স্পৰ্টছ ডেস্ক,২৮ মাৰ্চ :আইপিএলৰ এখন গুৰুত্বপূৰ্ণ মেচত বুধবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৩১ ৰাণৰ ঐতিহাসিক বিজয় সাব্যস্ত কৰে । প্ৰথমে বেটিং কৰি আইপিএলৰ ইতিহাসত সৰ্বাধিক স্ক'ৰ কৰিবলৈ সক্ষম হয় ছানৰাইজাৰ্ছ হায়দৰাবাদ । মুম্বাইৰ সন্মুখত হায়দৰাবাদে ২৭৮ ৰাণৰ বৃহৎ লক্ষ্য আগত ৰাখে । অৱশ্যে মুম্বাইৰ দলটোৱেও প্ৰত্যুত্তৰ স্বৰূপে ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ২৪৬ ৰাণ সংগ্ৰহ কৰে । যাৰ বাবে মুম্বাইয়ে ৩১ ৰাণৰ ব্যৱধানত খেলখনত পৰাজিত হয় ।
পৰাজিত হ'লেও খেলখনত এটা সময়লৈ দলটোৱে হায়দৰাবাদক কঠোৰ প্ৰত্যাহ্বান দিবলৈ সক্ষম হৈছিল । মুম্বাই ইণ্ডিয়ানছৰ হৈ তিলক বাৰ্মাই সৰ্বাধিক ৬৪ ৰাণ সংগ্ৰহ কৰে । একে সময়তে, জয়দেৱ উনাদকাট আৰু পেট কামিন্সে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ ২ টাকৈ উইকেট দখল কৰে ।
উল্লেখ্য যে মুম্বাইৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন কৰি হায়দৰাবাদে ঘৰুৱা খেলপথাৰত আইপিএলৰ ইতিহাসত সৰ্বাধিক স্ক'ৰ কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে বেংগালুৰুয়ে ২৬৩ ৰাণ সংগ্ৰহ কৰিছিল । হায়দৰাবাদৰ ৩ গৰাকী বেটছমেনে দ্ৰুত অৰ্ধ-শতক অৰ্জন কৰে । য'ত ট্ৰেভিছ হেডে সুন্দৰ বেটিং কৰি ৬২ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ লগতে অভিষেক শৰ্মাই আক্ৰমণাত্মক বেটিং কৰি মাত্ৰ ২৩ টা বলত ৬৩ ৰাণ সংগ্ৰহ কৰে । তাৰ পিচত হেনৰিখ ক্লাছেন আৰু এডাম মাৰ্ক্ৰাম অপৰাজিত হৈ থাকে । ক্লাছেনে ৩৪ টা বল খেলি ৮০ ৰাণ সংগ্ৰহ কৰে ।