স্পৰ্টছ ডেস্ক, ২৯ জুলাই :পেৰিছ অলিম্পিকৰ দ্বিতীয় দিনা ভাৰতে টেবুল টেনিছত আন এক বিফলতাৰ সন্মুখীন হয় । প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় পেডেলাৰ দেওবাৰে পুৰুষৰ ছিংগলছত আয়োজক ফ্ৰান্সৰ পেডলাৰৰ বিৰুদ্ধে পৰাজিত হয় । ভাৰতীয় খেলুৱৈ হৰমিত দেশাইয়ে বিশ্বৰ ৫ নম্বৰ স্থানত থকা ফেলিক্স লেব্ৰানৰ বিৰুদ্ধে ০-৪ পইণ্টত পৰাজয়ৰ সন্মুখীন হয় । ইয়াৰ লগে লগে তেওঁৰ পেৰিছ অলিম্পিক অভিযানৰ সমাপ্তি ঘটে ।
নিৰাশাজনক প্ৰদৰ্শন হৰমিতৰ :
হৰমিত দেশাইয়ে আৰম্ভণিৰে পৰাই লেব্ৰানৰ বিৰুদ্ধে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয় । খেলুৱৈগৰাকীয়ে এটা ৰাউণ্ডো নিজৰ নামত কৰিব নোৱাৰিলে । প্ৰথম ৰাউণ্ডত ভাৰতীয় খেলুৱৈগৰাকী ১১-৮ পইণ্টত পৰাজিত হয় । তাৰ পিচত দ্বিতীয় ৰাউণ্ডত আৰম্ভণিতে কিছু ভাল খেলিছিল যদিও ১১-৮ত পুনৰ পৰাজিত হয় । তৃতীয় ৰাউণ্ডত ভাৰতীয় খেলুৱৈগৰাকীয়ে ফ্ৰান্স খেলুৱৈগৰাকীৰ সন্মুখত ধৰাশায়ী হয় আৰু ১১-৭ পইণ্টত পৰাজয়ৰ সন্মুখীন হ'ব লগা হয় । ইফালে চতুৰ্থ ৰাউণ্ডতো ভাৰতীয় পেডলাৰ হৰমিত ১১-৮ পইণ্টত পৰাজিত হয় ।