স্প’ৰ্টছ ডেস্ক, 31 মে’:টী-20 বিশ্বকাপৰ নৱম সংস্কৰণৰ বাবে সাজু হৈছে ক্ৰিকেট বিশ্ব ৷ 2 জুনৰ পৰা টেক্সাছৰ গ্ৰেণ্ড প্ৰেৰী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ক্ৰিকেটৰ এই মহাৰণ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজে যুটীয়াভাৱে এইবাৰৰ টী 20 বিশ্বকাপৰ আয়োজকৰ ভূমিকা পালন কৰিছে ৷ ক্ৰিকেটৰ এই সৰ্ববৃহৎ প্ৰতিযোগিতাসমূহ কেৰিবিয়ান দ্বীপপুঞ্জ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ'ব ৷
আৰম্ভণিৰ পৰাই বিশ্বব্যাপী অনুৰাগীসকলক আকৰ্ষিত কৰা এই প্ৰতিযোগিতাখনৰ বুকুত খোদিত আছে বহু অভিলেখ ৷ আনকি অভিলেখ ভংগৰো খতিয়ান লিপিবদ্ধ আছে এই ইতিহাসত ৷ এই প্ৰতিবেদনত কোনবোৰ দলে সৰ্বাধিক ট্ৰফী জয় কৰিছিল, অধিনায়ক হিচাপে সৰ্বাধিক জয়, সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী, আগশাৰীৰ উইকেটকীপাৰ আৰু অসামান্য ফিল্ডিং প্ৰদৰ্শন আদিৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে ।
দলৰ অভিলেখসমূহ
- সৰ্বাধিক খিতাপ দখলকাৰী
ইংলেণ্ড (2) - 2010 আৰু 2022
ৱেষ্ট ইণ্ডিজ (2) - 2012 আৰু 2016
- সৰ্বাধিক মেচত জয়লাভ
শ্ৰীলংকা - 31 (51 মেচ)
পাকিস্তান - 28 (47 মেচ)
ভাৰত - 27 (44 মেচ)
- সৰ্বাধিক জয় (শতাংশ হিচাপত)
ভাৰত - 63.95 %
অষ্ট্ৰেলিয়া - 62.5%
শ্ৰীলংকা - 61.76%
- সৰ্বাধিক দলীয় স্ক’ৰ
শ্ৰীলংকা - 260/6 বনাম কেনিয়া (2007)
ইংলেণ্ড - 230/8 বনাম দক্ষিণ আফ্ৰিকা (2016)
দক্ষিণ আফ্ৰিকা - 229/4 বনাম ইংলেণ্ড (2016)
- সৰ্বনিম্ন দলীয় স্ক’ৰ
নেডাৰলেণ্ড - 39 বনাম শ্ৰীলংকা (2014)
নেডাৰলেণ্ড - 44 বনাম শ্ৰীলংকা (2021)
ৱেষ্ট ইণ্ডিজ - 55 বনাম ইংলেণ্ড (2021)
- সৰ্ববৃহৎ জয় (ৰাণৰ ক্ষেত্ৰত)
শ্ৰীলংকা - 172 ৰাণ বনাম কেনিয়া (2007)
দক্ষিণ আফ্ৰিকা - 130 ৰাণ বনাম স্কটলেণ্ড (2009)
আফগানিস্তান - 130 ৰাণ বনাম স্কটলেণ্ড (2021)
- সৰ্ববৃহৎ জয়(উইকেটৰ ক্ষেত্ৰত)
দক্ষিণ আফ্ৰিকা বনাম পাকিস্তান (10 টা উইকেট) (11.3 অভাৰত 130 ৰাণ)
অষ্ট্ৰেলিয়া বনাম শ্ৰীলংকা (10 উইকেট) (10.2 অভাৰত 102 ৰাণ)
কেনিয়া বনাম স্কটলেণ্ড (10 উইকেট) (12.3 অভাৰত 110 ৰাণ)
খেলুৱৈৰ দ্বাৰা প্ৰাপ্ত কৃতিত্ব
- সৰ্বাধিক মেচ
ৰোহিত শৰ্মা - 39
ছাকিব আল হাছান - 36
টিলাক্ৰাটনে দিলশান - 35
- সৰ্বাধিক ৰাণ
বিৰাট কোহলী - 1141 (25 ইনিংছ)
মাহেলা জয়াৱৰ্ধন - 1016 (31 ইনিংছ)
ক্ৰিছ গেইল - 965 (31 ইনিংছ)
- সৰ্বাধিক চাৰি
মাহেলা জয়াৱৰ্ধন - 111
বিৰাট কোহলী - 103
টিলাক্ৰাটনে দিলশান - 101
- সৰ্বাধিক ছয়
ক্ৰিছ গেইল - 63
ৰোহিত শৰ্মা - 35
জছ বাটলাৰ - 33
- বেছিভাগ ডাক
শ্বাহিদ আফ্ৰিদী - 5
টিলাক্ৰাটনে দিলশান - 5
জৰ্জ ডক্ৰেল - 4
- সৰ্বাধিক অৰ্ধশতক
বিৰাট কোহলী - 14