অসম

assam

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 10:18 AM IST

ETV Bharat / sports

নেডাৰলেণ্ডক ২৫ ৰাণত পৰাস্ত বাংলাদেশৰ, পুনৰ উজলিল অভিজ্ঞ শ্বাকিব - ICC T20 World Cup 2024

ICC T20 World Cup 2024: টি-২০ বিশ্বকাপৰ চলিত ছিজনৰ ২৭ সংখ্যক খেলখনত বাংলাদেশে নেডাৰলেণ্ডক পৰাস্ত কৰে । এই বিজয়ে বাংলাদেশক চুপাৰ-৮ ত স্থান লাভৰ ক্ষেত্ৰত সহায় কৰিব ! শ্বাকিব আল হাছানক প্লেয়াৰ অফ দ্য মেচৰ বঁটা প্ৰদান ।

ICC T20 World Cup 2024
নেডাৰলেণ্ডক ২৫ ৰাণত পৰাস্ত বাংলাদেশৰ (ETV Bharat)

স্পৰ্টছ ডেস্ক, ১৪ জুন : চলিত আইচিচি টি-২০ বিশ্বকাপৰ চুপাৰ-৮ পৰ্যায়লৈ যোৱাৰ পথত আন এটা দল । বৃহস্পতিবাৰে নেডাৰলেণ্ডক ২৫ ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাত শক্তিশালী স্থিতিত আছে বাংলাদেশ । শ্বাকিব আল হাছানৰ অপৰাজিত অৰ্ধশতকে গ্ৰুপ ডিৰ খেলখনত বাংলাদেশক জয়ী হোৱাত সহায় কৰে । লগতে দলটোৱে চুপাৰ ৮ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জনৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়ি থাকিল ।

বাংলাদেশ আৰু নেডাৰলেণ্ড গ্ৰুপৰ দ্বিতীয় কোৱালিফাইং স্থানৰ বাবে প্ৰতিযোগিতাত আছে । আনহাতে দক্ষিণ আফ্ৰিকাই তিনিখন মেচৰ আটাইকেইখনতে জয়লাভ কৰি চুপাৰ ৮ত দলটোৰ স্থান নিশ্চিত কৰিছে । শ্বাকিবে ৪৬ টা বলত অপৰাজিত ৬৪ ৰাণ সংগ্ৰহ কৰে আৰু বাংলাদেশক ২০ অভাৰত ১৫৯/৫ লৈ লৈ যায় । পিচত বাংলা টাইগাৰ্ছৰ ৰিছাদ হুছেইনৰ ৩ টা আৰু তাস্কিন আহমেদৰ ২ টা উইকেটৰ সহায়ত এই স্ক'ৰ ডিফেণ্ড কৰিবলৈ সক্ষম হয় ।

নেডাৰলেণ্ড দলটোক ২০ অভাৰত ১৩২ ৰাণতে আৱদ্ধ কৰি ৰাখিলে বাংলাদেশৰ বলাৰে । নেডাৰলেণ্ডৰ বেটিং অৰ্ডাৰৰ শীৰ্ষ ৫ গৰাকী বেটছমেনৰ স্ক'ৰ কিছু আশানুৰূপ আছিল । যাৰ বাবে খেলখন দীৰ্ঘ সময় ধৰি ৰোমাঞ্চকৰ হৈ থাকে । কিন্তু উইকেটবোৰ দ্ৰুতগতিত পৰিবলৈ আৰম্ভ কৰিলে আৰু নেডাৰলেণ্ডে প্ৰয়োজনীয় ৰাণ-ৰেট ৰক্ষা কৰাত ব্যৰ্থ হয় । ইয়াৰ লগে লগে তেওঁলোকৰ বিজয়ৰ প্ৰচেষ্টাও বিফল হয় ।

বাংলাদেশৰ বাবে শ্বাকিব আল হাছান আছিল নায়ক । শ্বাকিবে ৪৬ টা বলত ৬৪ ৰাণৰ অপৰাজিত এক আকৰ্ষণীয় ইনিংছ খেলে । যাৰ বাবে দলটোৱে ১৫৯ ৰাণৰ তুলনামূলক ভাল স্ক'ৰ কৰিবলৈ সক্ষম হয় । একেদৰে তানজিদ হাছান (৩৫), মাহমুদুল্লাহ (২৫) আৰু জাইকাৰ আলীয়ে (১৪ নট আউট) অৱদান আগবঢ়ায় ।

শ্বাকিবে প্ৰায় ৭৪ মিনিট ধৰি ক্ৰীজত আছিল । টছত জয়ী হোৱাৰ পিচত নেডাৰলেণ্ডে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল । নেডাৰলেণ্ডৰ হৈ আৰিয়ান দত্তই ২ টা, পল ভান মিকেৰেনে ২ টা আৰু টীম প্ৰিংগেলে ১ টা উইকেট দখল কৰে । খেলখনত উন্নত প্ৰদৰ্শনৰ বাবে শ্বাকিব আল হাছানক প্লেয়াৰ অফ দ্য মেচৰ বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক :কানাডাৰ বিৰুদ্ধে খেলৰ পাচতে ঘৰমুৱা হ’ব দুই ভাৰতীয় খেলুৱৈ - T20 World Cup 2024

ABOUT THE AUTHOR

...view details