অসম

assam

ভাৰতীয় অলিম্পিক সংস্থাই কিয় আপত্তি নকৰিলে ? বিনেশ ফোগাটৰ অযোগ্যতা সন্দৰ্ভত ভগৱান মানৰ প্ৰশ্ন - Paris Olympics 2024

By ETV Bharat Sports Team

Published : Aug 7, 2024, 7:59 PM IST

Punjab CM on Vinesh Phogat disqualification : মহিলাৰ ৫০ কিলোগ্ৰাম ফাইনেল বাউটৰ পূৰ্বে মল্লযোদ্ধা বিনেশ ফোগাটক পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা সন্দৰ্ভত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে প্ৰশ্ন কৰে । তেওঁ কয় যে মল্লযোদ্ধা বিনেশ ফোগাটক পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা পিচত ভাৰতীয় অলিম্পিক সংস্থাই কিয় কোনো আপত্তি উত্থাপন কৰা নাছিল ।

Punjab CM On Vinesh Phogat Disqualification
ভগৱন্ত মান আৰু বিনেশ ফোগাট (IANS Photo)

স্পৰ্টছ ডেস্ক, ৭ আগষ্ট :পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে বুধবাৰে মহিলাৰ ৫০ কিলোগ্ৰাম ফাইনেল বাউটৰ পূৰ্বে মল্লযোদ্ধা বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰা সন্দৰ্ভত প্ৰশ্ন কৰে । তেওঁ কয় যে পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰাৰ পিচত ভাৰতীয় অলিম্পিক সংস্থাই কিয় কোনো আপত্তি উত্থাপন কৰা নাছিল । এক ৰেলী সম্বোধন কৰিবলৈ গৈ মুখ্যমন্ত্ৰী মানে চাৰ্খি দাদৰীত বিনেশৰ পৰিয়ালক সাক্ষাৎ কৰি এই প্ৰশ্ন কৰে ।

আনহাতে, সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত মানে বিনেশৰ অযোগ্যতাৰ কথা উল্লেখ কৰি কয়, "আমি দুঃখিত ।" বিনেশক প্ৰশংসা কৰি মানে কয়, "তেওঁ এদিনত তিনিখন খেল জিকিছিল আৰু তেওঁ এগৰাকী বৰ্তমানৰ চেম্পিয়নকে ধৰি শক্তিশালী প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিছিল ।"

বিনেশৰ অযোগ্যতাৰ বিষয়ত তেওঁৰ প্ৰশ্ন, "এইটো কাৰ দোষ ? মই ইয়াক ৰাজনীতিৰ সৈতে সংযুক্ত কৰিব নিবিচাৰো । মই এগৰাকী ক্ৰীড়াপ্ৰেমী আৰু মই ইয়াত কোনো ৰাজনীতি নিবিচাৰো । কিন্তু আমাৰ ভাৰতীয় অলিম্পিক সংস্থাৰ সদস্যসকলে মোক কওক, তেওঁলোক তালৈ কিয় গৈছিল ? তেওঁলোকে কিয় বিষয়টো উত্থাপন কৰা নাছিল আৰু আৰু এটা সুযোগ কিয় বিচৰা নাছিল ?"

ঘটনাটোত আশ্চৰ্য প্ৰকাশ কৰি মানে কয় যে এদিনত বিনেশে তিনিখন মেচত জয়লাভ কৰিছিল আৰু পিচদিনা তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল । "কি হৈ আছে ? আমি 'বিশ্ব গুৰু' হ'ব বিচাৰো, কিন্তু ভাৰতীয় অলিম্পিক সংস্থাই এবাৰো কোনো আপত্তি উত্থাপন কৰা নাই ।" তেওঁ কয় ।

মানে লগতে প্ৰশ্ন কৰে যে বিনেশে প্ৰতিনিশাই নিজৰ ওজন কমাব লাগে নেকি । মেচৰ পূৰ্বে আৰু শুবলৈ যোৱাৰ আগতে তেওঁ কি খায় সেয়া নিশ্চিত কৰাটো তেওঁৰ প্ৰশিক্ষকৰ/ফিজিঅ'থেৰাপিষ্টৰ কাম । তেওঁ কয়, "এক বিজ্ঞাপনত তেওঁলোকে (বিজেপি) কৈছিল প্ৰধানমন্ত্ৰীয়ে (নৰেন্দ্ৰ মোদী) ৰাছিয়া-ইউক্ৰেইন যুদ্ধ প্ৰতিহত কৰিছিল । মই সুধিব বিচাৰো যে আমাৰ জীয়াৰীৰ সৈতে এই অন্যায় কিয় বন্ধ কৰা হোৱা নাছিল ।" মানে কয় যে বিনেশৰ অযোগ্যতাৰ ওপৰত তীব্ৰ আপত্তি প্ৰদৰ্শন কৰা উচিত আছিল ।

লগতে পঢ়ক :আপুনি চেম্পিয়নৰো চেম্পিয়ন, প্ৰতিগৰাকী ভাৰতীয়ৰ অনুপ্ৰেৰণা : বিনেশ ফোগাটক প্ৰধানমন্ত্ৰীৰ সান্ত্বনা - Paris Olympics 2024
লগতে পঢ়ক :দেহৰ বৰ্ধিত ওজনৰ বাবেই অযোগ্য বিনেশ ফোগাট ! স্বৰ্ণজয়ৰ স্বপ্ন আধৰুৱা হৈ ৰ’ল ভাৰতীয় মল্লযুঁজাৰুগৰাকীৰ - PARIS OLYMPICS 2024

ABOUT THE AUTHOR

...view details