স্পৰ্টছ ডেস্ক, ২৯ জুলাই :পেৰিছ অলিম্পিকৰ তৃতীয় দিনটোত ভাৰতে বেডমিণ্টনত হতাশাৰ সন্মুখীন হৈছে । সোমবাৰে লা চেপেল এৰিনাত অনুষ্ঠিত বেডমিণ্টন মহিলা ডাবলছৰ গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন খেলত ভাৰতৰ তাৰকা শ্বাটলাৰ যুটি তানিছা ক্ৰাষ্টো আৰু অশ্বিনী পনপ্পাই জাপানৰ হাতত পৰাস্ত হয় ।
গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন খেলত পৰাস্ত ক্ৰাষ্টো-পনপ্পা:
ভাৰতীয় খেলুৱৈসকলে খেলখনত বেয়া প্ৰদৰ্শন কৰাৰ লগতে কেইবাটাও ডাঙৰ ভুল কৰে । যাৰবাবে জাপানীজ যুটি নামি মাটছুয়ামা আৰু চিহাৰুৱে তানিছা ক্ৰাষ্টো আৰু অশ্বিনি পনপ্পাক ২১-১১, ২১-১২ প্ৰত্যক্ষ ছেটত পৰাস্ত কৰে ।
লগতে পঢ়ক:লক্ষ্যৰ আশাত চেঁচাপানী : জয়ী হৈও নাপালে স্বীকৃতি - Paris Olympics 2024
প্ৰথমখন মেচতো পৰাস্ত হৈছিল ক্ৰাষ্টো-পনপ্পা:
৪৮ মিনিটৰ খেলখনত ক্ৰাষ্টো-পনপ্পাক দ্বিতীয়বাৰৰ বাবে পৰাস্ত কৰে জাপানী যুটিটোৱে ৷ ইয়াৰ পূৰ্বে শনিবাৰে গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত ভাৰতীয় যুটিটোৱে কোৰিয়া ৰিপাব্লিকৰ কিম ছ’ ইয়ং আৰু কং হি ইয়ঙৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । এই মেচতো ক্ৰাষ্টো-পনপ্পা ১৮-২১, ১০-২১ ছেটত পৰাস্ত হয় ।
কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কঠিন হ’ব:
ভাৰতীয় দলটোৰ এই পৰাজয়ৰ পাচত তেওঁলোকৰ ভবিষ্যত ৰিপাব্লিক অৱ কোৰিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ ওপৰত নিৰ্ভৰ কৰিব ৷ ৰিপাব্লিক অৱ কোৰিয়া দলটোৱে আজি মেচখনত অষ্ট্ৰেলিয়াৰ চেটিয়ানা মাপাছা আৰু এঞ্জেলা ইউক পৰাস্ত কৰিলে ক্ৰাষ্টো-পনাপ্পাই মহিলা ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ সকলো পথ বন্ধ হৈ পৰিব ৷
লগতে পঢ়ক:ফ্ৰান্সৰ পেডলাৰৰ হাতত হৰমিতৰ শোচনীয় পৰাজয় : সামৰিলে অলিম্পিকৰ অভিযান - Paris Olympics 2024
মঙলবাৰে অনুষ্ঠিত হ’ব পৰৱৰ্তী মেচ
গ্ৰুপ পৰ্যায়ৰ দুয়োখন মেচত পৰাস্ত হোৱাৰ পিচত ভাৰতীয় যুটিটো গ্ৰুপ চিৰ তৃতীয় স্থানত আছে ৷ ইফালে শীৰ্ষ দুটা যুটিয়েহে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিব পাৰিব । মঙলবাৰে অষ্ট্ৰেলিয়াৰ চেটিয়ানা মাপাছা আৰু এঞ্জেলা ইউৰ মুখামুখি হ’ব তানিছা আৰু অশ্বিনী ।