ছিডনী (অষ্ট্ৰেলিয়া) : ড্ৰেছিং ৰুমত ‘বিতৰ্ক’ ৰাজহুৱাভাৱে ওলাই আহিব নালাগে বুলি দাবী কৰি ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে বৃহস্পতিবাৰে কয় যে তেওঁ তেওঁৰ খেলুৱৈসকলৰ সৈতে কিছু ‘সৎ বাৰ্তালাপ’ কৰিছে কিয়নো কেৱল প্ৰদৰ্শনহে তেওঁলোকক দলত থকাত সহায় কৰিব পাৰে ।
‘‘ড্ৰেছিং ৰুম’’ বিতৰ্কক লৈ কি ক'লে গম্ভীৰে?
ড্ৰেছিং ৰুমত বিতৰ্কৰ বাতৰিৰ মাজতে গম্ভীৰে ‘‘সেয়া কেৱল প্ৰতিবেদনহে, সত্য নহয়’’ বুলি সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰে ৷ শুকুৰবাৰে ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ পঞ্চম আৰু অন্তিমখন টেষ্ট মেচৰ পূৰ্বে এক সংবাদমেলত গম্ভীৰে কয়, "প্ৰশিক্ষক আৰু খেলুৱৈৰ মাজৰ বিতৰ্ক ড্ৰেছিং ৰুমত সীমাবদ্ধ থাকিব লাগে । সেইবোৰ কেৱল প্ৰতিবেদন, সত্য নহয় ৷" তেওঁ কয় ।
GAMBHIR ON DIFFERENT REPORTS IN MEDIA:
— Johns. (@CricCrazyJohns) January 2, 2025
" those are just reports, not the truth, i don’t need to comment on any reports, honesty is important, we want to go on & achieve some great things" [revsportz] pic.twitter.com/SU2VdCV9nd
সততাৰে কোৱা কথাবোৰ গুৰুত্বপূৰ্ণ
তেওঁ কয়, "যেতিয়ালৈকে ড্ৰেছিং ৰুমত সৎ মানুহ থাকিব, তেতিয়ালৈকে ভাৰতীয় ক্ৰিকেট নিৰাপদ হাতত থাকিব । ড্ৰেছিং ৰুমত ৰখা একমাত্ৰ বস্তুটোৱেই হ’ল প্ৰদৰ্শন । আন্তৰিকতাৰে কোৱা কথা আৰু সততা গুৰুত্বপূৰ্ণ ।"
মুখ্য প্ৰশিক্ষকগৰাকীয়ে লগতে কয়, "এটা ট্ৰেণ্ড আৰু মাত্ৰ এটা আলোচনা - প্ৰথমে দলৰ মতাদৰ্শ গুৰুত্বপূৰ্ণ । দলৰ যি লাগে আপুনি সেয়া খেলিব লাগিব । দলীয় খেলতো আপুনি আপোনাৰ স্বাভাৱিক খেল খেলিব পাৰে- কিন্তু দলটোক যদি আপোনাৰ প্ৰয়োজন হয় - তেন্তে আপুনি এটা নিৰ্দিষ্ট ধৰণে খেলিব লাগিব ।"
Question: Conversation with senior players (Virat & Rohit) as this is final Test in this cycle in Bilaterals? [RevSportz]
— Johns. (@CricCrazyJohns) January 2, 2025
Gambhir said " the only conversation is how to win the next test match". pic.twitter.com/0aZnWeXyz6
ৰোহিত-বিৰাটৰ লগত কি আলোচনা কৰিলে ?
গম্ভীৰে লগতে কয় যে টেষ্ট মেচত জয়ী হোৱাৰ কৌশলৰ বাহিৰে জ্যেষ্ঠ বেটছমেন বিৰাট কোহলী আৰু অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে কোনো কথা আলোচনা কৰা হোৱা নাছিল । তেওঁ কয়, "কোনবোৰ ক্ষেত্ৰত কাম কৰিবলগীয়া আছে প্ৰতিজন ব্যক্তিয়েই জানে । তেওঁৰ সৈতে আমি মাত্ৰ এটা কথা-বতৰা পাতিছো (আৰু সেয়া হ’ল) টেষ্ট মেচ কেনেকৈ জয়ী হ’ব পাৰি ।
Gautam Gambhir said - " i think indian cricket will be in safe hands till you have honest people. they only thing that can keep you in the dressing room is performance and not about phasing out seniors. we have to give time to youngsters". (sports express). pic.twitter.com/iXrnFHDVYV
— Tanuj Singh (@ImTanujSingh) January 2, 2025
পঞ্চম টেষ্টত জয়ী হোৱাটো টীম ইণ্ডিয়াৰ বাবে গুৰুত্বপূৰ্ণ
অহা ৩ জানুৱাৰীৰ পৰা ছিডনী ক্ৰিকেট খেলপথাৰত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী (বিজিটি)ৰ অন্তিম মেচত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব । বৰ্তমান অষ্ট্ৰেলিয়াই শৃংখলাটো ২-১ ত অগ্ৰগতি লাভ কৰি আছে আৰু যদিহে ছিডনীত অষ্ট্ৰেলিয়া পৰাজিত নহয় তেন্তে ২০১৪/১৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে বিজিটি জয় কৰিব পাৰে ।
ভাৰতীয় দল : যশস্বী জয়ছোৱাল, ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল, বিৰাট কোহলী, ঋষভ পন্ত (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাদেজা, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ, আকাশ দীপ, মহম্মদ চিৰাজ, ছৰফৰাজ খান, অভিমন্যু ইশ্বৰন, প্ৰসিদ্ধ কৃষ্ণ, শুভমন গিল, দেৱদত্ত পদিক্কল, তনুষ কোটিয়ান, ধ্ৰুৱ জুৰেল আৰু হৰ্ষিত ৰাণা ।