স্প’ৰ্টছ ডেস্ক, ১২ জুন:চলিতটি 20 বিশ্বকাপৰ ২৪ সংখ্যক মেচত অষ্ট্ৰেলিয়াই নামিবিয়াক ৯ উইকেটত পৰাস্ত কৰি ছুপাৰ এইটত স্থান লাভ কৰে । টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ অহা নামিবিয়াৰ দলটো অষ্ট্ৰেলিয়াৰ বলাৰৰ হাতত ধৰাশায়ী হৈ পৰে ৷ ১৭ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই নামিবিয়াই মাত্ৰ ৭২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।
ইয়াৰ প্ৰত্যুত্তৰত কেংগাৰু বাহিনীয়ে বেটিং কৰি মাত্ৰ ৫.৪ অভাৰত খেলখন দখল কৰে । অষ্ট্ৰেলিয়াৰ এডাম জাম্পাক উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয় ।
লগতে পঢ়ক:টি 20 বিশ্বকাপ : 7 উইকেটত কানাডাৰ বিৰুদ্ধে জয় লাভ পাকিস্তানৰ - T20 World Cup 2024
নামিবিয়াৰ হৈ অধিনায়ক গেৰহাৰ্ড ইৰাছমাছে মুঠ স্ক’ৰৰ আধা ৰাণ সংগ্ৰহ কৰে । তেওঁ ৪৩ টা বলত ৪টা চাৰি আৰু এটা ছয়ৰ সহায়ত সৰ্বাধিক ৩৬ ৰাণ সংগ্ৰহ কৰে । ইফালে মাইকেল ভ’গানে ১০ ৰাণৰ বৰঙণি আগবঢ়ায় । তেওঁলোকৰ বাহিৰে আন কোনো এজন বেটছমেনে ডাবল ফিগাৰ স্পৰ্শ কৰাত ব্যৰ্থ হয় ৷
অষ্ট্ৰেলিয়াৰ বলাৰসকলে খেলখনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে ৷ এডাম জাম্পাই ৪ অভাৰত গড়ে ৩ ৰাণকৈ ১২ ৰাণ দি ৪ টাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰে । ইয়াৰ উপৰিও জোছ হেজলউডে ৪ অভাৰত ১৮ ৰাণত দুটা উইকেট দখল কৰে । অল ৰাউণ্ডাৰ মাৰ্কাছ ষ্টয়নিছেও দুটা উইকেট দখল কৰে । ইয়াৰ উপৰিও নাথান এলিছ আৰু পেট কামিন্সে এটাকৈ উইকেট দখল কৰে ।
লগতে পঢ়ক:ভাৰত জয়ী হোৱা নাই...পাকিস্তান হাৰিছে মাত্ৰ: প্ৰাক্তন পাক অধিনায়ক মুস্তাক মহম্মদ - T20 World Cup 2024
৫.৪ অভাৰত নামিবিয়াৰ ৭৩ ৰাণৰ লক্ষ্যত উপনীত হয় অষ্ট্ৰেলিয়া দলটো । ডেভিদ ৱাৰ্ণাৰে ৮ টা বলত ৩ টা চাৰি আৰু এটা ছয়ৰ সহায়ত ২০ ৰাণৰ ইনিংছ খেলি খেলপথাৰৰ পৰা বিদায় লয় ৷ ট্ৰেভিছ হেডে ১৭ বলত ৩৪ ৰাণ আৰু অধিনায়ক মিচেল মাৰ্ছে ৯ বলত ১৮ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় ৷
চলিত বৰ্ষৰ টি 20 বিশ্বকাপত এতিয়ালৈকে অষ্ট্ৰেলিয়াই দুয়োখন মেচতে জয়লাভ কৰাৰ বিপৰীতে প্ৰতিদ্বন্দ্বী ইংলেণ্ডে দুয়োখন মেচতে পৰাস্ত হৈছে ৷ সেয়েহে ছুপাৰ-৮ ৰ অংক যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে ।
লগতে পঢ়ক:বিশ্বকাপৰ হাই ভল্টেজ মেচত ভাৰতৰ হাতত ৬ ৰাণত পৰাস্ত পাকিস্তান; বলাৰৰ উৎকৃষ্ট প্ৰদৰ্শন - T20 WORLD CUP 2024