স্প’ৰ্টছ ডেস্ক:দেওবাৰে আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ হিচাপে জয় শ্বাহে গ্ৰহণ কৰে কাৰ্যভাৰ । 2020 চনৰ নৱেম্বৰৰ পৰা এই পদত কাম কৰি অহা গ্ৰেগ বাৰ্কলীৰ উত্তৰাধিকাৰী হ’ব বি চি চি আইৰ প্ৰাক্তন সচিবগৰাকী ।
আই চি চিৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি দিয়া ভাষণত জয় শ্বাহে লছ এঞ্জেলছত 2028 চনত অনুষ্ঠিত হ’বলগা অলিম্পিক গেমছত ক্ৰিকেটৰ অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
লগতে পঢ়ক:আই চি চি ৰ অধ্যক্ষ জয় শ্বাহৰ দৰমহা কিমান ? জানিলে আচৰিত হৈ পৰিব আপুনি - ICC CHAIRMAN JAY SHAH SALARY
"আই চি চিৰ অধ্যক্ষৰ ভূমিকা গ্ৰহণ কৰি মই সন্মানিত হৈছো আৰু আই চি চিৰ সঞ্চালক আৰু সদস্য ব'ৰ্ডৰ সমৰ্থন আৰু আস্থাৰ বাবে কৃতজ্ঞ । আমি লছ এঞ্জেলছ 28 অলিম্পিক গেমছৰ বাবে প্ৰস্তুতি চলাইছো আৰু ক্ৰিকেটক অধিক সৰ্বাংগীণ কৰি তোলাৰ বাবে কাম কৰিছো" বুলি শ্বাহে কয় ৷
লগতে কয় যে, "ক্ৰিকেটক বিশ্বজুৰি অনুৰাগীসকলৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ ক্ষেত্ৰতো কাম অব্যাহত ৰাখিছো ৷ আমি একাধিক ফৰ্মেটৰ সৈতে মহিলা ক্ৰিকেটৰ সীমা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ সৈতে এক জটিল সন্ধিক্ষণত আছো ৷ বিশ্বজুৰি ক্ৰিকেটৰ অপৰিসীম সম্ভাৱনা আছে আৰু মই আই চি চিৰ দল আৰু সদস্য দেশসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি এই সুযোগসমূহ গ্ৰহণ কৰি খেলবিধক নতুন শিখৰলৈ লৈ যাবলৈ আগ্ৰহী" ৷