অসম

assam

ETV Bharat / sports

মুখ্য প্ৰশিক্ষক হিচাপে গম্ভীৰৰ ইতিবাচক আৰু নেতিবাচক দিশ - Gautam Gambhir as head coach - GAUTAM GAMBHIR AS HEAD COACH

Gautam Gambhir as head coach: ভাৰতীয় জ্যেষ্ঠ পুৰুষ দলৰ মুখ্য প্ৰশিক্ষকৰ দৌৰত গৌতম গম্ভীৰ । মুখ্য প্ৰশিক্ষক হিচাপে তেওঁৰ যোগ্যতাক লৈ জল্পনা-কল্পনা অব্যাহত আছে । তেওঁৰ কিছুমান ইতিবাচক দিশ থকাৰ লগতে নেতিবাচক দিশো আছে ।

Gautam Gambhir as head coach
মুখ্য প্ৰশিক্ষক হিচাপে গম্ভীৰৰ ইতিবাচক আৰু নেতিবাচক দিশ (ETV Bharat)

By ETV Bharat Assamese Team

Published : May 31, 2024, 2:29 PM IST

স্প’ৰ্টছ ডেস্ক,৩১ মে':আই চি চি টি-২০ বিশ্বকাপৰ মূল প্ৰতিযোগিতাৰ বাবে মাজত মাত্ৰ ২ টা দিন বাকী । ইতিমধ্যে ভাৰতীয় দলে নিউয়ৰ্কত অনুশীলন অব্যাহত ৰাখিছে । ভাৰতীয় দলে বিশ্বকাপ জয়ী হোৱাৰ সম্ভাৱনাক লৈ অৱশ্যে এইবাৰ বেছি আলোচনা হোৱা নাই ৷ বিপৰীতে এইবাৰ ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক কোন হ'ব তাক লৈ অনুৰাগীসকলৰ মাজত জল্পনা-কল্পনা বৃদ্ধি পাইছে । কিয়নো দুমাহৰ পিচতে বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল সমাপ্ত হ'ব ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, জাষ্টিন লেংগাৰ আৰু ৰিকি পণ্টিঙে প্ৰশিক্ষকৰ প্ৰস্তাৱ মুকলিকৈ প্ৰত্যাখ্যান কৰিছিল । কিন্তু বি চি চি আয়ে স্পষ্ট কৰি দিছে যে দুয়োগৰাকীক এইধৰণৰ প্ৰস্তাৱ দিয়া হোৱা নাছিল ।

এনেবোৰ চৰ্চাৰ মাজতে গৌতম গম্ভীৰ ভাৰতৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হোৱাৰ সম্ভাৱনা আছে বুলি খবৰ ওলাইছে । লক্ষণীয়ভাৱে এতিয়ালৈ গম্ভীৰে কেতিয়াও প্ৰশিক্ষক হিচাপে পূৰ্ণকালীন নিযুক্তি পোৱা নাই । অৱশ্যে ২০২২ আৰু ২০২৩ চনত লক্ষ্ণৌ চুপাৰ জায়েণ্টছ (এলএছজি)ৰ মেণ্টৰ হিচাপে তেওঁ কাম কৰিছিল আৰু দুয়োটা ছিজনতে দলটোক প্লে অফৰ পৰ্যায়লৈ লৈ গৈছিল ।

এইবাৰ তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ (কে কে আৰ) মেণ্টৰ আছিল আৰু দলটোৱে আই পি এলৰ ট্ৰফী জয় কৰিছে । যদি তেওঁক ভাৰতৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব দিয়া হয়, তেনেহ'লে কিছুমান বিষয় গুৰুত্বপূৰ্ণ হ'ব ।

যুৱ প্ৰতিভাক সমৰ্থন আৰু উন্নত কৰা

দলৰ খেলুৱৈসকলক সমৰ্থন আৰু সজ্জিত কৰাৰ গৌতম গম্ভীৰৰ এক কৌশল আছে । এগৰাকী অধিনায়ক বা মেণ্টৰ হিচাপে তেওঁ এই দক্ষতা দেখুৱাইছে । হৰ্ষিত ৰাণা আৰু বৈভৱ অৰোৰা ২০২৩ চনতো কেকেআৰ দলত খেলিছিল । কিন্তু গম্ভীৰৰ আগমনে তেওঁলোকৰ পাৰদৰ্শিতা উন্নত কৰাত সহায় কৰিছিল ।

হৰ্ষিতে যোৱা বছৰ ২৯.৪০ বলিং গড় আৰু ২০.৪০ৰ ষ্ট্ৰাইক ৰেটৰ সৈতে মাত্ৰ ৫ টা উইকেট দখল কৰিছিল । এই সংস্কৰণত তেওঁৰ গড় ৯ ৰাণলৈ হ্ৰাস পাইছিল আনহাতে তেওঁৰ ষ্ট্ৰাইক ৰেট ৭ লৈ হ্ৰাস পাইছে । ৰমনদীপ সিং মেণ্টৰ সমৰ্থিত আন এটা নাম আছিল ।

ঘৰুৱা বৰ্তনীত দিল্লীৰ অধিনায়ক হৈ থাকোতেও একেটা দিশ স্পষ্ট আছিল । ২০১৪/১৫ বৰ্ষত গম্ভীৰে নৱদীপ চাইনীক সমৰ্থন কৰিছিল আৰু পেচাৰজনে ৫ খন খেলৰ পৰা ১৫.৫০ বলিং গড় আৰু ৪০.৮ ষ্ট্ৰাইক ৰেটৰ সৈতে ১৬ টা উইকেট লৈ অধিনায়কৰ বিশ্বাস ঘূৰাই দিছিল । ২০১৫/১৬ বৰ্ষত নীতিশ ৰাণাই গম্ভীৰৰ নেতৃত্বতে আত্মপ্ৰকাশ কৰিছিল আৰু ৫০.৬৩ গড়ৰ সৈতে ৭ খন মেচত ৫৫৭ ৰাণ সংগ্ৰহ কৰিছিল ।

মুখ্য প্ৰশিক্ষক হিচাপে গম্ভীৰে নতুন প্ৰজন্মক কেনেদৰে সুযোগ দিব আৰু তেওঁলোকক আগবঢ়াই নিব সেয়া সময়ত লক্ষণীয় হ'ব ।

আক্ৰমণাত্মক ভংগী আৰু কঠোৰ সিদ্ধান্ত ল'বলৈ সাজু

কিছুমান খেলুৱৈয়ে বয়সৰ লগে লগে ক্ৰিকেট কেৰিয়াৰক বিদায় জনাইছে যদিও ৪২ বছৰীয়া গম্ভীৰে এই পৰিৱৰ্তনৰ সময়টো নিজকে চম্ভালি ৰাখিছে । এনে চৰিত্ৰৰ বাবে সম্ভৱতঃ তেওঁ দেশৰ স্বাৰ্থত প্ৰয়োজনীয় কোনো কঠোৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত নাথাকিব । বৰ্তমানৰ কে কে আৰৰ মেণ্টৰজন নিতৌ তেওঁৰ মতামতৰ বিষয়ে সৰৱ হোৱাৰ বাবে জনাজাত । তেওঁ ভাৰতীয় দলৰ তাৰকা সংস্কৃতিকো প্ৰত্যাহ্বান জনাব পাৰে ।

আক্ৰমণাত্মক ভংগী হৈছে আন এটা কাৰক যি দলটোৰ পক্ষত কাম কৰিব পাৰে । যেতিয়া কোহলীয়ে ভাৰতীয় দলটোক নেতৃত্ব দি আছিল তেওঁৰ আক্ৰমণাত্মক মানসিকতা খেলুৱৈসকলৰ মাজত প্ৰকাশ পাইছিল আৰু ভাৰতীয় তাৰকাসকল খেলপথাৰত যথেষ্ট আকৰ্ষণীয় আছিল । যদি গম্ভীৰে কোহলীৰ সৈতে দলত যোগদান কৰে আক্ৰমণাত্মক যুটিটোৱে দলটোক তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিবলৈ উৎসাহিত কৰিব পাৰে ।

লক্ষণীয়ভাৱে দুয়োগৰাকী আই পি এলত প্ৰতিদ্বন্দ্বিতাৰ অংশ আছিল । কিন্তু তেওঁলোকৰ শেহতীয়া মন্তব্যই ইংগিত দিছে যে দুয়োগৰাকীয়ে তেওঁলোকৰ বিবাদ আঁতৰাই ৰাখিছে আৰু মেন ইন ব্লুৰ বাবে সৌহাৰ্দপূৰ্ণভাৱে কাম কৰিব ।

প্ৰশিক্ষণৰ অভিজ্ঞতাৰ অভাৱ

গম্ভীৰৰ প্ৰশিক্ষণৰ কাৰ্যকালে একাধিক ইতিবাচক দিশ আনিব বুলি আশা কৰা হৈছে । কিন্তু কিছুমান নেতিবাচক দিশো আছে । প্ৰাক্তন ভাৰতীয় অপেনাৰজনে কেতিয়াও কোনো দলৰ প্ৰশিক্ষক হিচাপে কাম কৰা নাই । তেওঁ ২০২২ আৰু ২০২৩ চনত এল এছ জিৰ মেণ্টৰ আছিল আৰু এই ছিজনত মেণ্টৰ হিচাপে কে কে আৰ দললৈ উভতি আহিছিল ।

এল এছ জিত তেওঁ মেণ্টৰ হৈ থকা সময়ত দলৰ মুখ্য প্ৰশিক্ষক আছিল এণ্ডি ফ্লাৱাৰ । কে কে আৰত মুখ্য প্ৰশিক্ষক আছিল চন্দ্ৰকান্ত পণ্ডিত । সেয়ে প্ৰশিক্ষক হিচাপে অভিজ্ঞতাৰ অভাৱ তেওঁৰ বাবে বাধা হৈ পৰিব পাৰে ৷

লগতে পঢ়ক :বি চি চি আইলৈ বিশেষ আহ্বান সৌৰভ গাংগুলীৰ - Indian Team Head Coach Selection

ABOUT THE AUTHOR

...view details