স্প’ৰ্টছ ডেস্ক, 8 অক্টোবৰ:সোমবাৰৰ পৰা আৰম্ভ হৈছে পাকিস্তান আৰু ইংলেণ্ডৰ মাজৰ তিনিখন মেচৰ টেষ্ট শৃংখলা ৷ এই শৃংখলাৰ প্ৰথমখন মেচত সুন্দৰ আৰম্ভণি কৰিছে পাকিস্তানী বেটছমেনসকলে ৷ প্ৰথম দিনটোৰ অন্তত 4 উইকেট হেৰুৱাই দলটোৱে 328 ৰাণ সংগ্ৰহ কৰি এক শক্তিশালী স্থিতিত উপনীত হৈছে ৷
পাকিস্তানৰ হৈ অধিনায়ক শ্বান মাছুদ আৰু আব্দুল্লা ছফিকে খেলিছিল শতকীয় ইনিংছ । শ্বান মাছুদে দ্ৰুত ইনিংছ খেলি 177 টা বলত দুটা ছয় আৰু 13 টা চাৰিৰে সংগ্ৰহ কৰে 151 ৰাণ । আনহাতে, আব্দুল্লা ছফিকে 10 টা চাৰি আৰু দুটা ছয়ৰ সহায়ত 184 টা বলত 102 ৰাণৰ ইনিংছ খেলে ।
অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পুনৰ এবাৰ ব্যৰ্থ হোৱা দেখা যায় দলটোৰ প্ৰাক্তন অধিনায়ক বাবৰ আজমক । ইংলেণ্ডৰ বিৰুদ্ধে 71 টা বলত 30 ৰাণ সংগ্ৰহ কৰাৰ পিছতে ক্ৰিছ ৱ’কেছৰ বলত ধৰাশায়ী হয় আজম ৷ ইয়াৰ বাহিৰেও দিনটোৰ শেষলৈকে চাউদ চাকিল 35 ৰাণত ক্ৰিজত বৰ্তি থাকে ৷