অসম

assam

ETV Bharat / sports

দিল্লী কেপিটেলছ এৰিব নেকি ঋষভ পন্তে? মাজনিশাৰ পোষ্টক লৈ উৎকণ্ঠিত অনুৰাগীসকল

ঋষভ পন্তে আই পি এল 2025 ত দিল্লী কেপিটেলছৰ সৈতে তেওঁৰ ভৱিষ্যতৰ বিষয়ে এক্সত পোষ্ট কৰি বহুতো জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে।

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 4:14 PM IST

RISHABH PANT
ঋষভ পন্ত (AFP)

স্পৰ্টছ ডেস্ক, 12 অক্টোবৰ: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ফ্ৰেঞ্চাইজি দিল্লী কেপিটেলছৰ (ডিচি) অধিনায়ক ঋষভ পন্তে তেওঁৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত এটা ৰহস্যজনক পোষ্ট কৰাক লৈ এতিয়া কৌতুহলৰ সৃষ্টি হৈছে ৷ এই পোষ্টক লৈ এতিয়া অনুৰাগীসকলৰ মাজত এই প্ৰশ্নৰ উদয় হৈছে যে উইকেটকিপাৰ বেটছমেনজনে বাৰু দিল্লী কেপিটেলছ এৰিব নেকি, যিটো দলক তেওঁ ২০১৬ চনত আই পি এলত আত্মপ্ৰকাশ কৰাৰে পৰা প্ৰতিনিধিত্ব কৰি আহিছে।

পন্তৰ এটা পোষ্টে তুলিছে খলকনি

বাওঁহতীয়া উইকেট-ৰক্ষক বেটছমেন আৰু দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্তে শুকুৰবাৰে নিশা কৰা এটা পোষ্টে অনুৰাগীসকলৰ মাজত এক আলোড়নৰ সৃষ্টি কৰে। পন্তে মাজনিশা তেওঁৰ এক্স হেণ্ডেলত এটা আশ্চৰ্যজনক টুইট কৰে, যাৰ ফলত তেওঁৰ অনুৰাগীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তেওঁ পোষ্টটোত লিখে, 'যদি মই নিলামলৈ যাওঁ, মই বিক্ৰী হ’ম নে নহওঁ আৰু কিমান দামত?'

পন্তৰ টুইটটোৱে অলপ সময়ৰ ভিতৰতে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ধৰে আৰু তেওঁলোকে পোষ্টৰ প্ৰতি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে।

শ্ৰেয় (@SadlyShreyy) নামৰ এজন এক্স ব্যৱহাৰকাৰীয়ে লিখিছে, "শেষ নিশাৰ নিচাগ্ৰস্ত চিন্তা ..."

আন এগৰাকী এক্স ব্যৱহাৰকাৰী ঈশাই (@jeezesha) লিখিছে, 'অনুগ্ৰহ কৰি আপোনাৰ ফোনটো আঁতৰাই ৰাখক আৰু সুৰাপান কৰি আপোনাৰ সময় অপচয় নকৰিব'।

অন্য এজন এক্স ব্যৱহাৰকাৰী দিব্যমে (@div_yumm) লিখিছে, 'নিলামলৈ যাওক, ,সেই সময়ত গাড়ী নচলাব'।

আন এজন এক্স ব্যৱহাৰকাৰী জুনেইদ খানে (@JunaidKhanation) লিখিছে, "যদি মুঠ বাজেট 120 কোটি হয়, তেন্তে ঋষভ পন্তে সহজে 18 কোটিতকৈ অধিক লাভ কৰিব। ভাৰতীয় খেলুৱৈ, অধিনায়কত্বৰ বিকল্প, উইকেটকিপাৰ, ছিক্স হিটাৰ, তাৰকা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ'।

আঘাতৰ বাবে 2023 চনৰ আই পি এল ছিজনত অংশগ্ৰহণ নকৰা পন্তে এই বছৰৰ আই পি এল ছিজনৰ সৈতে ক্ৰিকেটলৈ উভতি আহিছে। বাওঁহতীয়া খেলুৱৈগৰাকীয়ে 111 খন আই পি এল মেচত 148.93 ষ্ট্ৰাইক ৰেটত 3284 ৰাণ সংগ্ৰহ কৰিছে। তেওঁ তেওঁৰ আই পি এল কেৰিয়াৰত এটা শতক আৰু 18 টা অৰ্ধ-শতক অৰ্জন কৰিছে।

পৰৱৰ্তী সময়ত, পন্তে টি-20 বিশ্বকাপ 2024 ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, য'ত মেন ইন ব্লু বিজয়ী হৈছিল আৰু তেওঁলোকৰ 11 বছৰীয়া আইচিচি ট্ৰফী-বিহীন খৰাং সময় সমাপ্ত কৰিছিল। প্ৰতিযোগিতাখনত পন্তে দুটা অৰ্ধশতক অৰ্জন কৰি টি-20 বিশ্বকাপত ভাৰতৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

লগতে পঢ়ক:"কামবেক কিং" ঋষভ পন্তৰ জন্মদিন; খেলুৱৈগৰাকীৰ বিষয়ে নজনা কিছু কথা - HAPPY BIRTHDAY RISHABH PANT

ABOUT THE AUTHOR

...view details