অসম

assam

ETV Bharat / sports

কিৰণ জৰ্জৰ দুৰ্দান্ত প্ৰদৰ্শন, কোৰিয়া মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ - KOREA MASTERS SUPER 300

Kiran George: ভাৰতৰ যুৱ শ্বাটলাৰ কিৰণ জৰ্জে দৰ্শনীয় প্ৰদৰ্শনেৰে কোৰিয়া মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে । পঢ়ক সম্পূৰ্ণ খবৰ...

korea masters super 300
কিৰণ জৰ্জ (AFP Photo)

By ETV Bharat Sports Team

Published : Nov 7, 2024, 7:53 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰতৰ কিৰণ জৰ্জৰ পুনৰবাৰ দুৰ্দান্ত প্ৰদৰ্শন ৷ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ একক শাখাত বৃহস্পতিবাৰে চীনা টাইপেইৰ তৃতীয় ছিড চি ইউ জেনক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত উপনীত হয় ।

কিৰণ জৰ্জ কোৰিয়া মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলত

দ্বিতীয় ৰাউণ্ডৰ খেলখনত 24 বছৰীয়া ভাৰতীয় কিৰণে চীনা টাইপেইৰ বিশ্বৰ 31 নম্বৰ স্থানৰ খেলুৱৈগৰাকীক 21-17, 19-21 আৰু 21-17 ছেটত পৰাস্ত কৰে । পঞ্চম ছিড জাপানৰ টাকুমা ওবায়াছিৰ সৈতে কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ’ব বিশ্বৰ 44 নম্বৰ স্থানৰ ভাৰতীয় খেলুৱৈগৰাকী ।

চীনৰ চি য়ু জেন পৰাজিত

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা একমাত্ৰ ভাৰতীয় কিৰণে মেচখনত সন্তোষজনক আৰম্ভণি কৰি চীনা টাইপেইৰ খেলুৱৈগৰাকীৰ বিৰুদ্ধে অগ্ৰগতি বজাই ৰাখি প্ৰথমটো ছেটত জয়লাভ কৰে ৷ দ্বিতীয় ছেটতো কিৰণে ভাল আৰম্ভণি কৰি অগ্ৰগতি লাভ কৰে যদিও জেনে প্ৰত্যাৱৰ্তন কৰি 1-1 ছেটত সমতা স্থাপন কৰে ৷

তৃতীয় আৰু নিৰ্ণায়ক ছেটটোত কিৰণে 8-2 ব্যৱধানত শক্তিশালী অগ্ৰগতি লাভ কৰে যদিও জেনে পুনৰ উভতি আহি 14-14 আৰু তাৰ পিছত 17-17 পইণ্টত সমতা স্থাপন কৰে । অৱশ্যে ভাৰতীয় খেলুৱৈগৰাকীয়ে ইয়াৰ পিছত প্ৰত্যাৱৰ্তন কৰি ছেটতো দখল কৰি মেচখনত জয়লাভ কৰে ৷

ইয়াৰ পূৰ্বে কিৰণ জৰ্জে প্ৰাৰম্ভিক ৰাউণ্ডত ভিয়েটনামৰ নুয়েন হাই ডাঙক 15-21, 21-12, 21-15 ছেটত পৰাস্ত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল । ভাৰতৰ আয়ুষ শেট্টী (পুৰুষৰ একক) আৰু ইমাদ ফাৰুকী ছামিয়াও (মহিলা একক) প্ৰতিযোগিতাখনৰ প্ৰৱেশ তালিকাত আছিল যদিও দুয়োগৰাকীয়ে অন্তিম মুহূৰ্তত নিজৰ নাম প্ৰত্যাহাৰ কৰে ।

লগতে পঢ়ক:আমেৰিকাত ট্ৰাম্পৰ জয়ৰ কাৰণ হৈছে এম এছ ধোনী ! ভাইৰেল হৈ পৰিছে মিম

ABOUT THE AUTHOR

...view details