নিউজ ডেস্ক, ৩০ মাৰ্চ: মাদ্ৰিদ স্পেইন মাষ্টাৰ্ছ ছুপাৰ ৩০০ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হ’ল ভাৰতৰ পিভি সিন্ধু । কঠিন প্ৰত্যাহ্বান দাঙি ধৰিলেও ভাৰতীয় ছাটলাৰগৰাকীয়ে শুকুৰবাৰে থাইলেণ্ডৰ সুপানীদা কেথঙৰ বিৰুদ্ধে পৰাজয় বৰণ কৰে । যোৱা বছৰ এই প্ৰতিযোগিতাখনৰ ৰানাৰ্ছ আপ আছিল সিন্ধু । তেওঁ প্ৰথমখন খেলতে বহু গেম পইণ্ট ৰক্ষা কৰিছিল যদিও ইয়াৰ পিচতো থাইলেণ্ডৰ ষষ্ঠ স্থানৰ খেলুৱৈগৰাকীৰ হাতত ২৪-২৬, ২১-১৭, ২২-২০ চেটত পৰাস্ত হয় ।
স্পেইনৰ কেৰ’লিনা মেৰিনে প্ৰত্যাহাৰৰ পিচত খিতাপৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হোৱা দুবাৰৰ অলিম্পিক পদক বিজয়ী সিন্ধুৱে অৱশেষত ধৈৰ্য্য হেৰুৱাই ক’ৰ্টত নিজৰ ৰেকেটেৰে আঘাত কৰে, যাৰ বাবে চেয়াৰ আম্পায়াৰে তেওঁক হালধীয়া কাৰ্ড দেখুৱায় । অসদাচাৰণৰ বাবে সতৰ্কবাণী দিবলৈ হালধীয়া কাৰ্ড দিয়া হয় ।
ভাৰতীয় এন চিকি ৰেড্ডী আৰু বি সুমিত ৰেড্ডীৰ যুটিয়ে চতুৰ্থ স্থানৰ ইণ্ডোনেছিয়ান যুটি ৰেহান নোফাল কুছাৰজাণ্টো আৰু লিজা আয়ু কুসুমৱতীক ১৪-২১ ২১-১১ ২১-১৭ ছেটত পৰাস্ত কৰি মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে ।
তৃতীয় স্থানৰ মহিলা ডাবলছ যুটি তানিছা ক্ৰাষ্টো আৰু অশ্বিনী পন্নাপ্পাই অৱশ্যে কোৱাৰ্টাৰ ফাইনেলত ষষ্ঠ স্থানৰ চাইনীজ টাইপেই যুটি লি চিয়া ছিন আৰু টেং চুন ছানৰ বিৰুদ্ধে ১৩-২১ ১৯-২১ ছেটত পৰাস্ত হয় । বিশ্বৰ ১৭ নম্বৰ সুপানীদাৰ বিৰুদ্ধে আঠখন খেলৰ ভিতৰত ৫ খন মেচত জয়ী হোৱাৰ লগতে বিগত দুবছৰত দুয়োগৰাকী খেলুৱৈৰ মাজত কিছু ৰোমাঞ্চকৰ মেচ খেলিছে ।