স্প’ৰ্টছ ডেস্ক, 16 ছেপ্টেম্বৰ:সমাগত টেষ্ট শৃংখলাৰ বাবে সাজু হৈছে অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বাধীন টীম ইণ্ডিয়া । এই শৃংখলাত ভাৰত-বাংলাদেশৰ মাজত দুখন টেষ্ট মেচ অনুষ্ঠিত হ’ব । 19 ছেপ্টেম্বৰৰ পৰা চেন্নাইত আৰম্ভ হ’ব প্ৰথমখন মেচ ৷
ইতিমধ্যে টীম ইণ্ডিয়াৰ খেলুৱৈসকল চেন্নাইত উপস্থিত হৈ আৰম্ভ কৰিছে অনুশীলন । দলৰ আন আন সদস্যসকলৰ সমান্তৰালকৈ অধিনায়ক ৰোহিত শৰ্মাৰ বাবেও গুৰুত্বপূৰ্ণ এই শৃংখলা । কাৰণ এই শৃংখলাৰ সময়তে ৰোহিতে লাভ কৰিব এক বৃহৎ আৰু গুৰুত্বপূৰ্ণ অভিলেখ গঢ়াৰ সুযোগ ৷
বীৰেন্দ্ৰ সেহৱাগৰ অভিলেখ ভংগৰ সুযোগ পাব ৰোহিত শৰ্মাই
এক বৃহৎ সুযোগে অপেক্ষা কৰি আছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মালৈ ৷ এই পৰ্যন্ত টেষ্ট মেচত ৰোহিত শৰ্মাই কোবাইছে 84 টা ছয় ৷ যাৰ লগে লগে ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটত সৰ্বাধিক ছয় কোবোৱা টীম ইণ্ডিয়াৰ বেটছমেনৰ তালিকাৰ দ্বিতীয় স্থানত আছে খেলুৱৈগৰাকী ।