অসম

assam

ETV Bharat / sports

ভাৰতৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাৰ দল ঘোষণা - IND VS SA T20 SERIES

Ind vs SA schedule: মাৰ্ক্ৰামে নেতৃত্ব দিব লগা ভাৰতৰ বিৰুদ্ধে 4 খন খেলৰ ঘৰুৱা টি-20 শৃংখলাৰ বাবে ঘোষণা কৰা হৈছে দক্ষিণ আফ্ৰিকাৰ দলটো ।

IND VS SA T20 SERIES
দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলটো (AP Photo)

By ETV Bharat Sports Team

Published : Oct 31, 2024, 5:12 PM IST

স্প’ৰ্টছ ডেস্ক: 8 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত 4 খন খেলৰ টি-20 শৃংখলা ৷ যাৰ বাবে বৃহস্পতিবাৰে ঘোষণা কৰা হৈছে দক্ষিণ আফ্ৰিকাৰ দলটো ।

দলটোৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে এডেন মাৰ্ক্ৰামৰ ওপৰত ৷ আনহাতে, মাৰ্কো জানচেন আৰু গেৰাল্ড কোয়েটজীক এই 16 জনীয়া দলটোত অন্তৰ্ভুক্ত কৰা হৈছে ।

ক্ৰিকেট দক্ষিণ আফ্ৰিকাই (চি এছ এ) এই দুগৰাকী ফাষ্ট বলাৰক দীঘলীয়া বিৰতিৰ মূৰত দলটোত অন্তৰ্ভুক্ত কৰিছে ৷ তদুপৰি তেওঁলোকে চি এছ এ-ৰ ঘৰুৱা টি-20 শৃংখলাৰ জৰিয়তে দললৈ প্ৰত্যাৱৰ্তন কৰাৰ সুযোগ প্ৰদান কৰা হৈছে ৷

ৰাবাডাক বিশ্ৰাম

হেনৰিখ ক্লাসেন, ডেভিদ মিলাৰ আৰু কেশৱ মহাৰাজেও দলটোত স্থান লাভ কৰিছে । তাৰকা পেচাৰ কাগিচো ৰাবাডাক শৃংখলাটোৰ বাবে বিশ্ৰাম দিয়া হৈছে ৷ আনহাতে, লুংগী এনগিডিকো দলৰ পৰা বাদ দিয়া হৈছে ৷ ক্ৰিকেটাৰগৰাকীক শ্ৰীলংকা আৰু পাকিস্তানৰ বিৰুদ্ধে টেষ্টৰ পূৰ্বে প্ৰস্তুতি অব্যাহত ৰাখিবলৈ সময় প্ৰদান কৰা হৈছে ৷

চিপামলা কেৱল তৃতীয় আৰু চতুৰ্থ খেলৰ বাবে উপলব্ধ

26 বছৰীয়া দ্ৰুত বলাৰ লুথো চিপামলাক মাত্ৰ তৃতীয় আৰু চতুৰ্থ টি-20 ৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে । চি এছ এ টি-20 শৃংখলাত সুন্দৰ প্ৰদৰ্শনৰ পিছত 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ পিছত প্ৰথমবাৰৰ বাবে চিপামলাই আফ্ৰিকাৰ সীমিত অভাৰৰ খেললৈ উভতিছে ।

টি 20 শৃংখলাত অংশগ্ৰহণৰ উদ্দেশ্যে দক্ষিণ আফ্ৰিকাৰ দলটো 4 নৱেম্বৰত ডাৰবানত একত্ৰিত হ'ব ৷ বাংলাদেশত চলি থকা টেষ্ট শৃংখলা সমাপ্ত হোৱাৰ পিছত 6 নৱেম্বৰত মহাৰাজ, মাৰ্ক্ৰাম, ৰিয়ান ৰিকলটন আৰু ট্ৰিষ্টান ষ্টবছে দলত যোগদান কৰিব ।

টি-20 শৃংখলাৰ সম্পূৰ্ণ সময়সূচী

শৃংখলাৰ প্ৰথমখন খেল 8 নৱেম্বৰত ডাৰবানৰ কিংছমিড ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৷ যাৰ পিছত দুয়োটা দলে 10 নৱেম্বৰত ছেইণ্ট জৰ্জ পাৰ্কত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন খেলৰ বাবে গেকেবাৰালৈ যাব ৷ শৃংখলাটোৰ তৃতীয়খন খেল 13 নৱেম্বৰত চেঞ্চুৰিয়ানৰ চুপাৰস্প’ৰ্ট পাৰ্কত অনুষ্ঠিত হ'ব ৷ আনহাতে, চতুৰ্থ তথা অন্তিমখন খেল 15 নৱেম্বৰত জোহান্সবাৰ্গৰ ৱাণ্ডাৰৰ্ছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।

ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাৰ দলটো

এডেন মাৰ্ক্ৰাম (অধিনায়ক), ওটানিয়েল বাৰ্টমেন, গেৰাল্ড কোয়েটজি, ডোনোভান ফেৰেৰা, ৰিজা হেণ্ড্ৰিক্স, মাৰ্কো জানচেন, হেনৰিখ ক্লাসেন, পেট্ৰিক ক্ৰুগাৰ, কেশৱ মহাৰাজ, ডেভিড মিলাৰ, মিহলালি মংৱানা, নাকাবা পিটাৰ, ৰিয়ান ৰিকলটন, এণ্ডিল চিমেলিন, লুথো চিপামলা (তৃতীয়, চতুৰ্থ টি-20) আৰু ট্ৰিষ্টান ষ্টুবচ ।

লগতে পঢ়ক:উৎসৱৰ বতৰত তলা মাৰি থৈ নাযাব আপোন ঘৰখনত; ক্ৰিকেটাৰকো নেৰিলে চোৰে

ABOUT THE AUTHOR

...view details