স্পৰ্টছ ডেস্ক, 17 মে’ : আই পি এল 2024ৰ প্লে’ অফৰ দৌৰৰ পৰা বাহিৰ হোৱা মুম্বাই ইণ্ডিয়ানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে বিজয়েৰে চলিত সংস্কৰণ অন্ত পেলাবলৈ শুকুৰবাৰে ৱাংখেড়ে ষ্টেডিয়ামত মুখামুখি হৈছে ৷
বহু পূৰ্বেই মুম্বাই ইণ্ডিয়ানছ প্লে’ অফৰ দৌৰৰ পৰা বাহিৰ হোৱাৰ বিপৰীতে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ইয়াত আই পি এলৰ শেষৰখন খেলত বিপুল ব্যৱধানত জয়ী হৈছিল ৷ তথাপিও দলটোৱে প্লে’ অফত প্ৰৱেশৰ সম্ভাৱনা অত্যন্ত ক্ষীণ ৷ একেৰাহে তিনিটা পৰাজয়ে এল এছ জিক গুৰুত্বপূৰ্ণ পইণ্টৰ পৰা বঞ্চিত কৰাই নহয়, তেওঁলোকে নিজৰ নেট ৰান ৰেটকো ক্ষতিগ্ৰস্ত কৰে ৷
ইতিমধ্যে বৰ্ষাবিঘ্নিত মেচখনত লক্ষ্ণৌ দলে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 215 ৰাণৰ লক্ষ্য বান্ধি দিছে ৷ টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় লক্ষ্ণৌ দলে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি এল এছ জিয়ে নিৰ্ধাৰিত 20 অভাৰত 6 টা উইকেট হেৰুৱাই নিকোলাছ পুৰাণৰ বিস্ফোৰক বেটিঙৰ সহায়ত সংগ্ৰহ কৰে 214 ৰাণ ৷
পুৰাণে মাত্ৰ 29 টা বলতে 8 টা ছয় আৰু 5 টা চাৰিৰ সহায়ত 75 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে ৷ অধিনায় কে এল ৰাহুলে 55 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ মাৰ্কাচ ষ্টইনিচে 28 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে আয়ুস বাদনীয়ে 22 ৰাণত অপৰাজিত হৈ থাকে ৷ মুম্বাইৰ হৈ টি থুচাৰা আৰু পীয়ুষ চাওলাই 3 টাকৈ উইকেট দখল কৰে ৷ উল্লেখ্য যে, দুয়োটা দলেই আজি চলিত সংস্কৰণৰ আই পি এলৰ অন্তিমখন মেচ খেলিছে ৷ ইতিমধ্যে মুম্বাই দলে নিজৰ ইনিংছ আৰম্ভ কৰিছে যদিও বৰষুণৰ বাবে মেচখন সাময়িকভাৱে স্থগিত ৰখা হৈছে ৷
পৰিসংখ্যাৰ কথা ক’বলৈ গ’লে দুয়োটা দলৰ মাজত 5 খন মেচ অনুষ্ঠিত হৈছে ৷ এই সময়ছোৱাত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে 4 বাৰ জয়লাভ কৰিছে ৷ একে সময়তে মুম্বাই ইণ্ডিয়ানে মাত্ৰ এবাৰহে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷ এই ছিজনত দুয়োটা দলৰ মাজত খেলা একমাত্ৰ মেচখনত লক্ষ্ণৌৱে জয়লাভ কৰিছিল ৷ অৱশ্যে আজিৰ খেলখন মুম্বাই ইণ্ডিয়ানছৰ ঘৰুৱা খেলপথাৰ ৱাংখেড়ে ষ্টেডিয়ামত, য’ত তেওঁলোকক পৰাস্ত কৰাটো সহজ নহ’ব ৷
লগতে পঢ়ক :চিএছকেৰ বেটিং প্ৰশিক্ষক মাইকেল হাছিৰ মতে আৰু দুবছৰলৈ খেলিব পাৰিব ধোনীয়ে - Hussey On Dhoni Retirement
লগতে পঢ়ক :কামাখ্যা ধামত সেৱা ল’লে দক্ষিণ আফ্ৰিকাৰ তাৰকা ক্ৰিকেটাৰ কেশৱ মহাৰাজে - Keshav Maharaj Visits Kamakhya