোন দেশৰ কাবাব বেছি সুস্বাদু সেই বিষয়েও বাদ-বিবাদ কৰিছিলো !”
কেৱল সেয়াই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি পৰিচিত বুদ্ধিজীৱী তথা শিক্ষাবিদ ননীগোপাল মহন্ত আৰু সাংবাদিক ৱাছবিৰ হুছেইনো উক্ত অনুষ্ঠানত উপস্থিত আছিল বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে সন্নিৱিষ্ট কৰিলে অনুষ্ঠানৰ কিছু ফটোও । গৌৰৱে লিখিছে, “অনুগ্ৰহ কৰি তলৰ ফটোবোৰ চাব । আপোনালোকে ৰাজীৱ চন্দ্ৰশেখৰ, জয় পাণ্ডা, ৱাছবিৰ হুছেইন, ননীগোপাল মহন্ত আদিকে ধৰি চিনাকি মুখসমূহ দেখা পাব ।”
শুকুৰবাৰেও গৌৰৱ গগৈ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন
উল্লেখ্য যে লোকসভাত বিৰোধী উপ-দলপতি তথা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰে পাকিস্তানৰ আই এছ আইৰ লিংক থকাৰ অভিযোগক লৈ অসমত এতিয়া অব্যাহত আছে বিতৰ্ক । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতা-কৰ্মীসকল ব্যস্ত হৈ পৰিছে গৌৰৱ গগৈৰ পৰা স্পষ্টীকৰণ বিচৰাত ।
আনকি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত ৰাজহুৱা কৰিছে সাংসদগৰাকীৰ পৰিয়ালৰ আন সদস্যসকলৰো ব্যক্তিগত তথ্য সন্নিবিষ্ট ভোটাৰ তালিকা । শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত দিয়া মন্তব্যত দেশৰ পাৰমাণৱিক শক্তিৰ তথ্যৰে সাঙুৰিলে গৌৰৱ গগৈক । পাৰমাণৱিক খণ্ডৰ সৈতে জড়িত গোপনীয় তথ্য ওলাই পৰা প্ৰশ্ন গৌৰৱ গগৈয়ে সংসদত কৰা বুলি কৈ মুখ্যমন্ত্ৰীৰ মন্তব্য, “পাকিস্তানী ৰাষ্ট্ৰদূত মঃ আব্দুল বাছিত (২০১৪-১৭)ৰ সৈতে হোৱা বৈঠকৰ পাছত সাংসদগৰাকীয়ে সংসদৰ মজিয়াত এনে কিছুমান প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছিল, যিবোৰ প্ৰশ্নত ভাৰতৰ পাৰমাণৱিক খণ্ডৰ সৈতে জড়িত গোপনীয় তথ্য ওলাই পৰাৰ পূৰ্ণ সম্ভাৱনা লুকাই আছিল ৷”
লগতে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, “এই প্ৰশ্নসমূহৰ সংবেদনশীল প্ৰকৃতিৰ লগতে প্ৰশ্ন সোধা সময়খিনিও বিশেষভাৱে লক্ষ্য কৰিবলগীয়া । স্বাভাৱিকতেই এনে প্ৰশ্নসমূহৰ গোপন উদ্দেশ্য আৰু বিস্তৃত প্ৰভাৱৰ বিষয়টোৱে গুৰুতৰ চিন্তাৰ উদ্ৰেক কৰিছে ।”
বিপৰীতে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ কিছু সময়ৰ পিছতেই সামাজিক মাধ্যমত গৌৰৱ গগৈৰ প্ৰত্যুত্তৰ । ২০১১ চনৰ পৰা নিজৰ কাৰ্যক্ৰমণিকা বিৱৰি পাকিস্তানী ৰাষ্ট্ৰদূতৰ সৈতে হোৱা সাক্ষাৎকাৰত কি কি কথা পাতিছিল তাকো সামাজিক মাধ্যমত বিৱৰি ক’লে গৌৰৱ গগৈয়ে ।
গৌৰৱ গগৈৰ প্ৰত্যুত্তৰ
পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্ত আব্দুল বাছিতৰ সৈতে থকা সাক্ষাতৰ এখন ফটো আৰু তাৰ লগত জড়িত বিষয়সমূহক লৈ সামাজিক মাধ্যমত গৌৰৱ গগৈয়ে নিজৰ কিছু মন্তব্য দাঙি ধৰিছে । গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত উল্লেখ কৰিছে, “পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্ত আব্দুল বাছিতৰ সৈতে হোৱা এক পেনেল আলোচনাৰ এখন ফটো প্ৰচাৰ কৰি থকা দেখি ২০১১ চনত কেইজনমান বন্ধুৰ সৈতে লগ লাগি মই প্ৰতিষ্ঠা কৰা "Youth Forum on Foreign Policy" নামৰ সংগঠনটোৰ দিনৰ কথাবোৰ মনত পেলাই দিলে । এনেধৰণৰ এটা ফ'ৰাম গঠন কৰিবলৈ মোৰ মনলৈ প্ৰথম ধাৰণাটো আহিছিল যেতিয়া মই ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত ভাৰতৰ স্থায়ী মিছনত ২০১০ চনত ইণ্টাৰ্নশ্বিপ কৰি আছিলো ।
সেয়েহে ২০১১ চনত মই এনে এটা ফ'ৰাম গঠন কৰিব বিচাৰিছিলো য'ত ভাৰতীয় শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰীসকলে বৈদেশিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ সুবিধা লাভ কৰিব পাৰে । বিশেষকৈ ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰা আৰু UPSC পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে ই অত্যন্ত উপযোগী হিচাপে পৰিগণিত হৈছিল । ”
গৌৰৱ গগৈৰ Youth Forum on Foreign Policy-এ কি কি কৰিছিল
সাংসদ হোৱাৰ আগত আৰু পিছত গৌৰৱ গগৈয়ে কি কি কাম কৰিছিল ? সাংসদ হোৱাৰ পিছত Youth Forum on Foreign Policy-ৰ যোগেদি কি কি কাম কৰিছিল সেই প্ৰসংগত গৌৰৱ গগৈয়ে কয়, “Youth Forum on Foreign Policy-এ ভাৰতীয় কূটনীতিবিদ আৰু বিদেশী ৰাষ্ট্ৰদূতসকলৰ সৈতে আলোচনাৰ আয়োজন কৰিছিল । এনে আলোচনা আৰু মত-বিনিময় অনুষ্ঠানে শিক্ষাৰ্থীসকলক জ্ঞানৰ বিকাশত যথেষ্ঠ অৰিহণা যোগাইছিল ।
আমি ভাৰতৰ প্ৰাক্তন বৈদেশিক সচিব শ্যাম চৰণ, প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰদূত ৰিচ ভার্মা, ইউনাইটেড কিংডমৰ প্ৰাক্তন হাই কমিছনাৰ জেমছ বেভান, প্ৰফেছাৰ চি ৰাজা মোহন, নন্দন নীলকাৰ্ণী, অৱসৰপ্ৰাপ্ত কূটনীতিবিদ, সংসদ সদস্য আৰু নেদাৰলেণ্ড, ছিংগাপুৰ, ইজৰাইল, অষ্ট্ৰেলিয়া, থাইলেণ্ড,পাকিস্তান আদি দেশৰ ৰাষ্ট্ৰদূতসকলৰ দৰে বিশেষজ্ঞসকলৰ সৈতে সাক্ষাৎ কৰিছিলো । মোৰ মনত পৰে যে সেই সময়ত আমি আমাৰ দেশৰ বৈদেশিক মন্ত্ৰণালয়ৰ 'পাব্লিক ডিপ্ল'মেচী' শাখাৰ সৈতেও সহযোগিতা কৰিছিলো । ”
গৌৰৱ গগৈৰ YFFP-ত ২০১১ আৰু ২০১২ চনৰ কৰ্মসূচী
গৌৰৱ গগৈয়ে ২০১১ আৰু ২০১২ চনত YFFP-ত কি কি কৰিছিল সেয়াও উল্লেখ কৰি এইদৰে কয়, “২০১১ চনটো আমাৰ বাবে উৎসাহভৰা আছিল । কাৰণ আমি সেই সময়ছোৱাত দিল্লী, গুৱাহাটী, বেংগালুৰু, মুম্বাই, কলকাতা আৰু চণ্ডীগড়ত কলেজৰ শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰীসকলৰ সহায়ত ফ'ৰামৰ শাখা স্থাপন কৰিবলৈ সক্ষম হৈছিলো ।
২০১২ চনত গুৱাহাটীত অনুষ্ঠিত আলোচনাচক্ৰলৈ অৰ্থনীতিৰ নোবেল বঁটাবিজয়ী জোচেফ ষ্টিগলিজক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনিবলৈ সক্ষম হোৱাটো মোৰ বাবে এক ব্যক্তিগত স্মৰণীয় ঘটনা আছিল । ”
YFFP-ৰ পৰা সাংসদ হোৱাৰ পিছৰ কাৰ্যক্ৰমণিকা
সাংসদ হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে বিতৰ্কত জড়িত কৰি সমালোচনা কৰা Youth Forum on Foreign Policy-ত তেওঁ পৰামৰ্শদাতালৈ পৰিণত হোৱা বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে ৷
গৌৰৱ গগৈৰ মন্তব্য, “২০১৪ চনত মই সংসদ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ বাবে এই ফ'ৰামৰ সৈতে জড়িত মোৰ কাম-কাজ হ্ৰাস কৰিবলগীয়া হ’ল । সৌভাগ্যক্ৰমে, এদল মেধাৱী যুৱক-যুৱতীয়ে ফ'ৰামৰ দায়িত্ব লৈ গৱেষণা আৰু ফেল'শ্বিপ কাৰ্যসূচী অব্যাহত ৰাখিছিল । মোৰ ভূমিকা এতিয়া প্ৰায় তেওঁলোকৰ পৰামৰ্শদাতালৈ পৰিণত হৈ পৰিল । ”
গৌৰৱ গগৈ আৰু তেঁওৰ পত্নীৰ পাকিস্তানী লিংক উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা অভিযোগ আৰু প্ৰশ্নৰ ধাৰাবাহিক আক্ৰমণ আৰু গৌৰৱৰ প্ৰত্যুত্তৰ কি পৰ্যায় পায়গৈ বা ক’ত ৰ’বগৈ সেয়া মন কৰিবলগীয়া হ’ব । কিয়নো ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বাজিবলৈ এতিয়াও বাকী আছে ।