স্প’ৰ্টছ ডেস্ক, 15 ছেপ্টেম্বৰ: ভাৰতৰ দ্ৰুত বলাৰ মহম্মদ ছামীৰ গোৰোহাৰ অস্ত্ৰোপচাৰৰ অন্তত অপেক্ষা কৰি আছে সুস্থ হোৱালৈ ৷ মহম্মদ ছামী কেতিয়া ভাৰতীয় ক্ৰিকেট দললৈ ঘূৰি আহিব, সেয়া এতিয়াও নিৰ্ণয় হোৱা নাই । কিন্তু এইগৰাকী প্ৰবীণ ভাৰতীয় সোঁহতীয়া দ্ৰুত বলাৰে স্পষ্ট কৰি দিছে যে, তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি অহাৰ পূৰ্বে 100 শতাংশ সুস্থ হৈ উঠিব বিচাৰে ৷
ফিটনেছৰ ওপৰত গুৰুত্ব আৰোপ
ছামীয়ে দাবী কৰিছে যে, তেওঁ দললৈ ঘূৰি আহিবলৈ আগ্ৰহী ৷ কিন্তু তাৰবাবে কোনো ধৰণৰ ৰিস্ক নলয় খেলুৱৈগৰাকীয়ে ৷ দলৰ অভিজ্ঞ বেগী বলাৰগৰাকীয়ে নিজৰ ফিটনেছৰ ওপৰত বেছি ধ্যান দিব বিচাৰে, তেওঁ দীৰ্ঘদিনলৈ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব নালাগে ।
মই অতি সোনকালে আৰোগ্য হ’বলৈ চেষ্টা কৰিছো: ছামী
ক্ৰিকেট এছ’চিয়েছন অৱ বেংগলৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি ছামীয়ে সাংবাদিকৰ আগত এনেদৰে কয়, "মই সোনকালে আৰোগ্য হ’বলৈ চেষ্টা কৰিছো কাৰণ মই বহুদিন ধৰি দলৰ বাহিৰত আছিলো । অৱশ্যে, দললৈ ঘূৰি আহিলে যাতে কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব বিচাৰো । মোৰ ফিটনেছৰ ওপৰত দৃষ্টি অব্যাহত থাকিব, যাতে কোনো অসুবিধা নহয়" ৷