অসম

assam

ETV Bharat / sports

শীতত ফুটবলৰ উন্মাদনা; বিজয়ীৰ খিতাপ দখল খোৱাং আঠাবাৰী ফুটবল দলৰ - FOOTBALL TOURNAMENT IN DIBRUGARH

শীত নেওচি ফুটবল খেল উপভোগ সহস্ৰাধিক ৰাইজৰ ৷ ড° ভূপেন হাজৰিকাৰ সোঁ‌ৱৰণী নৱম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাত বিজয়ীৰ খিতাপ দখল খোৱাং আঠাবাৰী ফুটবল দলৰ ৷

FOOTBALL TOURNAMENT IN DIBRUGARH
ড° ভূপেন হাজৰিকাৰ সোঁ‌ৱৰণী নৱম বাৰ্ষিক ফুটবল প্ৰতিযোগিতা (ETV Bharat Assam)

By ETV Bharat Sports Team

Published : Dec 15, 2024, 1:35 PM IST

স্প’ৰ্টছ ডেস্ক:শীতৰ এটি নিশা আৰু এখন ফুটবল মেচ, হয়তো ইয়াতকৈ ভাল কম্বিনেচন আৰু নোলাব ৷ শীতক নেওচি ফুটবলৰ উন্মাদনাত শনিবাৰৰ নিশা বিলীন হ'ল মৰাণ ।

দুভৰিৰ যাদু চাবলৈ হাড় কঁপোৱা শীতকো নেওচি ওলাই আহিল হাজাৰ হাজাৰ ৰাইজ । কিয়নো ড৹ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত ডিব্ৰুগড়ৰ তিলৈ হাইস্কুল খেলপথাৰত শনিবাৰে নিশা অনুষ্ঠিত হৈছিল নৱম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন ।

শীতত ফুটবলৰ উন্মাদনা (ETV Bharat Assam)

17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ 26 টা ফুটবল দলে অংশগ্ৰহণ কৰে ৷ এই প্ৰতিযোগিতাৰ ফাইনেল মেচখন অনুষ্ঠিত হয় খোৱাং আঠাবাৰী আৰু মৰাণ ফুটবল একাডেমীৰ ফুটবল দল দুটাৰ মাজত ।

বিধায়ক চক্ৰধৰ গগৈয়ে মুকলি কৰা চূড়ান্ত খেলখনত দুয়োটা দলে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই যদিও আঠাবাৰী ফুটবল দলৰ হৈ অমৰ কছাৰীয়ে খেলৰ 22 মিনিটত এটা গ’ল প্ৰদান কৰি দলৰ অগ্ৰগতিক অৰিহণা যোগায় ৷ আনহাতে, খেলৰ 24 মিনিটত মৰাণ ফুটবল একাডেমীৰ হৈ দেৱজিত গগৈয়ে আন এটা গ’ল প্ৰদান কৰি 1-1 ৰ সমতা স্থাপন কৰে ৷ ইয়াৰ পিছত কোনো এটা দলে গ’ল প্ৰদান কৰিবলৈ সক্ষম নহ’ল ৷

টাইব্ৰেকাৰ পদ্ধতিৰে খেলৰ ফলাফল নিৰ্ণয় (ETV Bharat Assam)

অৱশেষত টাইব্ৰেকাৰ পদ্ধতিৰে খোৱাং আঠাবাৰী ফুটবল দলে মৰাণ ফুটবল একাডেমীৰ দলটোক 4-5 গ'লত পৰাস্ত কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰে । জিলাখনত ক্ৰীড়াৰ এক সুন্দৰ পৰিৱেশ গঢ়িবলৈ বিগত কেইবছৰমানৰে পৰা ড৹ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিয়ে অনুষ্ঠিত কৰি আহিছে এই ফুটবল প্রতিযোগিতা ৷

খেল মুকলি কৰি খোৱাং সমষ্টিৰ বিধায়ক গগৈয়ে এনেদৰে কয়, "ড৹ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা এখন সুন্দৰ খেল উপভোগ কৰিবলৈ পাই আনন্দিত হৈছো । উদ্যোক্তাসকলে ভূপেন হাজৰিকাৰ নামটো জীয়াই ৰাখিবলৈ ক্ৰীড়া ক্ষেত্ৰখনৰ জৰিয়তে গ্ৰামাঞ্চল, বাগিচা অঞ্চলত বিয়পি থকা নতুন প্ৰজন্মৰ খেলুৱৈসকলক উলিয়াই আনিবলৈ যি ব্যৱস্থা কৰিলে, তাৰবাবে উদ্যোক্তাসকলক ধন্যবাদ জনাইছো । এই প্ৰতিযোগিতাৰ পৰা অনাগত দিনত ভাল ভাল খেলুৱৈ ওলাই আহিব আৰু ক্ৰীড়াক্ষেত্ৰখনত আগুৱাই যাবলৈ সুযোগ লাভ কৰিব" ৷

খোৱাং আঠাবাৰী ফুটবল দললৈ বিজয়ী দলৰ সন্মান (ETV Bharat Assam)

"তিলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সুৰক্ষিত ভূমিত যি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপনৰ কাম কৰা হৈছে, তাৰবাবে পূৰ্বে 3 লাখ টকা প্ৰদান কৰাৰ পাছতেই পুনৰ 12 লাখ টকা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ স্থানত পকী দেৱাল নিৰ্মাণ কৰাৰ বাবে প্ৰদান কৰা হৈছে । খুব কম সময়ৰ ভিতৰত তিলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সুৰক্ষিত ভূমিত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপন কৰা স্থানত এক সুন্দৰ পৰিৱেশ গঢ়ি উঠিব" বুলি বিধায়কগৰাকীয়ে লগতে কয় ৷

লগতে পঢ়ক:সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই অসম-নাগালেণ্ড সীমান্তত অনুষ্ঠিত বন্ধুত্বমূলক ভলীবল খেল

ABOUT THE AUTHOR

...view details