অসম

assam

ETV Bharat / sports

এটা যুগৰ অন্ত ! আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক চিৰবিদায় ভাৰতীয় ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ - R ASHWIN ANNOUCES RETIREMENT

Ravichandran Ashwin retirement: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আকস্মিকভাৱে অৱসৰ ঘোষণা ভাৰতৰ অভিজ্ঞ অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ৷ ব্ৰীছবেনৰ গাব্বা টেষ্টেই কেৰিয়াৰৰ শেষৰখন মেচ ৷

R Ashwin annouces retirement
ৰবিচন্দ্ৰন অশ্বিন (ANI Photo)

By ETV Bharat Sports Team

Published : Dec 18, 2024, 12:06 PM IST

স্প’ৰ্টছ ডেস্ক: ক্ৰিকেটপ্ৰেমীসকলৰ বাবে এক দুঃখবৰ ৷ টীম ইণ্ডিয়াৰ অভিজ্ঞ সোঁহতীয়া অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক আৰু দেখিবলৈ নাপাব খেলপথাৰত ৷ কিয়নো ক্ৰিকেটাৰগৰাকীয়ে ঘোষণা কৰিছে অৱসৰ ৷

সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বুধবাৰে অৱসৰ ঘোষণা কৰে ক্ৰিকেটাৰগৰাকীয়ে ৷ গাব্বাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টেষ্ট অমীমাংসিতভাৱে সামৰণি পৰাৰ পিছত এক সংবাদমেল সম্বোধন কৰি অশ্বিনে অৱসৰৰ কথা ৰাজহুৱা কৰে ৷

ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টেষ্টৰ অন্তিম দিনটোৰ আৰম্ভণিৰ পৰাই এগৰাকী তাৰকা ভাৰতীয় খেলুৱৈৰ অৱসৰৰ বিষয়ে চৰ্চা চলা পৰিলক্ষিত হৈছিল ৷ বৰষুণ প্ৰভাৱিত ব্ৰীছবেন টেষ্টৰ অন্তিম দিনটোত বিৰাট কোহলীয়ে ৰবিচন্দ্ৰন অশ্বিনক আলিংগন কৰাৰো বিশেষ দৃশ্য পৰিলক্ষিত হৈছিল ।

খেলখন অমীমাংসিতভাৱে সামৰণি পৰাৰ পিছত অশ্বিনে অৱসৰ ঘোষণা কৰে । 39 বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে আকস্মিকভাৱে গ্ৰহণ কৰা অৱসৰৰ ঘোষণাই ক্ৰিকেট অনুৰাগীসকলক হতবাক কৰি তোলে ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্যসমাপ্ত গাব্বা টেষ্টেই আছিল ক্ৰিকেটাৰগৰাকীৰ কেৰিয়াৰৰ শেষৰখন আন্তঃৰাষ্ট্ৰীয় মেচ । বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ এতিয়াও বাকী থকা আন দুখন মেচত দেখা নাযাব অশ্বিনক ৷

অশ্বিনৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ

ৰবিচন্দ্ৰন অশ্বিনৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ অতি আকৰ্ষণীয় । অশ্বিনৰ নামত আছে 537 টা টেষ্ট উইকেট, 156 টা এদিনীয়া উইকেট আৰু 72 টা টি-20 উইকেট । বিশেষকৈ ক্ৰিকেটৰ সৰ্বাধিক দীঘলীয়া ফৰ্মেটত বেটৰ জৰিয়তে নিজৰ নাম উজ্বলাই তোলা অশ্বিনে 106 খন মেচৰ 151 টা ইনিংছত সংগ্ৰহ কৰিছে মুঠ 3,503 ৰাণ ৷ টেষ্টতো অশ্বিনে 6 টা শতক অৰ্জন কৰিছে । বল আৰু বেটৰ এই দৰ্শনীয় প্ৰদৰ্শনে অশ্বিনক এগৰাকী তাৰকা অলৰাউণ্ডাৰত পৰিণত কৰিছে ।

বি চি চি আইৰ অভিনন্দন

বি চি চি আইয়ে সামাজিক মাধ্যম এক্সৰ জৰিয়তে এক পোষ্ট প্ৰকাশ কৰি বিশিষ্ট স্পিনাৰগৰাকীৰ যাদুক উচ্চ প্ৰশংসা কৰে ৷ বি চি চি আইয়ে অশ্বিনক উদ্দেশ্যি শ্বেয়াৰ কৰা পোষ্টটোত লিখিছে এনেদৰে, "ধন্যবাদ অশ্বিন । আয়ত্ব, যাদু, প্ৰতিভা আৰু উদ্ভাৱনৰ সমাৰ্থক নাম । #TeamIndia ৰ উৎকৃষ্ট স্পিনাৰ আৰু অমূল্য অলৰাউণ্ডাৰগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে । এক সুন্দৰ কেৰিয়াৰৰ বাবে অভিনন্দন অশ্বিন"।

লগতে পঢ়ক:ঐতিহাসিক বিজয়ৰ সৈতে এইগৰাকী ফাষ্ট বলাৰৰ 16 বছৰীয়া কেৰিয়াৰৰ সামৰণি

ABOUT THE AUTHOR

...view details