স্প’ৰ্টছ ডেস্ক, 16 অক্টোবৰ:এগৰাকী ফৰাচী ফুটবল তাৰকাৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্ষণৰ অভিযোগ ৷ ষ্টকহমত সংঘটিত হোৱা এক ধৰ্ষণৰ ঘটনাত নাম সাঙোৰ খাইছে ফুটবলাৰগৰাকীৰ ৷ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বৰ্তমান সময়লৈকে ফুটবলাৰগৰাকীৰ নাম ৰাজহুৱা হোৱা নাই যদিও তেওঁ ধৰ্ষণকাণ্ডটোত জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷
চুইডিছ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, শেহতীয়াকৈ ফুটবলাৰগৰাকীয়ে তেওঁৰ দলৰ আন আন সদস্যসকলৰ সৈতে এটা নাইট ক্লাবলৈ গৈছিল ৷ তাৰ পৰা উভতি অহাৰ পিছতে এগৰাকী 25 বছৰীয়া যুৱতীয়ে ফুটবলাৰগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত দাখিল কৰিছিল ধৰ্ষণৰ অভিযোগ ৷ স্থানীয় প্ৰশাসনে চৰকাৰী বিবৃতিৰ জৰিয়তে নিশ্চিত কৰিছিল যে ঘটনাটোৰ সৈতে সম্পৰ্কিত এক অভিযোগ দাখিল কৰা হৈছে ।
প্ৰতিবেদনত নিশ্চিত কৰা হৈছিল যে হোটেলখনত 10 অক্টোবৰত এনে এটা ঘটনা সংঘটিত হৈছিল ৷ কিন্তু এই গোচৰটোত কোনো সন্দেহজনক ব্যক্তিৰ নাম উল্লেখ কৰা হোৱা নাছিল । লগতে, বিবৃতিটোত উল্লেখ কৰা হৈছে যে এই সময়ত ঘটনা সন্দৰ্ভত কোনো তথ্য শ্বেয়াৰ কৰিব নোৱাৰি ।