অসম

assam

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 1:30 PM IST

ETV Bharat / sports

পেট কামিন্সে ৰচিলে ইতিহাস; একেৰাহে দুখন খেলত হেট্ৰিক - Pat Cummins Hat Trick

Pat Cummins Hat Trick : টি-২০ বিশ্বকাপৰ ইতিহাসত একেৰাহে দুখন খেলত হেট্ৰিক অৰ্জন কৰা বলাৰ হিচাপে পৰিগণিত হ'ল অষ্ট্ৰেলিয়ান পেচাৰ পেট কামিন্স । প্ৰথমে বাংলাদেশৰ বিৰুদ্ধে হেট্ৰিক আৰু দেওবাৰে আফগানিস্তানৰ বিৰুদ্ধেও হেট্ৰিক অৰ্জন কৰে কামিন্সে ।

Pat Cummins Hat Trick
পেট কামিন্সে ৰচিলে ইতিহাস;একেৰাহে দুখন খেলত হেট্ৰিক (AP PHOTOS)

স্পৰ্টছ ডেস্ক, ২৩ জুন :চলিত টি-২০ বিশ্বকাপত একেৰাহে দুটাকৈ হেট্ৰিক অৰ্জন অষ্ট্ৰেলিয়ান বলাৰ পেট কামিন্সৰ । দেওবাৰে আফগানিস্তানৰ বিৰুদ্ধে খেলখনত পেট কামিন্সে আন এটা হেট্ৰিক কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বৰ খেলখনত বাংলাদেশৰ বিৰুদ্ধেও কামিন্সে হেট্ৰিক অৰ্জন কৰিছিল । ইয়াৰ লগে লগে কামিন্সে টি-২০ বিশ্বকাপৰ ইতিহাসত একেৰাহে দুটাকৈ হেট্ৰিক অৰ্জন কৰা প্ৰথমগৰাকী বলাৰ হিচাপে অভিলেখ ৰচনা কৰিবলৈ সক্ষম হয় ।

আফগানিস্তানৰ বিৰুদ্ধে খেলখনত পেট কামিন্সে ১৮ সংখ্যক অভাৰৰ শেষৰ বলটোত আফগান অধিনায়ক ৰছিদ খানৰ উইকেট লৈছিল । তাৰ পিচত কামিন্সে ২০ তথা অন্তিম অভাৰত বলিঙৰ বাবে আগবাঢ়ি আহে । কামিন্সে প্ৰথম বলটোকে কৰিম জান্নাতৰ উইকেট লয় আৰু দ্বিতীয় বলত গুলবাদিন নাইবক পেভিলিয়নলৈ পঠিয়ায় । এনেদৰে মেচখনত পেট কামিন্সে হেট্ৰিক অৰ্জন কৰে ।

ইয়াৰ পূৰ্বৰ খেলখনত পেট কামিন্সে বাংলাদেশৰ বিৰুদ্ধে হেট্ৰিক অৰ্জন কৰিছিল । য'ত কামিন্সে বাংলাদেশৰ তিনিজন গুৰুত্বপূৰ্ণ বেটছমেন ক্ৰমে মাহমুদুল্লাহ, মেহিদী হাছান আৰু তোহিদ হৃদয়ক পেভিলিয়নৰ পথ দেখুৱাইছিল । আফগানিস্তানৰ বিৰুদ্ধে হেট্ৰিক লোৱাৰ লগে লগে টি-২০ বিশ্বকাপৰ ইতিহাসত একেৰাহে দুখন খেলত হেট্ৰিক লোৱা পেট কামিন্স প্ৰথমগৰাকী বলাৰ হিচাপে পৰিগণিত হয় ।

চলিত টি-২০ বিশ্বকাপত কেৱল পেট কামিন্সেহে এতিয়ালৈ হেট্ৰিক লৈছে । পেট কামিন্সৰ এই হেট্ৰিক এনে এটা সময়ত আহিছিল যেতিয়া অষ্ট্ৰেলিয়াই প্ৰথম ১৫ অভাৰত এটাও উইকেট লাভ কৰিব পৰা নাছিল আৰু আফগানিস্তানৰ অপেনাৰসকলে ৯৫ টা বলত ১১৮ ৰাণৰ অংশীদাৰী ইনিংছ খেলিছিল । অৱশ্যে পেট কামিন্সৰ হেট্ৰিকেও ৰক্ষা কৰিব নোৱাৰিলে অষ্ট্ৰেলিয়াক । খেলখনত আফগানিস্তানে ২১ ৰাণৰ ব্যৱধানত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি অভিলেখ ৰচনা কৰে ।

লগতে পঢ়ক :চলিত টি-২০ বিশ্বকাপৰ প্ৰথমটো হেট্ৰিক কামিন্সৰ; কেংগাৰু বাহিনীৰ হাতত 28 ৰাণত পৰাস্ত বাংলাদেশ - T20 world cup 2024

ABOUT THE AUTHOR

...view details