অসম

assam

ETV Bharat / sports

খেল নহ’ল বৰ্ষাপাৰাত; দৰ্শকে ওভতাই পাব টিকটৰ সম্পূৰ্ণ মূল্য - RAJASTHAN ROYALS REFUND TICKETS - RAJASTHAN ROYALS REFUND TICKETS

KKR VS RR: ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ আই পি এলৰ খেলখনৰ টিকটৰ ধন ঘূৰাই পাব দৰ্শকে ৷ বুধবাৰৰ পৰা আৰম্ভ হ'ব IPL ৰ টিকটৰ মূল্য ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া । অফলাইন প্ৰক্ৰিয়াৰে টিকট ক্ৰয় কৰা সকলে নিৰ্দিষ্ট টিকট কাউণ্টাৰসমূহৰ পৰা টিকটৰ মূল্য সংগ্ৰহ কৰিব পাৰিব ।

RAJASTHAN ROYALS
RAJASTHAN ROYALS REFUND TICKETS (ANI)

By ETV Bharat Assamese Team

Published : May 20, 2024, 8:36 PM IST

গুৱাহাটী, 20 মে’: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ফ্ৰেঞ্চাইজি ৰাজস্থান ৰয়েলছে (আৰ আৰ) সোমবাৰে ঘোষণা কৰে যে বৰষুণৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে গুৱাহাটীৰ বৰ্ষাপাৰাত খেলিবলগীয়া খেলখন বাতিল কৰা হয় । সোমবাৰে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে আৰ আৰে এই ঘোষণা কৰে । তেওঁলোকে তেওঁলোকৰ এক্স হেণ্ডেলত এটা গ্রাফিক পোষ্ট কৰিছিল য’ত উল্লেখ কৰা হৈছিল যে সকলো বৈধ টিকটধাৰীয়ে ধন ঘূৰাই পাব ৷

কেনেকৈ লাভ কৰিব টিকটৰ ধন ?

দুটা পৰ্যায়ত কাৰ্যকৰী কৰা হ'ব এই প্ৰক্ৰিয়া । যিসকল দৰ্শকে অফলাইন প্ৰক্ৰিয়াৰে টিকট ক্ৰয় কৰিছিল তেওঁলোকে নিৰ্দিষ্ট টিকট কাউণ্টাৰসমূহৰ পৰা টিকটৰ মূল্য সংগ্ৰহ কৰিব পাৰিব । আনহাতে যিসকল দৰ্শকে ৱেবচাইটযোগে অনলাই টিকট সংগ্ৰহ কৰিছিল তেওঁলোকে ৱেবচাইটযোগে টিকটৰ মূল্য ওভতাই পাব । অৱশ্যে, যিসকলে ক’লা বজাৰত টিকট ক্ৰয় কৰিছিল, সেইসকলে হেৰুৱাব ধন ।

130 কোটি টকাৰ টিকট বিক্ৰী:দেওবাৰে বর্ষাপাৰাত অনুষ্ঠিত হ'ব লগীয়া ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ খেল উপভোগ কৰাৰ বাবে অনলাইন আৰু অফলাইনযোগে সৰ্বমুঠ 37,800 টিকট বিক্ৰী হৈছিল । অৰ্থাৎ আই পি এল কৰ্তৃপক্ষই প্ৰায় 130 কোটি টকাৰ ব্যৱসায় কৰিছিল কেৱল টিকটৰ জৰিয়তে ।

ইফালে বীমাৰ নিয়ম অনুসৰি খেলপথাৰত মাত্ৰ এটা বল পৰিলেও বীমা কোম্পানীয়ে কোনো ধন ভৰিব নালাগে । কিন্তু প্ৰতিকূল বতৰৰ বাবে কৰ্তৃপক্ষ আৰু খেলুৱৈসকলে কোনোপধ্যে খেল আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে । ইয়াৰ পৰিৱৰ্তে আম্পায়াৰৰ সিদ্ধান্ত মৰ্মে খেলখন পৰিত্যক্ত ঘোষণা কৰি দুয়োটা দলকে 1 পইণ্টকৈ ভগাই দিয়া হয় ।

ৰাজস্থান ৰয়েলছৰ প্ৰতিক্ৰিয়া: "দুৰ্ভাগ্যজনক সন্ধিয়া, কিন্তু আপোনালোকৰ ধৈৰ্য্যৰ বাবে ধন্যবাদ । 1) ৰিফাণ্ড প্ৰক্ৰিয়াৰ বাবে আপোনাৰ টিকট অক্ষত ৰাখক । 2) বৈধ টিকটধাৰীক টিকটৰ সম্পূৰ্ণ মূল্য প্ৰদান কৰা হ'ব," আৰ আৰ এ এক্সত লিখিছে ।

লগতে পঢ়ক:বৰঝাৰৰ পৰা আহমেদাবাদলৈ ৰাওনা ৰাজস্থান ৰয়েলছ - Rajasthan Royals

ৰাজস্থান ৰয়েলছে প্ৰথম পাঁচখন খেল জয়পুৰৰ ঘৰুৱা খেলপথাৰ সাৱাই মানসিং ষ্টেডিয়ামত খেলিছিল । তেওঁলোকৰ দুৰ্গ হিচাপে প্ৰমাণিত হয় সেইখন ষ্টেডিয়াম ৷ সঞ্জু চেমছন নেতৃত্বাধীন দলটোৱে সাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত পাঁচখন খেলৰ ভিতৰত চাৰিখন খেলত জয়লাভ কৰে ।

গুৱাহাটীত হতাশজনক প্ৰদৰ্শন ৰাজস্থানৰ: দুখন খেল তেওঁলোকে দলৰ অন্যতম সদস্য ৰিয়ান পৰাগৰ ঘৰুৱা খেলপথাৰ গুৱাহাটীৰ বৰষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল । এই খেলপথাৰত তেওঁলোকৰ প্ৰথমখন খেল আশানুৰূপ নাছিল । প্ৰথমখন খেলত আৰআৰ অভাৱনীয়ভাৱে পঞ্জাৱ কিংছৰ হাতত 5 উইকেটত পৰাস্ত হোৱাৰ বিপৰীতে দ্বিতীয়খন খেল বৰষুণৰ বাবে এটাও বল নকৰাকৈয়ে অন্ত পৰে ।

পইন্ট টেবুলত তৃতীয় স্থানলৈ অৱনমিত আৰআৰ: প্ৰথম 9 খন খেলৰ ভিতৰত 8 খন খেলত জয়লাভ কৰি আই পি এল 2024 প্লে’ অফৰ বাবে যোগ্যতা অৰ্জন কৰিছিল আৰ আৰ । তেওঁলোকে (+0.273) টেবুলৰ শীৰ্ষত আছিল, কিন্তু তাৰ পিছত তেওঁলোকে ধাৰবাহিকভাৱে চাৰিখন মেচত পৰাস্ত হৈছিল ৷ অন্তিমকন খেল অনুষ্ঠিত নোহোৱাৰ বাবে তেওঁলোকে তিনি নম্বৰলৈ স্থানলৈ যায় ৷ কাৰণ ছানৰাইজাৰ্ছ হায়দৰাবাদে উন্নত নেট ৰাণেৰে 17 পইণ্ট (+0.414) লাভ কৰিবলৈ সক্ষম হৈছিল ৷

আৰচিবিৰ মুখামুখি হ’ব আৰআৰ:এতিয়া 22 মে’ বুধবাৰে আহমেদাবাদৰ বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এলিমিনেটৰ মেচখনত একেৰাহে ছখন খেলত জয়লাভ কৰি প্লে’ অফত প্ৰৱেশ কৰা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰচিবি) দলৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছে ।

লগতে পঢ়ক:দৰ্শনীয় জয়েৰে প্লে’ অফৰ যোগ্যতা অৰ্জন আৰ চি বিৰ, ভাইৰেল বিৰাট কোহলীৰ বিজয় উদযাপন - IPL 2024

ABOUT THE AUTHOR

...view details