স্প’ৰ্টছ ডেস্ক, 20 আগষ্ট:পাকিস্তান আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ'বলগীয়া দুখন মেচৰ টেষ্ট শৃংখলাটোৰ প্ৰথমখন মেচ আৰম্ভ হ’ব 21 আগষ্ট অৰ্থাৎ বুধবাৰৰ পৰা ৷ এই মেচখনৰ পূৰ্বে শান মাছুদ নেতৃত্বাধীন পাকিস্তান ক্ৰিকেট দলটো পৰিছে সংকটত ৷ বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্ট মেচৰ পূৰ্বে পাকিস্তানৰ দ্ৰুত বলাৰ আমিৰ জামালক বাহিৰ কৰা হৈছে শৃংখলাৰ পৰা ৷ পিঠিৰ আঘাতৰ বাবে খেলুৱৈগৰাকীয়ে শৃংখলাত অংশগ্ৰহণ নকৰাটো নিশ্চিত হৈ পৰিছে ৷
বাংলাদেশ শৃংখলাৰ পৰা বাহিৰ আমিৰ জামাল
কাউণ্টি চেম্পিয়নশ্বিপত খেলি থকাৰ মাজতে পিঠিত আঘাত পাইছিল পাকিস্তানৰ ফাষ্ট বলাৰ আমিৰ জামালে ৷ তেতিয়াৰে পৰা দ্ৰুত বলাৰগৰাকীয়ে আঘাতৰ পৰা উপশম পাবলৈ যথাসাধ্য চেষ্টা অব্যাহত ৰাখিছিল যদিও বাংলাদেশ শৃংখলাৰ পূৰ্বে আঘাতৰ পৰা মুক্তি নোপোৱাটো নিশ্চিত হৈ পৰিছে ৷ যাৰ ফলত বুধবাৰৰে পৰা বাংলাদেশ-পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া দুখন মেচৰ টেষ্ট শৃংখলাটোৰ পৰা বলাৰগৰাকী বাহিৰ হ’বলগীয়া হৈছে ৷