নিউজ ডেস্ক, ২৮ মে’:আৰম্ভ হৈছে আইচিচি টি-২০ বিশ্বকাপৰ কাউণ্টডাউন । এই প্ৰতিযোগিতাত বিভিন্ন দেশৰ প্ৰবীণ খেলুৱৈৰ লগতে যুৱ খেলুৱৈয়েও নিজৰ প্ৰদৰ্শন আগবঢ়াবলৈ সাজু হোৱা দেখা গৈছে । তাৰোপৰি এই বিশ্বকাপত প্ৰথমবাৰলৈ খোজ পেলাই নিজৰ বেট আৰু বলৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ ওলাইছে একাংশ নবাগত খেলুৱৈ । এই খেলুৱৈসকলে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি নিজকে প্ৰমাণ কৰাৰ সুযোগ পাব । এনে কেইগৰাকীমান নতুন খেলুৱৈৰ বিষয়ে চাওঁ আহক...
যশস্বী জয়ছোৱাল (ভাৰত): ভাৰতীয় ক্ৰিকেট দলৰ যুৱ বেটছমেন যশস্বী জয়ছোৱালে প্ৰথমবাৰলৈ টি-২০ বিশ্বকাপ খেলিব । তেওঁ দলৰ হৈ অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে ইনিংছ আৰম্ভ কৰিব পাৰে । যশস্বীয়ে যোৱা কেইবছৰমানৰ পৰা ক্ৰিকেটৰ খেলপথাৰত নিজৰ দক্ষতা প্ৰমাণ কৰি আহিছে । এতিয়া ২০২৪ চনৰ টি-২০ বিশ্বকাপত তেওঁক নিজৰ যাদু দেখুৱাবলৈ সাজু হৈছে । জয়ছৱালে এই পৰ্যন্ত ভাৰতৰ হৈ ১৭ খন খেলৰ ১৬ টা ইনিংছত ১ টা শতক আৰু ৪ টা অৰ্ধশতকৰে ৫০২ ৰান সংগ্ৰহ কৰিছে । এতিয়া তেওঁ বিশ্বকাপত ভাৰতৰ বাবে যাদুকৰী প্ৰদৰ্শন আগবঢ়াব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ।
হেৰী ব্ৰুক (ইংলেণ্ড): ইংলেণ্ড ক্ৰিকেট দলৰ শ্ৰেষ্ঠ বেটছমেন হেৰী ব্ৰুক ২০২৪ চনৰ টি-২০ বিশ্বকাপত দলটোৰ বাবে গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে প্ৰমাণিত হ’ব পাৰে । ২৫ বছৰীয়া এইগৰাকী বেটছমেন আগ্ৰাসী বেটিঙৰ বাবে পৰিচিত । ইংলেণ্ডৰ হৈ ব্ৰুকে বৰ্তমানলৈকে ৩০ খন খেলৰ ২৭ টা ইনিংছত ২ টা অৰ্ধশতকৰ সহায়ত ৫৪৫ ৰান সংগ্ৰহ কৰিছে ।
তৌহিদ হৃদয় (বাংলাদেশ): বাংলাদেশ ক্ৰিকেট দলৰ বাওঁহতীয়া যুৱ বেটছমেন তৌহিদ হৃদয়ে এই টি-২০ বিশ্বকাপত দলত স্থান লাভ কৰিছে । বাংলাদেশ প্ৰিমিয়াৰ লীগত উজ্জ্বল প্ৰদৰ্শনৰ পিছত টি-২০ বিশ্বকাপ দলত অন্তৰ্ভুক্ত হৈছে খেলুৱৈগৰাকী । এতিয়া তেওঁ এই মেগা টুৰ্ণামেণ্টত দলৰ হৈ বিষ্ফোৰক প্ৰদৰ্শন কৰাৰ সুযোগ পাব । বাংলাদেশৰ হৈ ২১ খন টি-২০ মেচৰ ১৯ টা ইনিংছত ২ টা অৰ্ধশতকৰে ৪৫৪ ৰান সংগ্ৰহ কৰিছে তৌহিদে ।
লগতে পঢ়ক:T-২০ বিশ্বকাপ : ৰাওনা হ’ল প্ৰথমটো বেটচ, দ্বিতীয়টো বেটচৰ সৈতেও নাযায় বিৰাট কোহলী - T20 World Cup 2024