স্পৰ্টছ ডেস্ক, ৬ আগষ্ট :চলিত পেৰিছ অলিম্পিকত ভাৰতীয় পুৰুষ টেবুল টেনিছ দলটোৰ অভিযান সমাপ্ত হৈছে । ভাৰতীয় দলটো চীনৰ হাতত ০-৩ ব্যৱধানত পৰাস্ত হয় । ফলত ভাৰতীয় দলটোৱে ৰাউণ্ড অব 16-ৰ পৰা উত্তৰণ ঘটাব নোৱাৰিলে আৰু প্ৰাক-কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বাহিৰ হয় । ভাৰতীয় টেবুল টেনিছ দলটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ সুযোগ পাইছিল যদিও তেওঁলোকে এই সুযোগ হেৰুৱায় ।
ভাৰতীয় দলটোত মানৱ ঠাক্কৰ, শৰথ কমল আৰু হৰমিত দেশাইৰ দৰে তাৰকা খেলুৱৈ আছিল । আনহাতে, চীনা দলটোত ৱাং চুকিন, মা লং আৰু ফেন জেদং আছিল । প্ৰতিযোগিতাখনত চীনে প্ৰথমখন মেচ, দ্বিতীয়খন মেচ আৰু পৰৱৰ্তী সময়ত তৃতীয়খন মেচতো জয়লাভ কৰি ভাৰতক ৩-০ ব্যৱধানত পৰাস্ত কৰে ।
প্ৰথম মেচ
ভাৰত আৰু চীনৰ মাজত প্ৰথমখন মেচ ডাবলছ বিভাগত খেলা হৈছিল । মেচখনত ভাৰতৰ হৰমিত দেশাই আৰু মানৱ ঠাক্কৰে অংশগ্ৰহণ কৰে । আনহাতে, চীনা দলৰ হৈ ৱাং চুকিন আৰু এম এ লংকে অংশগ্ৰহণ কৰে । চীনে মেচখনত ভাৰতক ৩-০ ব্যৱধানত পৰাস্ত কৰে । এই মেচখনত ভাৰতে ২-১১, ৩-১১ আৰু ৭-১১ ব্যৱধানত পোনপটীয়া ছেটত পৰাজয়ৰ সন্মুখীন হ'বলগা হয় ।