অসম

assam

ETV Bharat / sports

বৰুণ দেৱতাৰ কোপদৃষ্টি; ইতিহাস ৰচনা কৰি আমেৰিকাই দেখুৱালে পাকিস্তানক প্ৰস্থানৰ পথ - T20 World Cup 2024

T20 World Cup 2024 : টি-২০ বিশ্বকাপত অন্য দলৰ মেচৰ সিদ্ধান্তৰ বাবে বোন্দাপৰ দি থকা পাকিস্তানৰ আশা মষিমূৰ । গ্ৰুপ পৰ্যায়ৰ পৰায়ে বাহিৰ হ'বলগা হৈছে বাবৰ বাহিনী । আনহাতে, ছুপাৰ-৮ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিছে ভাৰত আৰু আমেৰিকাই ।

Pakistan Out Of T20 World Cup
বৰষুণৰ বাবে বাতিল-আমেৰিকা-আয়াৰলেণ্ডৰ মেচ (AP Photo)

By ETV Bharat Sports Team

Published : Jun 15, 2024, 12:22 PM IST

স্পৰ্টছ ডেস্ক, ১৫ জুন : আন এক অঘটনৰ সাক্ষী হ'ল এইবাৰৰ টি-২০ বিশ্বকাপ । এইবাৰৰ বিশ্বকাপত বহুকেইটা ওলট-পালটৰ ভিতৰত এইটোও হৈছে এটা । যাৰ বাবে টি-২০ বিশ্বকাপৰ ৰোমাঞ্চ আৰু শিহৰণ চূড়ান্ত শিখৰত উপনীত হৈছে । শুকুৰবাৰে আয়াৰলেণ্ড আৰু আমেৰিকাৰ মাজৰ গ্ৰুপ পৰ্যায়ৰ মেচখন বৰষুণৰ বাবে বাতিল কৰিব লগা হয় । ফলত দুয়োটা দলে এটাকৈ পইণ্ট সমানে লাভ কৰে । আনহাতে, এই ফলাফলৰ বাবে আমেৰিকাই ছুপাৰ-৮ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰে ।

পাকিস্তান চুপাৰ-৮ পৰ্যায়ৰ পৰা বাহিৰ

চলিত টি-২০ বিশ্বকাপত ছুপাৰ-৮ত প্ৰৱেশৰ আশা নিৰ্বাপিত হয় পাকিস্তানৰ । দলটোৱে তেওঁলোকৰ গ্ৰুপৰ আটাইকেইখন মেচ খেলাৰ পূৰ্বেই প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয় । এই মুহূৰ্তত দলটোৰ অন্তিমখন গ্ৰুপ মেচ আয়াৰলেণ্ডৰ বিৰুদ্ধে আছে । কিন্তু উক্ত মেচখনত জয়লাভ কৰিলেও পাকিস্তানৰ যোগ্যতা অৰ্জনৰ কোনো সম্ভাৱনা নাই । কিয়নো মেচখনত জয়লাভ কৰিলেও গ্ৰীণ আৰ্মীয়ে ৪ পইণ্টতহে উপনীত হ'ব ।

ইয়াৰ বিপৰীতে আমেৰিকাৰ ইতিমধ্যে ৫ পইণ্ট আছে । এনে পৰিস্থিতিত পাকিস্তানে অন্তিমখন মেচ খেলিয়ে নিজ দেশলৈ উভতি আহিব লাগিব ।

লগতে পঢ়ক :ছুপাৰ ৮ পৰ্যায়ত অষ্ট্ৰেলিয়া-আফগানিস্তানৰ বিৰুদ্ধে যুঁজ টীম ইণ্ডিয়াৰ - T20 World Cup 2024

পাকিস্তানৰ এই বিপৰ্যয় কিয় হ'ল

পাকিস্তানে গ্ৰুপৰ দুয়োখন প্ৰাৰম্ভিক মেচতে পৰাস্ত হ'বলগা হয় । আনহাতে, আমেৰিকাই দুয়োখন মেচত জয়লাভ কৰে । ইয়াৰ পিচত পাকিস্তান দলটো কানাডাৰ বিৰুদ্ধে বিজয়ী হয় যদিও আমেৰিকা বনাম আয়াৰলেণ্ডৰ মেচৰ ফলাফলৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে । যদি আমেৰিকা এই মেচখনত পৰাজিত হ'লহেঁতেন আৰু পাকিস্তানে তেওঁলোকৰ অন্তিমখন মেচত জয়লাভ কৰিলেহেঁতেন, তেন্তে পাকিস্তান দলে ৰাণ ৰেটৰ ভিত্তিত যোগ্যতা অৰ্জন কৰিলেহেঁতেন । কিন্তু বৰুণ দেৱতা পাক দলৰ ওপৰত সদয় নাছিল ।

ইয়াৰ বিপৰীতে আমেৰিকাৰ বাবে আশীৰ্বাদ হৈ আহে । আমেৰিকা-আয়াৰলেণ্ডৰ মাজৰ মেচখনত বৰষুণে ব্যাঘাত জন্মোৱাত মেচখন পৰিত্যক্ত ঘোষণা কৰা হয় আৰু দুয়োটা দলক এটাকৈ পইণ্ট দিয়া হয় । যাৰ বাবে এতিয়া পইণ্ট তালিকাত আমেৰিকাৰ 5 পইণ্ট আৰু তাৰ জৰিয়তে ছুপাৰ-8 পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰে ।

পাকিস্তান দলত আছিল তাৰকা খেলুৱৈ

পাকিস্তান ক্ৰিকেট দলটোৱে এইবাৰ এক তাৰকাসমৃদ্ধ আৰু অভিজ্ঞ খেলুৱৈৰ দলেৰে বিশ্বকাপত অৱতীৰ্ণ হৈছিল । ফাষ্ট বলাৰ মহম্মদ আমিৰ আৰু ইমাদ ৱাছিমে অৱসৰ গ্ৰহণ কৰা সত্ত্বেও পাকিস্তান ক্ৰিকেট বোৰ্ডে তেওঁলোকক সৈমান কৰাই দললৈ ওভতাই আনিছিল । ইয়াৰ উপৰি অধিনায়ক বাবৰ আজম, তাৰকা বলাৰ শ্বাহিন আফ্ৰিদি, নাছিম শ্বাহৰ দৰে খেলুৱৈও দলটোত আছিল ।

আমেৰিকাৰ অভিলেখ

আমেৰিকাই প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপ খেলিছে । আনহাতে, প্ৰথমবাৰতে এই বছৰ আমেৰিকাই ছুপাৰ-8 ৰ বাবে যোগ্যতা অৰ্জন কৰিছে । লগতে পাকিস্তানৰ দৰে ডাঙৰ দলক ধূলিসাৎ কৰে । কেৱল এয়াই নহয়, আমেৰিকাই ২০২৬ চনত ভাৰত আৰু শ্ৰীলংকাই যুটীয়াভাৱে আয়োজন কৰিবলগীয়া টি-২০ বিশ্বকাপৰ বাবেও যোগ্যতা অৰ্জন কৰিছে । যাৰ বাবে দলটোৱে এতিয়া আৰু কোৱালিফায়াৰ খেলিব নালাগে ।

লগতে পঢ়ক :ছুপাৰ 8 ত স্থান নিশ্চিত; পৰৱৰ্তী টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন আমেৰিকাৰ - T20 World Cup 2024

ABOUT THE AUTHOR

...view details