অসম

assam

ETV Bharat / sports

ডায়মণ্ড লীগ ২০২৪ ৰ ফাইনেললৈ যোগ্যতা অৰ্জনৰ ৰাউণ্ডত ছিজনৰ শ্ৰেষ্ঠ থ্ৰ'ৰে অভিলেখ নীৰজ চোপ্ৰাৰ - Diamond League 2024 - DIAMOND LEAGUE 2024

Neeraj Chopra new record: পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰা ভাৰতৰ তাৰকা জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই ছুইজাৰলেণ্ডৰ লাউচেন ডায়মণ্ড লীগত তেওঁৰ ছিজনৰ শ্ৰেষ্ঠ থ্ৰ'ৰ সৈতে অৰ্হতা ৰাউণ্ডত দ্বিতীয় স্থান লাভ কৰে । অহা মাহত অনুষ্ঠিত হ'ব ডায়মণ্ড লীগ ২০২৪ৰ ফাইনেল ।

Diamond League 2024
ডায়মণ্ড লীগ ২০২৪ৰ অৰ্হতা ৰাউণ্ডত দ্বিতীয় স্থানত নীৰজ চোপ্ৰা (IANS)

By ETV Bharat Sports Team

Published : Aug 23, 2024, 8:57 AM IST

স্পৰ্টছ ডেস্ক,২৩ আগষ্ট : ভাৰতৰ ষ্টাৰ জেভলিন থ্ৰ'ৱাৰ তথা অলিম্পিকত দুবাৰৰ পদক বিজয়ী নীৰজ চোপ্ৰাৰ আন এক উৎকৃষ্ট প্ৰদৰ্শন । ৬ষ্ঠ আৰু অন্তিম প্ৰচেষ্টাত ৮৯.৪৯ মিটাৰ ছিজনৰ শ্ৰেষ্ঠ থ্ৰ'ৰ জৰিয়তে লাউচেন ডায়মণ্ড লীগত দ্বিতীয় স্থান লাভ চোপ্ৰাৰ । ২২ আগষ্টত অনুষ্ঠিত প্ৰতিযোগিতাত গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে তেওঁৰ ৯০.৬১ মিটাৰ ফাইনেল থ্ৰ'ৰ সৈতে প্ৰথম স্থান আৰু জাৰ্মানীৰ জুলিয়ান ৱেবাৰে ৮৮.৩৭ মিটাৰ শ্ৰেষ্ঠ থ্ৰ'ৰে ক্ৰমান্বয়ে তৃতীয় স্থান লাভ কৰে । ৮৩.৩৮ মিটাৰৰ সৈতে চতুৰ্থ স্থান ইউক্ৰেইনৰ আৰ্তুৰ ফেলফনাৰে সুৰক্ষিত ৰাখে । প্ৰতিযোগিতাত নীৰজৰ এইটো ছিজনৰ সৰ্বশ্ৰেষ্ঠ থ্ৰ' আছিল আৰু একেখন প্ৰতিযোগিতাৰ ২০২২ সংস্কৰণত অৰ্জন কৰা ৮৯.৯৪ মিটাৰৰ পিচত এয়া তেওঁৰ দ্বিতীয় শ্ৰেষ্ঠ থ্ৰ' আছিল ।

ডায়মণ্ড লীগৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন

শেহতীয়াকৈ সমাপ্ত হোৱা পেৰিছ অলিম্পিক ২০২৪ত ২৬ বছৰীয়া নীৰজে ৮৯.৪৫ মিটাৰ থ্ৰ'ৰ সৈতে ৰূপৰ পদক অৰ্জন কৰিছিল । তাৰ পূৰ্বে টকিঅ' অলিম্পিক ২০২০ত নীৰজে স্বৰ্ণ পদক লাভ কৰিছিল । অহা মাহত বেলজিয়ামৰ ব্ৰাচেলছত অনুষ্ঠিত হ'বলগীয়া ফাইনেলৰ বাবে নীৰজে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ।

অংশগ্ৰহণ কৰা নাই পাকিস্তানৰ আৰ্শাদ নাদিমে

ইফালে, পেৰিছ অলিম্পিক ২০২৪ত পাকিস্তানৰ স্বৰ্ণ পদক বিজয়ী আৰ্শাদ নাদিম এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাছিল । ডায়মণ্ড লীগত অনুপস্থিতিৰ কাৰণ আনুষ্ঠানিকভাৱে আৰ্শাদ নাদিমে উল্লেখ কৰা নাই । হয়তো তেওঁ আঘাতৰ সন্মুখীন হ'ব পাৰে বা পাকিস্তানত সম্বৰ্ধনা কাৰ্যসূচীত ব্যস্ত থাকিব পাৰে ।

ইয়াৰ পূৰ্বে, সংবাদমেলত ভাৰতৰ জেভলিন থ্ৰ'ৱাৰে উল্লেখ কৰিছিল যে তেওঁৰ চিকিৎসকৰ সৈতে আলোচনা কৰাৰ পিচত তেওঁৰ আঘাতৰ বাবে অস্ত্ৰোপচাৰ কৰা হ'ব ।

লগতে পঢ়ক :কাউণ্টি চেম্পিয়নশ্বিপৰ পৰা বাদ পৰিল চেতেশ্বৰ পূজাৰা: কোনে ল’লে পূজাৰাৰ স্থান - CHETESHWAR PUJARA

ABOUT THE AUTHOR

...view details