স্পৰ্টছ ডেস্ক, 1 এপ্ৰিল :সোমবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) একপক্ষীয় প্ৰতিযোগিতাত এক অলৰাউণ্ড প্ৰদৰ্শনৰে ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক ছয় উইকেটত পৰাস্ত কৰে ৷ আকৌ এবাৰ ৰাজস্থানৰ জয়ৰ নায়ক, এই মূহুৰ্তত দুধৰ্ষ ফৰ্মত থকা অসম সন্তান ৰিয়ান পৰাগ ৷
ইয়াৰ লগে লগে চলিত বৰ্ষৰ প্ৰতিযোগিতাখনত নিজৰ জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখি পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে ৰাজস্থান ৷ কিন্তু তাৰ বিপৰীতে ক্ৰমাগত তিনিখন খেলত পৰাজিত হৈ তালিকাৰ একেবাৰে শেষত স্থান লাভ আই পি এল ইতিহাসৰ অন্যতম সফল দল মুম্বাই ইণ্ডিয়ানছৰ ৷
টছত জিকি বলাৰসকলৰ শৃংখলাবদ্ধ প্ৰদৰ্শনৰ ফলত সঞ্জু ছেমছনৰ ৰাজস্থান ৰয়েলছে হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বাধীন দলটোক 9 উইকেটত 125 ৰাণত সীমাবদ্ধ ৰাখিবলৈ সক্ষম হয় ৷ তাৰ পিছত মাত্ৰ 39 টা বলত অপৰাজিত 54 ৰাণ কৰি যুৱ খেলুৱৈ ৰিয়ান পৰাগে 4.3 অভাৰ বাকী থকা অৱস্থাতে আলহী দলটোক বিজয় লক্ষ্য উপনীত কৰোৱায় । ৰিয়ানৰ দৰ্শনীয় ইনিংছটোত আছিল 5 টা বাউণ্ডেৰীৰ ওপৰি 3 টা ছয় ৷
ৰিয়ান পৰাগে কেৱল খেলখনৰ নাটকীয় সমাপ্তিয়ে কৰা নহয়, দলৰ জয়ত মুখ্য ভূমিকা লোৱা ৰিয়ানে এই পৰ্যন্ত 3 খন খেলত 181 ৰাণ সংগ্ৰহ কৰি বিৰাট কোহলীৰ সৈতে প্ৰতিযোগিতাখনৰ যুটীয়া সৰ্বোচ্চ ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈ অৰেঞ্জ কেপো লাভ কৰে।
আজিৰ মেচত ৰাজস্থান ৰয়েলছ দলটোৱে টছত জিকি প্ৰথম ফিল্ডিঙৰ সিদ্ধান্ত লয় ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি মুম্বাই ইণ্ডিয়ানছ দলে নিৰ্ধাৰিত 20 অভাৰত 9 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 125 ৰাণ ৷ ৰাজস্থানৰ তীক্ষ্ণ বলিঙৰ সমুখত অধিক সময় তিষ্ঠিব নোৱাৰি মুম্বাইৰ দলটোৱে বৃহৎ স্কৰ সংগ্ৰহৰ পৰা বঞ্চিত হয় ৷ মুম্বাইৰ হৈ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই সৰ্বাধিক 34 ৰাণ সংগ্ৰহ কৰে ৷ তিলক বাৰ্মাই সংগ্ৰহ কৰে 32 ৰাণ ৷ আজিৰ মেচত ষ্টাৰ বেটছমেন তথা মুম্বাইৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা ৰাণ সংগ্ৰহত ব্যৰ্থ হয় ৷ ৰোহিত শৰ্মাই 1 টা বলত কোনো ৰাণ সংগ্ৰহ নকৰাকৈ বল্টৰ বলত পেভিলিয়নমুখী হয় ৷ ৰাজস্থানৰ হৈ ট্ৰেণ্ট ব’ল্টে সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ নান্দ্ৰে বাৰ্গাৰে দুটা উইকেট দখল কৰাৰ বিপৰীতে আৱেশ খানে দখল কৰে 1টা উইকেট ৷