স্প’ৰ্টছ ডেস্ক, 2 ছেপ্টেম্বৰ:অব্যাহত আছে পেৰিছ গ্ৰীষ্মকালীন পেৰালিম্পিক গেমছত ভাৰতৰ জয়যাত্ৰা ৷ পেৰিছত ভাৰতৰ পদক লাভৰ সংখ্যা বৃদ্ধি হৈছে 7 টালৈ ৷ পুৰুষৰ হাই জাম্প টি-47 ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰিছে নিশাদ কুমাৰে ।
এই ইভেণ্টত নিশাদৰ সৰ্বাধিক জাম্প আছিল 2.04 মিটাৰ, যিটো তেওঁৰ ছিজনৰ সৰ্বশ্ৰেষ্ঠ জাম্প বুলি গণ্য কৰা হৈছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোডেৰিক টাউনচেণ্ডে সৰ্বাধিক 2.12 মিটাৰ জাম্পৰ সৈতে জয় কৰিছে সোণৰ পদক ৷ আনহাতে, নিৰপেক্ষ পেৰালিম্পিক খেলুৱৈসকলক প্ৰতিনিধিত্ব কৰা জৰ্জি মাৰ্জিয়েভে 2.00 মিটাৰ জাম্পৰে জয় কৰে ব্ৰঞ্জৰ পদক ৷
নিশাদে তিনি বছৰ পূৰ্বে টকিঅ’ পেৰালিম্পিকত জিকিছিল ৰূপৰ পদক ৷ টকিঅ’ত খেলুৱৈগৰাকীয়ে 2.06 মিটাৰ জঁপিয়াইছিল । কিলাকুটি বা তলৰ মণিবন্ধত আঘাতপ্ৰাপ্ত নাইবা কোনো শাৰিৰীক অক্ষমতা থকা খেলুৱৈসকলৰ বাবেহে টি- ৪৭ ইভেণ্ট অনুষ্ঠিত কৰা হয় ।