অসম

assam

ETV Bharat / sports

হাৰিছ ৰৌফৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ গুৰুতৰ অভিযোগ আমেৰিকান ক্ৰিকেটাৰৰ - T20 World Cup 2024 - T20 WORLD CUP 2024

Haris Rauf Accused of Ball Tampering : দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন পেচাৰ তথা বৰ্তমান আমেৰিকান ক্ৰিকেটাৰ ৰাষ্টি থেৰনে পাকিস্তানৰ বিৰুদ্ধে আমেৰিকাৰ টি-২০ বিশ্বকাপৰ মেচখনত হাৰিছ ৰৌফৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ অভিযোগ উত্থাপন কৰিছে । ছ'চিয়েল মিডিয়াত আপলোড কৰা এটা পোষ্টত ৰাষ্টিয়ে দাবী কৰে যে হাৰিছ ৰৌফে বলটো নখেৰে এৰুৱাই আছিল ।

Haris Rauf Accused of Ball Tampering
পাক ক্ৰিকেটাৰ হাৰিছ ৰৌফ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 6:26 PM IST

স্পৰ্টছ ডেস্ক, ৭ জুন :আমেৰিকাৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ মেচৰ সময়ত পাকিস্তানৰ পেচাৰ হাৰিছ ৰৌফে বল টেম্পাৰিঙৰ অভিযোগ উঠিছে । আমেৰিকান ক্ৰিকেটাৰ ৰাষ্টি থেৰনে ৰৌফৰ বিৰুদ্ধে এই বল টেম্পাৰিঙৰ অভিযোগ উত্থাপন কৰিছে । উল্লেখ্য, বৃহস্পতিবাৰে গ্ৰেণ্ড প্ৰেৰী ষ্টেডিয়ামত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ এখন মেচত আমেৰিকাৰ বিৰুদ্ধে পাকিস্তানে এক শোচনীয় পৰাজয়ৰ সন্মুখীন হ'বলগা হয় ।

মেচখনত ৰৌফে তেওঁৰ নিৰ্ধাৰিত চাৰি অভাৰত 37 ৰাণ খৰচ কৰে । আমেৰিকাই এটা উইকেট হেৰুৱাই ৯৪ ৰাণত খেলি থকাৰ সময়ত পাকিস্তানে ১২ অভাৰৰ পিচত বলটো সলনি কৰে । বল সলনি হোৱাৰ পিচত আমেৰিকান বেটাৰে ৰাণ সংগ্ৰহৰ গতি অব্যাহত ৰাখি শ্বাহিন আফ্ৰিদিৰ বলত এটা চাৰি আৰু ছয় মাৰে । কিন্তু হাৰিছ ৰৌফে 15 নম্বৰ অভাৰত দলক এক গুৰুত্বপূৰ্ণ সফলতা প্ৰদান কৰি আমেৰিকান বেটাৰ গৌচক এটা গুড লেন্থ বলেৰে ৰিভাৰ্চ ছুইঙৰ দ্বাৰা অফ-ষ্টাম্পৰ ওপৰত আঘাত কৰে ।

আউট হোৱাৰ কিছু মুহূৰ্তৰ পিচতে ৰাষ্টিয়ে তেওঁৰ 'এক্স' একাউণ্টত আন্তৰ্জাতিক ক্ৰিকেট পৰিষদক (আইচিচি) বিষয়টো অনুসন্ধান কৰিবলৈ অনুৰোধ জনায় । লগতে দাবী কৰে যে ৰৌফে তেওঁৰ নখেৰে বলটো আঁচুৰি বিকৃত কৰিছে ।

অৱশ্যে আইচিচিৰ তৰফৰ পৰা এই বিষয়ত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই ।

উল্লেখ্য যে শ্বাসৰুদ্ধকাৰী মেচখন অন্তিম অভাৰত সমান ৰাণ সংখ্যাত উপীনত হোৱাত মেচখন ছুপাৰ অভাৰলৈ যায় । ছুপাৰ অভাৰত পাকিস্তান পৰাস্ত হয় । মহম্মদ আমিৰে ছুপাৰ অভাৰত ১৮ ৰাণ খৰচ কৰাৰ বিপৰীতে আমেৰিকাৰ হৈ সৌৰভ নেত্ৰভালকাৰে পাকিস্তানী বেটছমেনক বান্ধি ৰাখি মেচখনত জয়ৰ হাঁহি মাৰে ।

লগতে পঢ়ক :টি 20 বিশ্বকাপত অঘটন : আমেৰিকাৰ হাতত পৰাস্ত পাকিস্তান - T20 World Cup 2024

লগতে পঢ়ক :অৱসৰৰ পিচত প্ৰত্যাৱৰ্তন: তথাপিও টি 20 বিশ্বকাপৰ পৰা আঁতৰত ইমাদ ৱাছিম - T20 World Cup 2024

ABOUT THE AUTHOR

...view details