অসম

assam

ETV Bharat / sports

বয়সে হাৰ মানিব নোখোজে, বলৰ পিছে পিছে দৌৰিছে ককাহঁত - SENIOR CITIZEN FOOTBALL MATCH

দৰং জিলাৰ এখন বিশেষ ফুটবল মেচ । মাঘ বিহু উপলক্ষে প্ৰতিবছৰে সকলোৰে দৃষ্টি থাকে এই খেলখনত ।

Senior Citizen football match
বয়সে হাৰ মানিব নোখোজা;বলৰ পিছে পিছে দৌৰিছে ককাহঁতে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 15, 2025, 10:43 AM IST

মঙলদৈ : "এয়া, কেই মুহূৰ্তমান পিছতেই খেলখন আৰম্ভ হ'ব । পৰিচালক মহোদয়ে ইফালে সিফালে চাইছে । হুইছেল মাৰিছে । সুন্দৰভাৱে নেপালৰ দলটোৱে বলটো আগুৱাই লৈ গৈ আছে । ইতিমধ্যে বলটো তীব্ৰগতিত মাৰি দিছে চম্পা ৰাম ডেকাই, কিন্তু মাইছা বুঢ়াৰ ভৰিত বলটো, মাইছাই বলটো লাহে লাহে আগুৱাই আনিছে । কিন্তু টকৰোৱে বাধা দিছে, টকৰোৱে লাহে লাহে ঠেলি দিছে ৰাম কুমাৰক ।" এনেদৰেই ধাৰাবাহিক ভাষ্য প্ৰদান কৰি উত্তেজনা পূৰ্ণ খেলখন আকৰ্ষণীয় কৰি তুলিছে তিনিগৰাকী বয়সস্থ লোকে ।

বৃদ্ধলোকৰ ফুটবল মেচ

বয়সে হাৰ মানিব নোখোজে, বলৰ পিছে পিছে দৌৰিছে ককাহঁত (ETV Bharat Assam)

এয়া আচলতে এক দীৰ্ঘদিনীয়া পৰম্পৰা । পৰম্পৰা ৰক্ষা কৰি দৰং জিলাৰ ছিপাঝাৰত ভোগালী বিহু উপলক্ষে কোধেৰীয়া খেলপথাৰত ৭০ বছৰ উৰ্ধৰ লোকৰ মাজত অনুষ্ঠিত হৈছে তীব্ৰ উত্তেজনাপূর্ণ ফুটবল খেল । স্থানীয় পূৱ বৈৰাগীপাৰা আৰু পশ্চিম মহলীয়াপাৰাৰ সৌজন্যত ২৯ সংখ্যক বৃদ্ধ লোকৰ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । য'ত স্থানীয় বৃদ্ধসকলে অংশগ্ৰহণ কৰিছে । এই আকৰ্ষণীয় খেলখল উপভোগ কৰিবলৈ বিভিন্ন স্থানৰ পৰা ক্ৰীড়াপ্ৰেমীৰ আগমন হৈছে ।

উল্লেখ্য যে প্ৰতিবছৰে ভোগালী বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় ৭০ বছৰ উৰ্ধৰ লোকৰ ফুটবল খেলখনৰ । এই খেলখনৰ বাবেই ৰৈ থাকে গাঁওবাসী । ইফালে তিনিগৰাকীকৈ ধাৰা ভাষ্যকাৰে আৰু অধিক আকৰ্ষণীয় কৰি তোলে এই ফুটবল খেলখন । সমগ্ৰ দৰং জিলাখনৰ বাবেই এই খেলখন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে । প্ৰতি বছৰৰ দৰে এইবাৰো তীব্ৰ উত্তেজনাপূৰ্ণ এই খেলখন অনুষ্ঠিত হয় ।

এই সন্দৰ্ভত এগৰাকী উদ্যোক্তাই কয়, "১৯৯৬ চনৰ পৰাই পূৱ বৈৰাগীপাৰা আৰু পশ্চিম মহলীয়াপাৰাৰ সৌজন্যত বৃদ্ধসকলৰ ফুটবল খেলখন অনুষ্ঠিত হৈ আহিছে । ইয়াত কণ কণ ল'ৰা-ছোৱালী বিভিন্ন খেল-ধেমালি অনুষ্ঠিত হয় । তাৰ মাজতে বিশেষ আকৰ্ষণ হিচাৰে বৃদ্ধলোকৰ এই ফুটবল খেল আয়োজন কৰো ।"

লগতে পঢ়ক :মকৰ সংক্ৰান্তি আৰু পৰশুৰাম কুণ্ডৰ স্নানৰ আছে এক ওতঃপ্ৰোত সম্পৰ্ক - PARSHURAM KUND

ABOUT THE AUTHOR

...view details