স্পৰ্টছ ডেস্ক, ৬ আগষ্ট : চলিত পেৰিছ অলিম্পিকত মঙলবাৰৰ দিনটো এক উল্লেখনীয় দিন হ'বলৈ গৈ আছে । কিয়নো মঙলবাৰে অলিম্পিকৰ এক বহু প্ৰত্যাশিত প্ৰতিদ্বন্দ্বিতা হ'ব । ভাৰতীয় পুৰুষ হকী দলটোৱে মঙলবাৰে ছেমি ফাইনেলত চিৰ প্ৰতিদ্বন্দ্বী জাৰ্মানীৰ মুখামুখি হ'ব । ভাৰতৰ দৃষ্টি থাকিব ৪৪ বছৰৰ পিচত অলিম্পিকৰ ফাইনেলত উপনীত হোৱাৰ ওপৰত । অৱশ্যে ইয়াৰ বাবে জাৰ্মানীৰ কঠিন প্ৰত্যাহ্বান অতিক্ৰম কৰিব লাগিব । দেশৰ ১৪০ কোটি জনতাই এই প্ৰাৰ্থনা কৰিব যাতে ভাৰতীয় দলটোৱে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে আৰু অন্তত ৰূপৰ পদক নিশ্চিত কৰে ।
ইয়াৰ পূৰ্বে কোৱাৰ্টাৰ ফাইনেলৰ পেনাল্টি শ্বুটআউটত ভাৰতে গ্ৰেট ব্ৰিটেইনক ৪-২ গ'লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে । আনহাতে, দেওবাৰে অনুষ্ঠিত আনখন কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাক ৩-২ গ'লত পৰাস্ত কৰি জাৰ্মানী ছেমি ফাইনেলত উপনীত হয় । দুয়োটা দলৰ মাজত ছেমি ফাইনেলখনত এক কঠিন যুঁজ হ'ব বুলি আশা কৰা হৈছে । এই পৰ্তিবেদনত মেচখনৰ পূৰ্বে দুয়োটা দলৰ পৰস্পৰৰ বিৰুদ্ধে ৰেকৰ্ডৰ লগতে এই মেচখন ভাৰতত কেতিয়া আৰু ক'ত পোনপটীয়াকৈ চাব পাৰিব সেই বিষয়ে উল্লেখ কৰা হৈছে ।
হকীৰ ইতিহাসত ভাৰত বনাম জাৰ্মানী
এতিয়ালৈকে ভাৰত আৰু জাৰ্মানীৰ মাজত মুঠ ৩৫ খন হকী মেচ অনুষ্ঠিত হৈছে । এই ক্ষেত্ৰত জাৰ্মানীৰ ৰেকৰ্ড ভাৰততকৈ উন্নত । জাৰ্মানীয়ে ৩৫ খন মেচৰ ভিতৰত ১৬ খনত জয়লাভ কৰিছে । আনহাতে, ভাৰতে ১২ বাৰ বিজয় সাব্যস্ত কৰিছে । দুয়োটা দলৰ মাজত অনুষ্ঠিত ৭ খন মেচ অমীমাংসিতভাৱে সমাপ্ত হৈছে । অৱশ্যে বিগত 5 খন মেচত ভাৰতে জাৰ্মানীৰ বিৰুদ্ধে 3 খন মেচত জয়লাভ কৰিছে ।
টকিঅ' অলিম্পিকৰ পিচত দুয়োখন দেশৰ মুখামুখিৰ ৰেকৰ্ড
২০২০ চনত টকিঅ'ত অনুষ্ঠিত অলিম্পিকত ভাৰতে জাৰ্মানীক প্লে'-অফত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰে । এই ৰোমাঞ্চকৰ মেচখনত ভাৰতে ৫-৪ গ'লত জয়লাভ কৰে । তেতিয়াৰে পৰা এফ আই এইচ প্ৰ' লীগত দুয়োটা দলৰ মাজত মুঠ 6 খন মেচ অনুষ্ঠিত হৈছে আৰু ভাৰতে ইয়াৰে 5 খন মেচত জয়লাভ কৰিছে । আনহাতে, জাৰ্মানীয়ে এই বছৰৰ জুন মাহত মাত্ৰ এখন মেচত জয়লাভ কৰিছে, যিখন দুয়োটা দলৰ মাজত খেলা অন্তিমখন মেচ ।